SUBSCRIBE TO OUR NEWSLETTER
কবিতা
মই বন কৰা ছোৱালী
মোক কিন্তু পুৱা চাৰি বজাতে জগাই দিয়া
মোৰ বৰ টোপনি ধৰে,
কিন্তু তোমালোকে উঠাৰ আগে
অৰ্থাৎ সাত বজাৰ ভিতৰত
মই পুৱাৰ কামবোৰ কৰি শেষ কৰিব লাগে।
তাকে নকৰিলে পিঠিত পৰিব লাঠিৰ কোব
দিনৰ বাৰ বজাত
তোমালোকে খোৱাৰ পাছত
মই যি থাকে তাকেই খাওঁ,
ৰাতি ১১ বজাত বিছনালে যাওঁ
এনেদৰেই চলি থাকে মোৰ ৰাতিলৈ দৈনিক কাৰ্য্যসূচী।
মই এজনী ১১ বছৰীয়া বনকৰা ছোৱালী।
নাম- চনিয়া হাঁছা
নিয়ৰ মনা দিহিঙীয়া
ধেমাজি চি.পি)
শিশু শ্ৰমিক
দেশৰ ধৰণী আমি শিশু অকণমানি
কণমানি বয়সতে কৰিছোহি কাম
পঢ়া শুনা সকলো এৰি
যিটো সময়ত আমি গুৰুত্ব দিব লাগে
পঢ়াশুনাৰ ওপৰত
সেই সময়ত আমি নিয়োজিত হৈছো আনৰ ঘৰত
এজন শিশু শ্ৰমিকৰ ৰূপত।
বহুতৰ ঘৰত আমি শুনো গালি শপনি
কোনেও কিন্তু নুবুজে আমাৰ এই বিননি।
তথাপিও আমি সহিছো,
কাৰণ এই কাম কৰিয়েই যে আমি জীয়াই আছো।
বহুতৰ ঘৰত সৰু সৰু কথাতে
আমাক কৰে অত্যাচাৰ নানা,
আমাৰ দৰে শিশুবোৰৰ ওপৰত ভগৱানৰ যে কি লীলা।
এই ধুনীয়া পৃথিৱীখন উপভোগ কৰাৰ সুখ
আমাক ভগৱানে নিদিলে
কেৱল আমাৰ চাৰিওফালে ভৰাই পেলালে আন্ধাৰেৰে।
সাগৰৰ উৰ্মিমালাই যেনেকৈ সাগৰৰ বস্তুবোৰ আনি
সাগৰৰ পাৰত পেলাই
তেনেকৈ আমাকো অলাগতিয়াল হোৱাৰ পাছত
ঘৰৰ পৰা খেদি পঠিয়াই।
অসহায় হৈ আমি থাকো ৰাস্তাই ঘাটে পৰি
কিন্তু কোনেও আমাৰ ওপৰত অলপো দয়া নকৰেহি।
বহুতৰ বাবে আমি হৈছো সমাজৰ আৱৰ্জনা
তথাপিও ভগৱানে দয়া কৰি আমাক দিয়ে যেন সুখ
শেষত আমি কম বন্ধ কৰক এই শিশু শ্ৰমিক
সকলো শিশুকে চাওক সম দৃষ্টিৰে সমান বুলি ভাবি। লা।
নাম- চনিয়া হাঁছা
নন্দিতা গগৈ
১৪ বছৰ
ধেমাজি পি)
মৰমৰ আই
মৰমৰ আই অ মোৰ আই
জীৱনৰ লগৰী তুমিয়ে,
তুমি মোৰ সহাঁৰি আছিলা
যেতিয়া মই সৰু আছিলোঁ।
তুমি মোক তুলি-তালি কৰিলা ডাঙৰ,
ইমান ধুনীয়া জগতখন
তুমিয়ে মোক দেখুৱালা।
যেতিয়া মই কান্দিছিলো,
তুমিয়ে মোক হাঁহিবলৈ শিকাইছিলা,
সকলোবোৰ সুখ তুমিয়ে মোক দিলা।
মৰমৰ আই, অ মোৰ আই!
কিনো বিচাৰিম তোমাক
তুমি মোক এই ধুনীয়া
পৃথিৱীখনেই চোন দেখুৱালা।
নাম- চনিয়া হাঁছা
বয়স- ১৬ বছৰ
বকপৰা চাহ বাগিচা
জিলা- দিব্ৰুগড় (বি.চি.পি)
মোৰ সপোন
মা, অ মা, মা অ!
কিয় কৰিছা মোৰ লগত এনে
কিয় মা কিয়?
মই ছোৱালী, সেইবাবেই নেকি মা?
দাদাক উচ্চশিক্ষা প্ৰদান,
আৰু মোৰ বিয়াৰ যোগাৰ।
কিয় মা কিয়?
সোনকালে বিয়া দিয়াৰ কাৰণটো কি?
যৌতুকৰ চিন্তা নে
অন্য জাতিৰ লগত পলাই যোৱাৰ চিন্তা
পিছলৈ দৰা বিচাৰি নোপোৱাৰ চিন্তা
নে মোৰ বয়স বেছি হ’লে
সমাজে কিবা ক’ব,
তাৰ চিন্তাত নেকি মা?
মা মোৰ ডাক্তৰ হোৱাৰ সপোন
সপোন হায়েই থাকিব নেকি?
মই আত্মনিৰ্ভৰশীল নহৈ
আনৰ ওপৰত নিৰ্ভৰ কৰি
জীয়াই থাকিম নেকি?
মা মোক বিয়াৰ সলনি
এবাৰ সুযোগ দিয়ক ডাক্তৰ হ’বলৈ
মা! অ মা!
এয়াই মোৰ সপোন
নাম- শ্ৰীমতী চুহানী তাঁতি
নুমলীগড় চাহ বাগিচা
জিলা- গোলাঘাট (এবিটা)গৰ
এইখন আমাৰ দেশ
এইখন আমাৰ দেশ, আপোন আপোন লাগে
আমাৰ দেশ বুকুত আছে,
বহুতো জাতি-উপজাতি একেলগে থাকো
আমি মনৰ কথা পাতি।
এইখন আমাৰ দেশ, দেখিবলৈ ধুনীয়া
সুখ, দুখ, মৰম, চেনেহৰ মাজেৰে
আমি সকলোৰে সৈতে থাকি ভাল পাওঁ
আমাৰ ভাষা শুনিবলৈ সুৰীয়া
ক’বলৈ বৰ মিঠা
এইখন আমাৰ দেশ, আপোন আপোন লাগে
জীয়াই থকাৰ সপোন আমি
দেখো যুগে যুগে।
নাম- চনিয়া হাঁছা
বয়স- ১৬ বছৰ
বগপৰা চাহ বাগিচা
জিলা- জিব্ৰুগড় (বি.চি.পি)
মহামাৰী ক’ৰোণা
বন্ধ অসম বন্ধ কোঠা
সময় মাথো সজাগ হোৱা ।
কলি যুগৰ হ’ল সূচনা
মানৱজাতি ধ্বংসকাৰী ওলাল
ক’ভিড-১৯, ক’ৰোণা ।
হে জনগণ নহ’বা অবুজন
সমগ্ৰ বিশ্বত ভয়াবহতাৰ সন্ধিক্ষণ
মহামাৰী ক’ৰোণাৰ সংক্ৰমণ ।
সমগ্ৰ বিশ্বতে বহু লক্ষাধিক আক্ৰান্ত
চৌদিশে কেৱল মানুহৰ মৃত্যুৰ আতংক ।
হাত দুখন চাবোনেৰে সঘনাই ধোৱা
অসুস্হ ব্যক্তিৰ পৰা নিলগত ৰোৱা ।
ক’ৰোণা ভাইৰাচৰ পৰা সাৱধান হোৱা
লক্ষণবোৰ দেখা দিলে ডাক্তৰক জনোৱা ।
জনসমাগমৰ পৰা আঁতৰত থাকা
বাহিৰত ওলালে মুখত মাস্ক পিন্ধা ।
মানি চলি সকলো নিয়ম
ঘৰতে থাকি বচোৱা পৃথিৱীখনক ।
- শ্ৰী হীৰকজ্যোতি শৰ্মা
ৰামধেনু যুৱ সাংবাদিক গোট
সুযোগ
শ্ৰম কৰিবা
কিন্তু শিশু শ্ৰমিক নহ’বা
আমি হ’লো শিশু
আমাক জীয়াই থাকিবলৈ দিয়া।
সুযোগ দিয়া অংশ গ্ৰহণৰ
হ’ব বিকাশ প্ৰতিভাৰ,
গঢ়ি তুলিম মানৱ সম্পদ
মান ৰ’ব জননীৰ।
- ডলী দাস
সন্ধানী যুৱ সাংবাদিক দল
অসম দেশ
বাল্য বিবাহ, শিশু শ্ৰম
বিৰোধিতা কৰা
তেহে হ’ব অসমৰ
মান ৰক্ষা।
গঢ়ি তোলা অসম দেশ
সোণৰ দেশ হিচাপে
তেহে থাকিব আমাৰ নাম
অসমীয়া হিচাপে।
- কুঁহি বৰ্মন
নিউ ইয়ং ষ্টাৰ যুৱ সাংবাদিক দল