খেলুৱা স্বাস্হ্যকেন্দ্ৰৰ স্বাস্হ্যকৰ্মীৰ সৈতে বাৰ্তালাপ

বৰ্তমানৰ প্ৰেক্ষাপটত COVID-19 ৰ ভয়াৱহতা তথা আতংকই সমগ্ৰ বিশ্বকে গ্ৰাস কৰিবলৈ ধৰাত বিশ্বৰ আন বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো প্ৰতি সুৰক্ষাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মেই কাৰ্য্যক্ষেত্ৰত নামি পৰা স্বাস্হ্যকৰ্মীসকলৰ ভিতৰত অসমৰ খেলুৱা প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত লংকাক গোঁহাই গাওঁ উপস্বাস্হ্য কেন্দ্ৰৰ অন্তৰ্গত ঢেকেৰী গাঁৱৰ আশা চুপাৰভাইজাৰ শ্ৰীমতী অৰ্চনা বৰদলৈ আৰু আশা কৰ্মী শ্ৰীমতী ৰশ্মিতা গগৈয়ে COVID-19 সম্পৰ্কে তেওঁলোকৰ মতামত দাঙি ধৰে আৰু তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে এনেদৰে-

নমস্কাৰ বাইদেউ!

নমস্কাৰ!

বৰ্তমান সময়ত আশাকৰ্মীসকলৰ ভূমিকা সম্পৰ্কে অলপ কওকচোন।

আশাৰ ভূমিকা বুলি কলে আমি বুজো যে সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত এগৰাকী মহিলাই নিজ এলেকাত থকা গৃহ পৰিদৰ্শন, গাওঁ স্বাস্হ্য দিৱস, গাওঁ স্বাস্হ্য ও অনাময় কমিটি গঠন, উন্নত ধৰণৰ চিকিৎসা সেৱাৰ কথা লোকসকলক অৱগত কৰিব লাগে। মুঠৰ ওপৰত এখন সুস্হ সমাজ গঠন কৰাৰ ক্ষেত্ৰত আশাকৰ্মীসকলে বিশেষ প্ৰচেষ্টা আগবঢ়ায়।

পৰিয়াল সমূহৰ সৈতে কিদৰে যোগাযোগ কৰে ?

সাধাৰণতে খোজকাঢ়িয়ে গৃহ পৰিদৰ্শন কৰা হয় যদিও এটা বৃহৎ এলেকা হ’লে দুই এক যান বাহনৰ জৰিয়তে পৰিয়ালসমূহৰ সৈতে যোগাযোগ ৰাখোঁ। লাগতিয়াল চেনিটাইজাৰ আৰু মাস্ক লগত থকাৰ উপৰিও এবাৰ গৃহ পৰিদৰ্শন কৰাৰ পিছত বিশেষ অসুবিধা হ’লে মোবাইল ফোনৰ জৰিয়তে খবৰ লৈ থাকোঁ।

সংক্ৰমণ শংকা ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্হা অৱলম্বন কৰা হয় আৰু পৰিয়ালসমূহক কেনেধৰণৰ দিহা পৰামৰ্শ দিয়া হয় ?

সংক্ৰমণ শংকা ৰোধৰ ক্ষেত্ৰত হেণ্ড চেনিটাইজাৰ, মাস্ক, হেণ্ড গ্ল’ভ আদিৰ লগতে সামাজিক দূৰত্ব, জনসমাগমৰ পৰা দূৰত থকা আদিবিলাক মানি চলাটো প্ৰয়োজনীয়। নিজৰ লগতে আনকো সতৰ্ক ৰাখি সংক্ৰমণ শংকাবোৰ ৰোধ কৰিব পাৰি। এনেদৰেই সামাজিক দূৰত্ব, পৰিস্কাৰ পৰিচ্ছন্নতা, জনসমাগমৰ পৰা দূৰত্ব বজাই ৰখা আদিবিলাকৰ লগতে পৰিয়ালৰ কাৰোবাৰ কিবা অসুখ হ’লে বা COVID-19 সংক্ৰমণৰ লক্ষণসমূহ দেখা পালে ততালিকে ওচৰৰ স্বাস্হ্যকেন্দ্ৰত খবৰ দিবলৈ অনুৰোধ জনোৱা হয় আৰু ভয় নিয়ন্ত্ৰণ কৰিবলৈও পৰামৰ্শ দিয়া হয়।

গৃহ পৰিদৰ্শনৰ সময়চোৱাত কেনেধৰণৰ অসুবিধাৰ সম্মুখীন হব লগা হয় ?

অসুবিধা হয়। প্ৰায় মানুহেই স্বাস্হ্যৰ লগত জড়িত কথাবোৰ মানিবলৈ টান পায়। আমাৰ কথাত প্ৰথমে বিশ্বাসেই নকৰে। বহু সময় বুজোৱাৰ পিছতো হয়তো দুই একেহে বুজি পায়। অন্ধবিশ্বাসমূহেও মাজে মাজে অলপ অসুবিধা দিয়ে। বিশেষকৈ COVID-19 ৰ কথা কবলৈ গলে তেওঁলোকৰো হব বুলি ভয়তে একো নকবলৈ কয়। তথাপি আমি আমাৰ কবলগীয়াখিনি কৈ বুজাই থৈ আহোঁ আৰু খবৰ লৈ থাকোঁ।

আপোনালোকক এই কাৰ্য্যৰ বাবে কোনোধৰণৰ চৰকাৰী প্ৰশিক্ষণ দিয়া হৈছে নেকি ? মতামত জনাই যেন-

হৈছে। ট্ৰেইনিঙত সাৱধানতা সম্পৰ্কীয় কথা আৰু আমাৰ কৰণীয় খিনি শিকোৱা হয়।

চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা মাস্ক, চেনিটাইজাৰ আদিবিলাক লাভ আৰু ব্যৱহাৰ কৰিছেনে ?

চৰকাৰে এইকেইপদ বস্তু দিছে বিনামূলীয়াকৈ। আমিও মাস্ক পালো। হয়তো বিশেষ অসুবিধাৰ বাবে চেনিটাইজাৰ এতিয়ালৈকে পোৱা নাই। তথাপিতো হেণ্ড ৱাছ আমাৰ লগতে থাকে আৰু ঘৰতে নিৰ্মাণ কৰা চেনিটাইজাৰো ব্যৱহাৰ কৰোঁ।

আপোনালোকে গৃহ পৰিদৰ্শন কৰা পৰিয়ালসমূহত COVID-19 পজিটিভ পোৱা বা তেনেধৰণৰ সম্ভাৱনা থকা ব্যক্তি পাইছেনে ?

নাই, বৰ্তমানলৈ তেনে কোনো ব্যক্তি পোৱা নাই।

সমাজৰ এগৰাকী সচেতন নাৰী হিচাপে বৰ্তমানৰ পৰিস্হিতিত কেনেধৰণৰ কাৰ্য্যপন্থা হাতত লোৱা উচিত বুলি ভাবে ?

ভাৰত চৰকাৰে লোৱা LOCKDOWN ৰ পদক্ষেপটি ভাল বুলি মই গণ্য কৰোঁ। ভাৰত চৰকাৰৰ তথা অসম চৰকাৰৰ কাৰ্য্যপন্থাসমূহত আমি সন্মত আৰু সহযোগ কৰোঁ। কিয়নো এই দুৰ্দিনৰ সময়ত এয়াই একমাত্ৰ প্ৰতিৰক্ষাৰ ব্যৱস্হা। LOCKD0WN খোলাৰ পিছতো এই পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সাৱধানতা অৱলম্বন কৰি থকাটো উচিত আৰু চৰকাৰৰ এই কাৰ্য্যত সমগ্ৰ ভাৰতবাসীয়ে একমত তথা সহযোগ প্ৰকাশ কৰিব লাগে।

আপোনাৰ মতে এটা সুস্বাস্হ্যকৰ পৰিৱেশৰ বাবে কেনেকুৱা বাতাবৰণৰ প্ৰয়োজন ?

পৰিস্কাৰ পৰিচ্ছন্নতাকে মুখ্য কৰি সুখাদ্য, সুস্বাস্হ্য, সুবস্ত্ৰ, সু-বাসস্হান আদিত গুৰুত্ব প্ৰদানেৰে শাৰীৰিক ব্যায়াম নতুবা কাম কাজৰ জৰিয়তে সুস্হ মন আৰু এটা সুস্হ শৰীৰ পাব পাৰি আৰু সকলোৰে মন সুস্হ হ’লে এটা সুস্হ পৰিৱেশ গঢ় লৈ উঠিব।

সমগ্ৰ বিশ্বৰ এই সংকটৰ সময়ত COVID-19 ৰ বিষয়ে আপোনাৰ মতামত দিয়ক-

আমি ভাবোঁ যে চৰকাৰী নীতি নিয়মৰ লগতে সকলো সাৱধানতা অৱলম্বন কৰিব লাগে। সহায় সহযোগিতাৰে আগবাঢ়িলেহে COVID-19 ৰ সন্ত্ৰাস শেষ হ’ব।
স্বাস্হ্যকৰ্মী গৰাকীৰ সৈতে কৰা বাৰ্তালাপৰ জৰিয়তে সমাজৰ স্বাস্হ্যকৰ্মী এচামলৈ প্ৰেৰণা আৰু জনসাধাৰণলৈ কিছুমান বিশেষ বাৰ্তা প্ৰকাশ পালে। শেষত স্বাস্হ্যকৰ্মী এগৰাকীয়ে কয়, “সকলোৱে ঘৰতে সাৱধানে থাকি সুস্হ থকাটোৱেই কামনা কৰোঁ।”

Comments

Be the first to comment on this article

    Leave a Reply

    Your email address will not be published. Required fields are marked *


    SUBSCRIBE TO OUR NEWSLETTER


    ওপৰলৈ যাওক