ক'ভিড-১৯ আৰু স্বাস্থ্যকৰ্মীসকলৰ তৎপৰতা

 বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ভাৰতৰ সকলো মানুহকে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ বিপৰীতে জৰুৰীকালীন বিভাগসমূহ, পুলিচ প্ৰশাসন, চিকিৎসা কৰ্মীসকলক দিনে ৰাতিয়ে ৰাইজৰ স্বাস্থ্য তথা নিৰাপত্তাৰ বাবে কামত লাগি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নিজৰ স্বাস্থ্য-নিৰাপত্তাৰ কথা নাভাবি এইসকল লোকৰ ভিতৰত চিকিৎসা কৰ্মীয়ে কিদৰেনো দায়িত্ব পালন কৰি আছে তাৰেই বুজ লবলৈ আমি কথা পাতিবলৈ শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত মিৰিচুতীয়া উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী শ্ৰীযুতা ৰীণা পাওগাম পায়েং বাইদেউ আৰু এএনএম মীৰা দাস নেওগ বাইদেউক লগ ধৰোতে তেওঁলোকে ইয়াৰ বিষয়ে আৰু সমস্যা সম্পৰ্কে আমাক অৱগত কৰে। নিৰ্দিষ্ট জনসমষ্টিৰ ওচৰলৈ যাওতে তেওঁলোকে মুখত মাস্ক, হাতত হাতমোজা, পৰিস্কাৰ কাপোৰ আৰু নিৰাপত্তাজনিত কাৰণত বিভিন্ন উপায় অৱলম্বন কৰি ৰাইজৰ স্বাস্থ্য সেৱাত স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ আগবঢ়োৱাৰ লগতে কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ জনতাৰ মাজত সজাগতাৰ বাবেও সভা সমিতি পাতিছে। তেওঁলোকে জানিবলৈ দিয়ে যে এতিয়াও বহু ঠাইৰ মানুহ এই বেমাৰৰ ভয়াবহতাৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে ঘৰতে থাকিবলৈ, পৰিৱেশ পৰিস্কাৰ কৰি ৰাখিবলৈ দোকান বা ৰাস্তাত ভিৰ নকৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশ তেওঁলোকৰ বহুতে পালন কৰিব নোখোজে। এনে পৰিস্থিতিত আশা কৰ্মীৰ পৰা চিকিৎসক সকলোলৈকে সকলোৱে ব্যৱস্থা লবলগীয়া হৈছে। বিশেষকৈ নিৰক্ষৰ জনসমষ্টি, যেনে - ইটা ভাটাৰ শ্ৰমিক, চাহ বাগিছাৰ শ্ৰমিক আদি বাস কৰা অঞ্চলসমূহত সজাগতা অভিযান তীব্ৰ কৰি তোলা হৈছে। এইক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে সোধাত তেখেতসকলে জানিবলৈ দিয়ে যে স্বাস্থ্য কৰ্মী দেখিলে বহু মানুহ আতৰি যোৱাও পৰিলক্ষিত হয়। লগতে বহুতে বুজি নাপায়। সেয়েহে স্বাস্থ্য কৰ্মীসকলৰ ওপৰত বিশেষ দায়িত্ব আহি পৰে। নিজতকৈও জনসাধাৰণক ৰক্ষা কৰাতোহে তেওঁলোকৰ বাবে ডাঙৰ কৰ্তব্য হৈ দেখা দিছে। শিশুসকলৰ ক্ষেত্ৰতো তেওঁলোকে সজাগ হোৱা পৰিলক্ষিত হৈছে । শেষত তেখেতসকলে ৰাইজক ঘৰৰ ভিতৰত সোমাই থাকি নিজৰ লগতে নিজৰ পৰিয়ালৰ সকলোকে সুৰক্ষিত কৰাৰ লগতে সজাগ-সচেতনতাৰে নিজৰ লগতে আনকো বচাবলৈ আহ্বান জনায়।

Comments

Be the first to comment on this article

    Leave a Reply

    Your email address will not be published. Required fields are marked *


    SUBSCRIBE TO OUR NEWSLETTER


    ওপৰলৈ যাওক