কৰোনা মহামাৰী

 ডিব্ৰূগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ বগাদাত অঞ্চলৰ প্ৰায়সংখ্যক ৰাইজে কৰোনা মহামাৰীৰ এই সংকটৰ সময়ত মানিব লগীয়া সামাজিক নিয়মানুৱৰ্তিতা মানি নিজ কৰ্তব্যত মনোনিৱেশ কৰিছে। গাৱঁলীয়া চহা লোকসকলৰ সৰহ সংখ্যকৰে জীয়াই থকাৰ একমাত্ৰ সম্বল হ’ল কৃষি। গাৱঁৰ লোকসকলে অতীজৰে পৰা ধানখেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। বৰ্তমান দেশৰ তথা বিশ্বৰে পৰিস্থিতি অতি সংকটজনক। এই সময়ত ৰোৱনী সকলেও বৰ্তমান সময়ত জনসাধাৰণৰ মাজত থাকিবলগীয়া সামাজিক দূৰত্ব বজাই ৰাখি পথাৰত কঠিয়া ৰুইছে। কৃষকসকলেও ঠিক সেইঈদৰে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি নিজ কাৰ্য্যত মনোনিৱেশ কৰিছে। ইয়াৰ উপৰিও বৰ্তমান বানপানীয়ে কিছু অঞ্চল জলমগ্ন কৰি সমস্যাৰ সৃষ্টি কৰিছে। এনে সংকটৰ সময়ত সকলোৱে সামাজিক নিয়মানুৱৰ্তিতা মানি চলাটো প্ৰধান কৰ্তব্য হৈ পৰিছে। বৰ্তমান সকলোৱে সজাগ আৰু সচেতন হৈ কৰোনা মহামাৰীৰ পৰা বাচি থাকিবলৈ সঠিক পথ অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক