ঘৰতে থাকক, সুস্থ থাকক
বৰ্তমান সময়ত গোটেই বিশ্বজুৰি বিয়পি পৰা মাৰাত্মক মহামাৰী ৰোগ বিধেই হ’ল ক’ৰোণা। ই
সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সকলো মানুহ আতংকিত হৈ পৰিছে। ক’ৰোণা
বিধৰ জন্ম চীন দেশৰ য়ুহান নামৰ চহৰৰ পৰা। ক’ৰোণা হৈছে এবিধ ভাইৰাছ। ভাইৰাছ সমূহ খালি
চকুৰে মনিব নোৱাৰি। এই ভাইৰাছ এজন মানুহৰ পৰা আন এজন মানুহৰ সংস্পৰ্শলৈ আহিলে অতি সহজে
বিয়পিব পাৰে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ইতিমধ্যে বহুতো লোকৰ মৃত্যু হৈছে। এই ভাইৰাছৰ পৰা
হাত সাৰিবৰ বাবে মাথো কিছুমান নিয়ম মানি চলিব লাগিব। সেই নিয়মসমূহ হ’ল-
1. যিকোনো কাম কৰা হোৱাৰ পাছত চাবোন নাইবা চেনিটাইজাৰ ব্যৱহাৰ কৰি কমেও ২০
চেকেণ্ডলৈ ভালদৰে হাত ধুব লাগে।
2. কাহ বা হাঁচি মাৰিলে ৰুমালৰ ব্যৱহাৰ কৰিব লাগে।
3. কাহ, জ্বৰ হ’লে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে।
4. সামাজিক দুৰত্ব মানি চলিব লাগে।
বৰ্তমান সময়ত আমাৰ দেশৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ দেশতে
তলাবন্ধ দিছে। যাৰ কাৰণ হ’ল সামাজিক দুৰত্ব বজাই ৰখা। এই সময়ত সকলোৱে নিজকে ঘৰতে আবদ্ধ
কৰি ৰাখিছে। ফলত মানুহৰ মন অশান্ত হৈ পৰিছে। এই সময়ছোৱাত নিজৰ ভালপোৱা কামবোৰ কৰি সময়ৰ
সদ্ব্যৱহাৰ কৰিব লাগে। যেনে, কিতাপ পঢ়ি, গান গায়, চিত্ৰ আঁকি ইত্যাদি বোৰ কাম ঘৰতে
থাকি কৰি থাকিব লাগে। নিজৰ মনটোক সদায় প্ৰফুল্ল কৰি ৰাখিব লাগে। এই ক’ৰোণাৰ বিষয়ে ঘৰৰ
পৰিয়ালৰ সকলো সদস্যৰ লগত আলোচনা কৰা উচিত। ইয়াৰ বিষয়ে বহুতো ভুৱা বাতৰি বিভিন্ন মাধ্যমৰ
জৰিয়তে শুনিবলৈ পোৱা যায় সেয়ে যিকোনো ভুৱা বাতৰিত বিশ্বাস কৰিব নালাগে। ইয়াক লৈ মানুহৰ
মনত আতংকই বিৰাজ কৰিছে যদিও আতংকিত হ’ব নালাগে বৰং নিজকে আৰু অধিক সজাগ আৰু সচেতন কৰি
তুলিব লাগে। নিজৰ যত্ন নিজেই ৰাখি নিজকে সুস্থ কৰি ৰাখিব লাগে। নিজে সুস্হ থাকিলেহে
সকলো সুস্থ হ’ব পাৰিব। নিজৰ ঘৰখনৰ সমান কোনো সুৰক্ষিত স্থান নাই। সেয়ে ঘৰতে থাকক সুস্থ
থাকক।
Comments