অনলাইন শ্ৰেণী

 অনলাইন শ্ৰেণী হ’ল সাধাৰণতে শিক্ষাগ্ৰহণ পৰিচালনা ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজে প্ৰয়োজন অনুসৰি নিজৰ বিষয় আৰু সময় বাচি ল’ব পাৰি।

 কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে। এই লকডাউনৰ সময়ছোৱাত দেশৰ অৰ্থনৈতিক দিশত বিশেষ প্ৰভাৱ পৰাৰ লগতে শিক্ষাৰ্থীসকলৰ ওপৰতো প্ৰভাৱ পৰিছে। লকডাউন ফলত বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান আধৰুৱা হৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ শিক্ষা বিভাগে এতিয়া অনলাইন শ্ৰেণীৰে শিক্ষাখণ্ডক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাইছে যদিও আমাৰ গাওঁ অঞ্চলৰ, বিশেষকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল এই অনলাইন শ্ৰেণীত উপস্থিত থাকিবলৈ পৰা নাই, কিয়নো তেওঁলোকৰ মোবাইল ফোন নাই। তেওঁলোকৰ কথা ভাবি যদি আগ বাঢ়িবলৈ কুন্ঠাবোধ কৰা হয়, তেন্তে আন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষালাভৰ সুযোগৰ পৰা বঞ্চিত হৈ ৰ’ব। সেয়েহে, অসম চৰকাৰে এই দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক কিবা প্ৰকাৰে যেন সহায়ৰ হাত আগবঢ়ায় যেন।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক