অনলাইন শিক্ষা ব্যৱস্থা- এক সাক্ষাৎকাৰ ভিত্তিক প্ৰতিবেদন
সমগ্ৰ পৃথিৱীজুৰি ক’ভিড-১৯ এ সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰাই বিশ্বজুৰি প্ৰত্যেকখন
দেশেই
লকডাউন মানি আহিছে। আমাৰ দেশত ২৪ মাৰ্চৰ পৰা লকডাউন চলি আছে। লকডাউন কিছু কিছু ক্ষেত্ৰত
শিথিল হ’লেও শিক্ষানুষ্ঠান সমূহ খোলা নাই। হঠাৎ স্কুলীয়া জীৱনটো যতি পৰি যোৱাত আমাৰ দৰে
ছাত্ৰ-ছাত্ৰী সকল পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে। এনে সময়ত আমাৰ
পঢ়া-শনা বজাই ৰখাৰ একমাত্ৰ উপায় হৈছে অনলাইন শিক্ষা ব্যৱস্থা।
এপ্ৰিল মাহৰ পৰা বিদ্যালয়সমূহে অনলাইন ব্যৱস্থাৰে পাঠদান আৰম্ভ কৰিছে। প্ৰায় সকলো
ছাত্ৰ-ছাত্ৰীয়ে এই ব্যৱস্থাৰে ঘৰতে পাঠ গ্ৰহণ কৰি আছে।
সেয়ে শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱস্থাৰ পৰা আতৰি এই ব্যৱহাৰে শিক্ষাদান কৰোঁতে আমাৰ
শিক্ষাগুৰু সকলৰ মনোভাৱ জানিবলৈ নামৰূপৰ তিনিখন বিদ্যালয়ৰ মুঠ দহগৰাকী শিক্ষাগুৰুৰ
অনলাইনযোগে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। বিদ্যালয় আৰু শিক্ষাগুৰু সকল হ’ল- বি.ভি.এফ্.চি
মডেল এইচ.এছ্ স্কুলৰ ৰূপজ্যোতি শইকীয়া গগৈ (বিষয় শিক্ষয়িত্ৰী-অসমীয়া), সংগীতা গোস্বামী
(সমাজ বিজ্ঞান শিক্ষয়িত্ৰী), তুতুমণি সন্দিকৈ (বিষয় শিক্ষয়িত্ৰী-গণিত), নাষ্টাৰেণ
চুলতানা আলী (বিষয় শিক্ষয়িত্ৰী-ইংৰাজী), নমি গোহাঁই (সমাজ বিজ্ঞান শিক্ষয়িত্ৰী)।
বি.ভিএফ.চি হায়াৰ চেকেণ্ডাৰী স্কুলৰ মল্লিকা বেগম (বিজ্ঞান শিক্ষয়িত্ৰী), বৰ্ণালী
চেতিয়া (বিজ্ঞান শিক্ষয়িত্ৰী) আৰু মিনু শইকীয়া (বিজ্ঞান শিক্ষয়িত্ৰী)। বসুন্ধৰা জাতীয়
বিদ্যালয়ৰ অঞ্জলি শৰ্মা (সমাজ বিজ্ঞান শিক্ষয়িত্ৰী)।
তেখেতলোকলৈ আগবঢ়োৱা প্ৰশ্নসমূহ হ’ল এনেধৰণৰ :
১) বৰ্তমান অনলাইন শিক্ষা ব্যৱস্থা কেনেদৰে আগুৱাই নিয়া হৈছে ?
২) এনে ব্যৱস্থাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি ভাবে নে ?
৩) এনে ধৰণৰ পাঠদান কৰি আপোনালোক সন্তুষ্ট নে ?
৪) অনলাইন শিক্ষা ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা সমূহ কি কি ?
৫) অনলাইন শিক্ষা ব্যৱস্থা আৰু শ্ৰেণীকোঠা শিক্ষা ব্যৱস্থাৰ মাজত আপুনি কোনটো ব্যৱস্থা
বেছি ফলপ্ৰসূ বুলি ভাবে ?
মোৰ প্ৰথম প্ৰশ্নৰ উত্তৰত তেখেতলোকৰ মতামত এনেধৰণৰ- বৰ্তমান পৰিস্থিতিত
শিক্ষানুষ্ঠান সমূহ খোলাৰ কোনো সম্ভাৱনাই নাই। সেয়েহে সকলো শিক্ষকে এই ব্যৱস্থাক আদৰি
লৈছে আৰু সুকলমে, প্ৰণালীবদ্ধভাৱে এই শিক্ষাক আগুৱাই নিছে। সেয়েহে, জুম (Zoom), স্কাইপ,
ইউটিউব্ (YouTube), বাইজুছ্ (BYJU’s), জ্ঞানবৃক্ষ (Gyanbriksha), দীক্ষা (Diksha),
আন্একাডেমী (Unacademy) আৰু অন্য মেছেঞ্জাৰ এপ্ (Messenger App) ৰ জৰিয়তে ভিডিও
কনফাৰেনঞ্চিং (Video Conferencing) আৰু মিডিয়া শ্বেয়াৰিং (Media Sharing) ৰ সহায়ত
ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হৈছে। বিদ্যালয় সমূহত প্ৰত্যেকটো শ্ৰেণীৰে
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ একোটাকৈ হোৱাটছ্ এপ্ গ্ৰুপ খুলি প্ৰশ্নোত্তৰ, গৃহকৰ্ম দিয়া
হৈছে আৰু সময়ে সময়ে পৰীক্ষাও অনুষ্ঠিত কৰা হৈছে। দুগৰাকী শিক্ষয়িত্ৰীয়ে বিশেষভাৱে
উল্লেখ কৰে যে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে লাইভ (Live) তথা বাণীবদ্ধ বক্তৃতা
(Recorded Lecture) ৰ সহায়ত দেশৰ বিভিন্ন্ প্ৰান্তৰ বহুতো অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিকিব
পাৰে। ইয়াৰ উপৰিও টেষ্ট পেপাৰ (Test Paper) আৰু অনুশীলন কাকত (Practice Paper) ৰ
জৰিয়তেও ল’ৰা-ছোৱালীসকল উপকৃত হৈছে বুলি মন্তব্য প্ৰদান কৰিছে।
দ্বিতীয় প্ৰশ্নৰ উত্তৰত যুক্তি দিছিল এনেদৰে- বৰ্তমানৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ
এই ব্যৱস্থাটোৱেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লাভজনক। কিয়নো এনে ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে
ঘৰৰ সুৰক্ষিত আৰু স্বাস্থ্যৱান পৰিৱেশত অধ্যয়নত ব্যঘাত নোহোৱাকৈ শাৰীৰিক দূৰত্ব বজাই
ৰাখি নিজৰ গতিত জ্ঞান অৰ্জন কৰিব পাৰে। এগৰাকী শিক্ষয়িত্ৰীয়ে কয় যে কৃত্ৰিম শ্ৰেণাকোঠাত
নিজৰ পাঠ্যক্ৰমতকৈ বেছি শিকিব পৰা সুবিধাৰ জৰিয়তে ল’ৰা-ছোৱালীয়ে ভালদৰে বুজি পায়। এই
ব্যৱস্থাটো ছাত্ৰ-ছাত্ৰীৰ বাবে লাভজনক হয় যদিও ই ছাত্ৰ-ছাত্ৰীৰ মনোযোগিতাৰ ওপৰত নিৰ্ভৰ
কৰিব।
তৃতীয় পক্ষৰ উত্তৰত গৰিষ্ঠসংখ্যক শিক্ষাগুৰুৰ মতামত একেই। তেখেতলোক এনে ব্যৱস্থাৰ
সন্তুষ্ট নহয়। কাৰণ ই কিছুমান ক্ষেত্ৰত বিপদজনকো হয়। এই ব্যৱস্থাৰে সম্পূৰ্ণ ভাল ফলাফল
লাভ কৰিবলৈ আমাৰ নেটৱৰ্ক ব্যৱস্থা, বিশেষকৈ গ্ৰামাঞ্চলত এশ শতাংশই উন্নত হ’ব লাগিব।
অৱশ্যে দুগৰাকী শিক্ষাগুৰুৰ মতে এই ব্যৱস্থা অলপ হ’লেও সন্তোষজনক, কাৰণ ইয়াৰ দ্বাৰা
ছাত্ৰ-ছাত্ৰীসকলে ভূল কথাবোৰ শুধৰাই ল’ব পাৰে। নিজা ঘৰত কিবা অসুবিধা থাকিলে
বন্ধু-বৰ্গৰ সহায়-সহযোগিতাৰ মাজেৰে পাঠ গ্ৰহণৰ সুবিধা থাকে।
চতুৰ্থ প্ৰশ্নৰ উত্তৰত বক্তব্য আগবঢ়াইছিল এনেদৰে- এই ব্যৱস্থাৰ দ্বাৰা
ছাত্ৰ-ছাত্ৰীসকল সময়ৰ প্ৰতি সচেতন হৈ থাকে। একঘেয়ামী ব্যৱস্থাৰ পৰা আঁতৰি নতুন
ব্যৱস্থাৰে শিক্ষা গ্ৰহণত তেওঁলোক উৎফুল্লিত হয়। এটা শান্ত পৰিৱেশে বিৰাজ কৰে। এনেদৰে
বৰ্তমান যুগৰ ব্যৱস্থাৰ লগত খাপ খাবলৈ ছাত্ৰ-ছাত্ৰীসকল অলপ হ’লেও সহজ হৈছে। যিকোনো ঠাইৰ
পৰা শিক্ষাগ্ৰহণ কৰাৰ লগতে মনৰ খোকোজা দূৰ কৰাত সহায় হৈছে। ছাত্ৰ-ছাত্ৰীৰ সময় ৰাহি
হোৱাৰ লগতে অন্য কাম কৰিবলৈ আহৰি পাইছে।
ইয়াৰ বিপৰীতে এই ব্যৱস্থাৰ অসুবিধা সমূহো তেওঁলোকে ব্যক্ত কৰে। স্মাৰ্ট ফোন বা
লেপটপ নহ’লে এই ব্যৱস্থা অসাৰ। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে এনে ফোন ব্যৱহাৰ কৰাটো সম্ভৱ
নহয়। গতিকে তেওঁলোকে হীনমন্যতাত ভূগে আৰু ইয়াৰ পৰিণতি স্বৰূপে দুই-এক উদাহৰণ আমি
ইতিমধ্যেই দেখিবলৈ পাইছোঁ। দুৰ্বল নেটৱৰ্ক ব্যৱস্থাৰ বাবেও পঢ়াত ব্যাঘাত জন্মে।
শ্ৰেণীকোঠাৰ প্ৰত্যক্ষ যোগাযোগ নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰাত সমস্যা
হয়। মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰী ইয়াৰ প্ৰতি আসক্ত হয়। প্ৰত্যক্ষ সংযোগৰ
অভাৱত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশ কিমান হৈছে, বুজি পোৱাত অসুবিধা হয়। মেদ বহুলতা,
বিভিন্ন চকুৰ সমস্যা, মানসিক অস্থিৰতা, নিসংগতা, সামাজিক বুজা-পৰা আদিতো অসুবিধা হয়।
চকুৰ সমস্যাৰ ভুক্তভূগী মই নিজেও। মোবাইলৰ আসক্তি বাঢ়িলে গ্ৰন্থ অধ্যয়নৰ স্পৃহাও কমি
আহে।
পঞ্চম প্ৰশ্নৰ উত্তৰত সকলোৱে একমূখে ক’লে- শ্ৰেণীকোঠাৰ শিক্ষা বেছি ফলপ্ৰসূ। ইয়াত
ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰত্যেককে নীৰিক্ষণ কৰাৰ সুবিধা থাকে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মুখ
চাই ক’ব পাৰে ছাত্ৰ-ছাত্ৰীয়ে বুজি পাইছে নে নাই। তাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে পুনৰ
নতুনকৈ পাঠ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। অৱশ্যে এগৰাকী শিক্ষাগুৰুৱে দুয়োটা ব্যৱস্থাৰে
নিজা নিজা কিছুমান সুবিধা আৰু অসুবিধা আছে বুলি প্ৰকাশ কৰে। শ্ৰেণীকোঠাৰ শিক্ষাত কিতাপৰ
বাহিৰেও আনুষংগিক কথা কিছুমান শিকাৰ সুবিধা থাকে, যিটো অনলাইন শিক্ষা ব্যৱস্থাত পোৱা
নাযায়। শ্ৰেণীকোঠাৰ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে খেল বা সহযোগিতাৰ মাধ্যমেৰে ভৱিষ্যৎ জীৱনৰ
বাবে প্ৰয়োজনীয় বহুত কথা শিকাৰ সুবিধা পায়।
মুঠৰ ওপৰত, শিক্ষাগুৰু সকলৰ মন্তব্যসমূহ আছিল স্বতঃস্ফূৰ্ত। প্ৰত্যেক গৰাকীৰ
মনোভাৱৰ মাজত ভাৰসাম্যতা আছে। যেনেদৰে প্ৰ’টন আৰু ইলেক্ট্ৰ’নে ভাৰসাম্যতা বজাই ৰাখে,
অথচ আমি সম্পূৰ্ণ এটা পৰমাণুক হে বিবেচনা কৰোঁ। আমি প্ৰ’টন বা ইলেক্ট্ৰ’ন কাকোৱেই এৰিব
নোৱাৰোঁ।