বানপানীত ৰাইজৰ হাহাকাৰ

 কৰোনা মহামাৰীৰ সংকটৰ সময়তে বানে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্যৰ গ্ৰামাঞ্চল বিধ্বস্ত হৈছে। এফালে লকডাউন আৰু আনফালে বানৰ কবলত ৰাইজৰ গতি একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।

ডুমডুমা- কেইবাদিনো ধৰি দি থকা নেৰা-নেপেৰা বৰষুনৰ ফলত ডুমডুমা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ ইয়াৰ দাতিতে থকা ডুমডুমা নগৰৰ পাঁচটাকৈ ৱাৰ্ড বাঢ়নী পানীয়ে বুৰাই পেলাই। বাঢ়নী পানী আৱাসীক অঞ্চলত সোমাই জণসাধাৰণৰ বিভীষিকাৰ সৃষ্টি কৰে। ৰাইজক বানৰ পৰা সকাহ দিবলৈ পাঁচটা অস্থায়ী শিবিৰ প্ৰদান কৰে।

ৰূপাই চাইডিং- বৰষুনৰ ফলত ডুমডুমাৰ উপৰিও ৰূপাই চাইডিংৰ ধন নগৰ, তপোবন, বিজয় নগৰ, দাইচা আদিত কৃত্ৰিম বানপানীয়ে কেইবাটাও পথ, কালভাৰ্ট বিধ্বস্ত কৰে। ডুমডুমাৰ বাঘজান পথত থকা ৰূপাই চাহ বাগিছাৰ ওচৰত থকা পকী দলং এখন বানপানীৰ ফলত বিচ্ছিন্ন হৈ পৰে। ফলত ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

কৰ্দ্দৈগুৰি- বানপানীৰ ফলত কৰ্দ্দৈগুৰি অঞ্চলত ডিব্ৰু নৈয়ে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰে। কেৰাণী, বৰগড়া, গৰিয়াটিং আদি কেইবাখনো গাওঁ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। খহনীয়াই কৰ্দ্দৈগুৰিত থকা শিমলুগুৰি সত্ৰখনলৈ ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোৰ ৰাইজে খহনীয়া ৰোধ আৰু বানাক্ৰান্ত ৰাইজক উপযুক্ত সাহাৰ্য্য দিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

মই এগৰাকী যুৱ সাংবাদিক হিচাপে সকলোকে আহ্বান জনাওঁ যে, সকলোৱে যাতে এই বানপানীৰ সময়চোৱাত ল’ব লগা সাৱধানতা সমূহ অৱলম্বন কৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক