ইলেক্ট্ৰনিক মাধ্যমৰ শিক্ষা আৰু ছাত্ৰ-ছাত্ৰী

 কৰোনা মহামাৰীৰ সংকটৰ সময় সময়ত ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। ইয়াৰ মাজতে অনলাইন শিক্ষা পদ্ধতিয়ে কিছু পৰিমাণে হ’লেও সকাহ দিছে ছাত্ৰ-ছাত্ৰীক। কিন্তু প্ৰশ্ন উঠিছে, সচাঁকৈ জানো এই শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষা প্ৰদান কৰিছে?

 কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰীক টেলিফোনিক বাৰ্তালাপৰ যোগেদি অনলাইন শিক্ষাৰ বিষয়ে সোধা হৈছিল। তেখেত সকলৰ মন্তব্য অলপ হ’লেও ভিন্ন আছিল। ডুমডুমা ড’নবস্ক হাইস্কুলত কৰ্মৰত শ্ৰীমতী সোনালী ফুকন বাইদেউক এই বিষয়ে সোধাত তেওঁ মন্তব্য এনেদৰে প্ৰকাশ কৰে- “ইলেক্ট্ৰনিক মাধ্যমত শিক্ষা দিয়া হৈছে যদিও আনুষ্ঠানিক ভাবে দিয়া শিক্ষাৰ দৰে নহয়। সেয়ে এই শিক্ষা গ্ৰহণযোগ্য হ’লেও বহু বেছি আসোঁৱাহ পূৰ্ণ।“

 তালাপ বালিবজাৰ হাইস্কুলত কৰ্মৰত শ্ৰীমতী নন্দিতা ভট্টাচাৰ্য্য বাইদেৱে তেওঁৰ অনলাইন শিক্ষাৰ অনুভৱ এনেদৰে কয়- “ছাত্ৰ-ছাত্ৰীসকলে অনলাইন শিক্ষাৰ জৰিয়তে বিদ্যা আহৰণৰ উপৰিও অনান্য কেতবোৰ কাৰিকৰি দিশত দক্ষতা অৰ্জন কৰি সময়ৰ উপযুক্ত ব্যৱহাৰ কৰি নিজকে আগবঢ়াই নিবলৈ সক্ষম হৈছে।“

 পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শ্ৰীমতী চয়নিকা গোহাঁই বাইদেৱে তেওঁৰ অনুভৱ এনেদৰে প্ৰকাশ কৰে- “অনলাইন যোগে শিক্ষা অসম চৰকাৰৰ এক সুন্দৰ পদক্ষেপ। কৰোনা মহামাৰীৰ সময়তো এই অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ লগত সম্পৰ্ক ৰখাত অলপ হ’লেও সহায় কৰিছে লগতে ইন্টাৰনেটৰ ব্যৱহাৰৰ সম্পৰ্কে জনাত সহায় কৰিছে। তথাপিও অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে যিহেতু গাৱঁত বাস কৰে, সেইসকলৰ কিছুমানে আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ ফলত এই শিক্ষাৰ পৰা বঞ্চিত হৈছে।”

 গতিকে, ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগেদি শিক্ষা লৈছে যদিও নিজে নিয়মীয়াকৈ পাঠ্যপুথিৰ অধ্যয়ন অব্যাহত ৰাখিব লাগে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক