মেছাগড় অঞ্চলত বানপানী
শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জয়মতী গাওঁ পঞ্চায়তৰ আহাৰ মাহত দিমৌ আৰু দিমৌ নৈৰ
পানী বঢ়াৰ ফলত বানপানী হৈছে। এই বানপানীৰ ফলত মেছাগড় অঞ্চলৰ দিমৌকিনা, মাজৰ চুক,
আমকটীয়া অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমাইছে।
ইয়াৰ উপৰিও কৃষকসকলৰ শাক-পাচলি আৰু শালি ধানৰ কঠীয়া অনিষ্ট কৰি কৃষক সকলৰ মাজত
হাহাকাৰ সৃষ্টি কৰিছে। ফলত কৃষক সকলে পুনৰ কঠীয়া পাৰিব লগা হৈছে। উল্লেখযোগ্য যে
বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰাশ ৰ গোন্ধই পৰিৱেশ দূষিত কৰি অনাহাৰ অনিদ্ৰাত
ভূগি থকা মানুহৰ কলেৰা, টাইফয়েদ আদি বোমাৰত পোলোৱাৰ সম্ভাৱনা অধিক। এই সমস্যাটোৰ ওপৰত
উপযুক্ত ব্যৱস্থা নললে এনে ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। বানপানীৰ ক্ষতি সম্পৰ্কে
কৃষি বিভাগ আৰু গাওঁবুঢ়াৰ জৰিয়তে জৰীপ চলোৱা হয় বুলি আমি জানিব পাৰিছো। ইয়াৰ লগতে
কব খুজিছো, বান যোৱাৰ পিছতো যেন বৈদ্যুতিক তাঁৰ আদি কোনো কাৰণতে নোচোৱে যেতিয়ালৈ
বৈদ্যুতিক বিভাগৰ লোক আহি সেয়া সুৰক্ষিত বুলি ঘোষণা নকৰে। বানৰ পিছতডাঙৰক সহায় কৰিব
লাগে ঘৰখন চফা কৰিবলৈ আৰু কোনো ধৰণৰ উৱলি যোৱা বেৰা, দুৱাৰ, খিৰিকীৰ সৈতে খেলিব নালাগে,
পুখুৰী, নদী আদিতো সাতুঁৰিব নালাগে।
গতিকে, উক্ত সমস্যাটোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব দিবলৈ অনুৰোধ কৰিছো।