বৃদ্ধি পাইছে দিখৌৰ জলপৃষ্ঠ

 সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত গেমন দলঙৰ সমীপৰ সেনছোৱা মথাউৰিয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহিছে দিখৌৰ জলপৃষ্ঠ। আহাৰমহীয়া প্ৰথমটো বানতেই মথাউৰিৰ ওপৰেদি বাগৰিছে। বাঢ়নি পানী, বছৰ-বছৰ ধৰি মেৰামতি বিহীন এই মথাউৰিটোৰ বাবেই বৃহত্তৰ শেনছোৱাবাসীয়ে এক আতংকিত জীৱন কটাবলগীয়া হৈছে। মথাউৰিৰ কেইবাটাও অংশৰে পানী বাগৰি মথাউৰিটোৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু লগতে আৱাসিক সকলৰ বাবেও বিপদ কঢ়িয়াই আনিছে। কেইবাটাও অংশৰ পৰা গৰাখহনীয়াৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো জলসম্পদ বিভাগে কোনো ধৰণৰ প্ৰতিৰোধমূলক আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

 দিখৌ নৈৰ বাঢ়নি পানীৰ বাবেই বানৰ ভূৰত শৱ দাহ কৰাৰ দৰে বেদনাদায়ক ঘটনাও সংঘটিত হৈছে। শেনছোৱা গাওঁৰ ৰাইজে উক্ত মথাউৰিটোৰ মেৰামতি কৰিবলৈ সংস্লিষ্ট বিভাগক অনুৰোধ জনাইছে। মথাউৰি ভাঙি গঞাৰ জীৱন সংকটপূৰ্ণ হোৱাৰ আগতেই মথাউৰিটোৰ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ লগতে চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰা হ’ল।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক