তিনিচুকীয়া কেইখনমান ঠাইৰ বান পৰিস্থিতি

 ২০২০ চনটো সচাঁকৈয়ে কালৰূপ ধৰিছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কিয়নো এফালে যদি কৰোনাই পৃথিৱী গ্ৰাস কৰিছে, আনফালে আকৌ বানপানীৰ ভয়ংকৰ ৰূপে ইতিমধ্যে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। আনফালে কোনোদিনে নোহোৱা তিনিচুকীয়া জিলাৰ মানখোৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰূপাই চাইডিংটো বানপানী হোৱাত ইয়াৰ জনসাধাৰণ ভৱিষ্যতৰ বাবে অজান বিপদৰ সম্মুখীন হ’ব বুলি কব পাৰি।

 ইতিমধ্যে দেশৰ বিভিন্ন ঠাইত হোৱা বানপানীৰ কালৰূপ বাতৰি কাকত, টিভিত প্ৰকাশ পাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মই কব বিচাৰো যে সাধাৰণতে আমি আমাৰ চাৰিওকাষটো ভালদৰে পৰিদৰ্শন কৰি নলা-নৰ্দমাবোৰত জমা হৈ থকা পানীবোৰ মুকলি কৰিবলৈ ব্যৱস্থা কৰিব লাগে। পানীৰ অপচয় নকৰিব, প্লাষ্টিকৰ বেগ নলা-নৰ্দমা সমূহত নেপেলাব, নিজৰ ওচৰে পজৰে থকা লোক সকলকো মানা কৰিব। আমি জানো বানপানীৰ বিস্তাৰ কিমান সোনকোলে ঘটে, গতিকে আগতিয়াকৈ এটুকুৰা ওখ ঠাইৰ বাচনি কৰি থব লাগে। লগতে খোৱা পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। লগতে খোৱা পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। শুলে আঁঠুৱা লগাই শুব লাগে যাতে মহে কামুৰিব নোৱাৰে। নহ’লে এই সময়ত মেলেৰীয়া, কলেৰা, এনকেফেলাইটিছ আদি বিভিন্ন বেমাৰে গা কৰি উঠিব পাৰে। আমাৰ ঘৰৰ চাৰিওফালে ব্লিচিং পাউদাৰ, চূণ আদি চটিয়াই কীট পতংগ নাশ কৰাৰ ব্যৱস্থা কৰিব লাগে।

 তালাপ আৰক্ষী চকী আৰু তালাপ গাওঁ পঞ্চায়তৰ অন্তৰ্গত তালাপ বালিবজাৰ নামৰ ঠাইখনৰ আৰক্ষী চকীৰ সমীপৰ চুবুৰীটোত যোৱা ইং ২৩/২৪ তাৰিকে দিয়া মুষলধাৰ বৰষুনৰ ফলত হোৱা পানীয়ে কালৰূপ ধাৰণ কৰি বানপানীৰ ৰূপ লৈছিল। ফলত অনাকাংক্ষিত বানপানীৰ বাবে উক্ত ঠাইখনৰ বাসিন্দা সকলে জীয়াতু ভূগিব লগা হৈছিল। ঘৰৰ ভিতৰত পানী সোমোৱাৰ বাবে বয়-বস্তু নষ্ট হোৱাৰ সম্ভাৱনাৰ লগতে গৰু ছাগলী, কুকুৰা-হাঁহ, মানুহ একাকাৰ হৈ একেলগে বসবাস কৰিব লগা পৰিস্থিতি আহি পৰিছিল। উক্ত ঠাইৰ ৰাইজে পানী বৈ যোৱাৰ বাবে নলা-নৰ্দমা সমূহ সঠিক সময়ত খান্দি চুবুৰীটোৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তালাপ গাওঁ পঞ্চায়তৰ দ্বাৰা চৰকাৰলৈ কাতৰ অনুৰোধ কৰিছে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক