৫ লকডাউন আৰু অনলাইন শিক্ষা

বৰ্তমান লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। এনে সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়া-শুনা বজাই ৰখাৰ একমাত্ৰ উপায় হৈছে অনলাইন শিক্ষা ব্যৱস্থা। অনলাইন পাঠদান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰাৰ লগতে যথেষ্ট লাভজনকো হৈ পৰিছে। কিয়নো কিতাপৰ পৰা পঢ়িও যিবোৰ কথা বুজি পোৱাত বিদ্যাৰ্থীসকলৰ অসুবিধা হয়, তেনেবোৰ কথা তেওঁলোকে অনলাইনযোগে বিভিন্ন ধৰণৰ শিক্ষামূলক এপ্‌ সমূহৰ জৰিয়তে ভিডিওৰ সহায়ত ব্যৱহাৰিকভাৱে বুজিবলৈ সক্ষম হয়। অৱশ্যে এনে ধৰণৰ সুবিধা থাকিলেও অনলাইন পাঠদান ব্যৱস্থাৰ অনেক অসুবিধাও আছে। অনলাইন পাঠদানে ছাত্ৰ-ছাত্ৰীসকলক মোবাইলৰ প্ৰতি আসক্ত কৰি তোলাৰ উপৰিও শিশু তথা কিশোৰসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যথেষ্ট কুপ্ৰভাৱ পেলোৱা দেখা গৈছে। পিছে এই অসুবিধাসমূহ থকা সত্তেও ছাত্ৰ-ছাত্ৰীসকলৰ হাতত এতিয়া অনলাইন পাঠদান ব্যৱস্থাক আকোঁৱালি লোৱাৰ বাহিৰে অন্য একো উপায় নোহোৱা হ'ল।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক