অনলাইন ক্লাছৰ নেতিবাচক দিশসমূহ

 ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাছ ৰ যোগেদি বৰকৈ লাভৱান হ'ব পৰা নাই। বৰ্তমান ক’ৰোনা মহামাৰীৰ সংকটময় কালত ছাত্ৰ-ছাত্ৰীসকলক অনলাইন ক্লাছ কৰা হৈছে যদিও তাকে কৰিবলৈ হ’লে লগত এটা এন্ড্ৰইদ ফোনৰ লগতে ২০০ টকাৰ ৰিছাৰ্জৰো প্ৰয়োজন হয়। যিহেতু লকডাউনৰ বাবে সকলো ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে, কামবোৰ স্তব্ধ হৈ পৰিছে, ফলত টকা-পইচাৰ অভাৱে দেখা দিছে। তেনেস্থলত এগৰাকী লোকে ফোনত ৰিছাৰ্জ কৰাৰ ক্ষমতা নাথাকিবও পাৰে। আনহাতে, বিদ্যুৎ কৰ্টনৰ ফলত মোবাইলত ছাৰ্জ নাথাকে। নেটৱৰ্কৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিয়ে, যাৰ ফলত অনলাইন ক্লাছ কৰাত যথেষ্ট অসুবিধা হয়। এনেবোৰ কাৰণতে ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাছৰ পৰা বৰ বেছি লাভৱান হ’ব পৰা নাই।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক