আমাৰ বিষয়ে

যুৱ সাংবাদিক কোনসকল ?

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে এই কথাত বিশ্বাস কৰে যে পৰিবৰ্তনৰ বাবে কিশোৰ আৰু যুৱশক্তি শক্তিশালী অনুঘটকৰ লগতে অংশীদাৰো ৷ তেওঁলোকে শিশুৰ অধিকাৰৰ দৰে প্ৰসংগত সমৰ্থন কৰাৰ লগতে পৃষ্ঠপোষকতাও আগবঢ়াব পাৰে ৷ সেয়ে ইউনিছেফৰ কাৰিকৰী সহযোগিতাৰ আধাৰত বিশ্ববিদ্যালয়খনে ৰাজ্যৰ দহ জিলাৰ যুৱ সাংবাদিকৰ এটা নেটৱৰ্ক গঢ়ি তোলাৰ লগতে তেওঁলোকক উদগণি যোগোৱাৰ বাবে ২০১৩ চনৰ পৰাই কাম কৰি আহিছে ৷

যুৱ সাংবাদিকৰ এই আচঁনি কিশোৰসকলৰ যোগাযোগ ক্ষেত্ৰখনৰ লগতে ফট’গ্ৰাফী, চিত্ৰায়ণ আদি বিষয়ত প্ৰভূত সহায়ক হৈছে যিটোৱে কাৰ্যবাহী চৰকাৰী বিষয়া আৰু লক্ষ্য নিৰ্ধাৰিত অংশটোৰ মাজত অধিকাৰ আৰু অন্যান্য ইছ্যুৰ সমাধানৰ ক্ষেত্ৰত সবল ভূমিকা লোৱাত সহায়ক হৈছে ৷ এই আঁচনিৰ আধাৰতে মুক্ত আকাশ নামৰ সংবাদপত্ৰ প্ৰকাশ কৰি প্ৰতিটো উন্নয়ন খণ্ডৰ যথাস্থানত প্ৰচাৰ কৰি অহা হৈছে ৷

এই ভূমিকাৰে যুৱ সাংবাদিকসকলে আজি জিলা আৰু ৰাজ্যৰ বিভিন্ন স্তৰত মূলসুঁতিৰ সংবাদমাধ্যমৰ জ্যেষ্ঠসকলৰ লগতে , পঞ্চায়ত, চৰকাৰী দপ্তৰ, উপায়ুক্তসকলৰ নিজৰ সমান্তৰালভাৱে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ যুক্তিপূৰ্ণ স্থিতিক আগবঢ়াই দিছে ৷

মুক্ত আকাশ হৈছে যুৱ সংবাদকসকলে যুগুতোৱা মাহেকীয়া সংবাদপত্ৰ ৷ ইয়াৰ ছপা সংস্কৰণ জিলা ভিত্তিত বিভিন্ন বিদ্যালয়ত বিতৰণ কৰা হয় য’ত জিলা উপায়ুক্তৰ দৰে চৰকাৰী পদাধিকাৰীসকলেও সহায় কৰি আহিছে ৷২০১৯ বৰ্ষত অসম বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াই মুক্ত আকাশ কাকতখনৰ অনলাইন সংস্কৰণ মুকলি কৰে আৰু ই ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰসাৰণ ঘটিছে ৷


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক