কৰোনা, পথাৰ আৰু পানী

 বছৰটোৰ আৰম্ভনিৰে পৰা মহামাৰী কৰোনাই বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বৰ মানৱজাতি আজি চিন্তিত। পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি দিশহাৰা হৈছে। চীন দেশৰ য়ুহান প্ৰদেশৰ পৰা বিয়পি পৰা ক’ভিড-১৯ নামৰ মহামাৰীয়ে মানৱজাতি তথা দেশৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ পথ দুৰ্বল কৰি তুলিছে। বহু দেশে ইয়াৰ বাবে চীনক দোষাৰোপ কৰিছে। এইয়া টীনৰ জৈৱিক অস্ত্ৰ হিচাপে অভিহিত কৰা দেখা গৈছে। মানৱজাতি তথাপিও বিচলিত হোৱা নাই। পৰিত্ৰাণৰ উপায়ৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। এই মাহামাৰী প্ৰতিহত কৰাৰ উপায় নিশ্চয় অতি সোনকোলেই উদ্ভাৱন হ’ব। সুদিন আৰু সুস্থিৰ পৰিৱেশ নিশ্চয় ঘূৰি আহিব।

 আমাৰ ভাৰতবৰ্ষৰ এখন খুদ্ৰ ৰাজ্য অসমৰ কাৰণে বানপানীৰ সমস্যা নতুন নহয়। প্ৰতি বছৰেই অতি চিনাকি সমস্যা বানপানীৰ কবলত পৰি ককবকাই থাকিব লগীয়া হয়। এইবাৰ কৰোনাৰ আতংকৰ লগতে সংযোগ ঘটিল বানৰ প্ৰলয়। ৰাজ্যৰ অন্য ঠাইৰ লগতে আমি বাস কৰা ডিব্ৰূগড় মহকুমাৰ অন্তৰ্গত দুৰণিবটীয়া গাওঁ সমূহৰ পৰিস্থিতি দেখিলে দুখ লাগে। আলি-পদূলি নথকা গোবাট কৰি সদৃশ বাটেৰে বোকা-পানী গছকি স্কুললৈ যোৱা, আধা বাটত জোতা-চেণ্ডেল খুলি ঘৰৰ পৰা ওলোৱা সোমোৱা অভ্যাস ভাতৰ লগত পানী খোৱা নিচিনা আমাৰ বাবে। সেয়া যিয়ে নহওঁক লাগে আমাৰ গাওঁৰ খেতিয়ক পৰিয়ালৰ অৱস্থা কেনেকুৱা হৈছে কবলৈ ওলাইছো। তলৰ ছবিখন চাওক-

 গঞা ৰাইজে কঠিয়া পাৰিছিল সোনগুটিৰ আশাত। এতিয়া শাওনত ৰোৱা-বোৱা সময়। কঠিয়া বোৰ পানীত বুৰ গ’ল। কঠিয়াৰ সঁচ বিচাৰি পুনৰ মাটি চহাই থোৱা মাটি এনেই পৰি আছে। পুনৰ কেতিয়া কঠিয়া পাৰিব কেতিয়া পাৰিব। ৰুব নোৱাৰিলে গঞা ৰাইজে কি খাই জিয়াই থাকিব। পথাৰেই আমাৰ জীৱন। পথাৰতেই নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা আমাৰ দৰে গাৱঁৰ দুখীয়ালোকৰ ওঁঠত এতিয়া হাঁহি নাই। সকলোৰে দুচকুত ভাহি উঠিছে বেদনাৰ চকুলো। উপায় নাই। এইয়া প্ৰকৃতিৰ উপহাস মহামাৰি কৰোনাৰ কাৰণে চীনক দোষাৰোপ কৰিব পৰা যায় কিন্তু প্ৰকৃতিক পাৰি জানো?


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক