তিনিচুকীয়াৰ জ্যোতি বিদ্যাপীঠত অনলাইন পাঠদান
বৰ্তমান ক’ভিড-১৯ নামৰ মৰামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো সকলো
শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হৈছে। ইয়াৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে
ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয় সমূহ বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকল প্ৰত্যক্ষ পাঠ
গ্ৰহণৰ পৰা বঞ্চিত হৈছে। বহুতো বিদ্যালয়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে যদিও ই
কিমানদূৰ ফলপ্ৰসূ হৈছে তাত এটা প্ৰশ্নবোধক চিন ৰৈ গৈছে।
বৰ্তমান পৰিস্থিতিত কিদৰে অনলাইন পাঠদান চলাই নিছে জনাৰ উদ্দেশ্যৰে মই তিনিচুকীয়া
জিলাৰ ডাঙৰী গাৱঁত অৱস্থিত “জ্যোতি বিদ্যপীঠ”, যিখন বিদ্যালয়ৰ পৰা মোৰ শিক্ষা জীৱন
আৰম্ভ কৰিছিলো আৰু শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (২০২০ বৰ্ষ) উত্তীৰ্ণ হ’লো,
তাৰ পৰিচালক তথা অধ্যক্ষ মহোদয় শ্ৰিযুত জিতুল সোনোৱাল দেৱৰ কাষ চাপিছিলো। তেখেতৰ সৈতে
হোৱা সাক্ষাৎকাৰৰ কিয়দংশ ইয়াত তুলি ধৰা হৈছে।
প্ৰশ্ন ১- মহাশয়, যোৱা মাৰ্চ মাহৰ পৰাই বিদ্যালয় সমূহ বন্ধ হৈ আছে।
ছাত্ৰ-ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকৰ শিক্ষা গ্ৰহণত স্থবিৰতা আহি
পৰা নাইনে?
উত্তৰ- বৰ ডাঙৰ প্ৰশ্ন কৰিলা। নিশ্বয়কৈ স্থবিৰতা আহি পৰিছে। আমি বিদ্যালয় খোলা
থকাৰ অৱস্থাত এদিনৰ বাবেও কোনো ছাত্ৰ বা ছাত্ৰী অনুপস্থিত থাকিলেও বহুত ক্ষতি হোৱা বুলি
অনুভৱ কৰিছিলো। অথচ যোৱা ১৬ মাৰ্চৰ পৰা আজি ১৪ জুলাইলৈকে ৩ মাহ ২৯ দিন বিদ্যালয় বন্ধ
আছে। আৰু কিমান দিনলৈ বন্ধ ৰাখিব লাগিব তাৰ কোনো নিশ্চয়তা নাই। কিমান ক্ষতি
ভাবাচোন।
প্ৰশ্ন ২- চৰকাৰে অনলাইন পাঠদান কৰিবলৈ নিৰ্দেশ দিছিল। আপোনালোকৰ বিদ্যালয়তো তেনে
ব্যৱস্থা কৰিছেনে?
উত্তৰ- এই প্ৰশ্নৰ উত্তৰ একে আষাৰে দিয়াতো কঠিন। “অনলাইন পাঠদান” এটা সম্পূৰ্ণ
নতুন বিষয়, আমাৰ অসম তথা সমগ্ৰ ভাৰতৰ বিদ্যালয় পৰ্য্যায়ৰ শিক্ষানুষ্ঠান সমূহৰ বাবে। অতি
উচ্চখাপৰ শিক্ষনুষ্ঠান যেনে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, কৃষ্ণকান্ত
সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আদিতহে অনলাইন পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰাৰ থল
আছিল। তাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহ বিদ্যালয় সমূহত প্ৰয়োগ কৰাটো সহজসাধ্য নহয়,
তাকো হঠাতে। তাৰোপৰি অনলাইন ব্যৱস্থাৰে শিক্ষা গ্ৰহণ কৰিবলৈ হ’লে, শিক্ষা গ্ৰহণকাৰী আৰু
প্ৰদানকাৰী দুয়োপক্ষই ইয়াৰ প্ৰয়োগ জানিব লাগিব। লগতে প্ৰয়োজনীয় সংসাধনৰ (Devices) যেনে,
লেপটপ বা ডেস্কটপ কম্পিউটাৰ, স্মাৰ্টফোন, ইন্টাৰনেট সেৱা আদিৰ ব্যৱস্থা থাকিব লাগিব।
সমল (Resources) অৰ্থাৎ পাঠসমূহ সু-শৃখলিত ইলেক্ট্ৰনিক বা ডিজিটেল ৰূপত থাকিব লাগিব।
এইবোৰ একেদিনাই কৰা কাম হয়নে বাৰু ?
প্ৰথমটো লকডাউনৰ অন্ত পৰালৈকে আমি বিশেষ একো ব্যৱস্থা কৰা নাছিলো। দ্বিতীয় লকডাউন
আৰম্ভ হোৱাত ছাত্ৰ-ছাত্ৰীৰ মোবাইল নম্বৰবোৰ এফালৰ পৰা পৰীক্ষা কৰিলো। সকলোকে বাৰ্তা
প্ৰেৰণ কৰিলো হোৱাটছ এপ গোট তৈয়াৰ কৰাৰ কথা জনাই। এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীৰ ৯৫ শতাংশ
হোৱাটছ এপ গ্ৰুপৰ অন্তৰ্ভুক্ত। শিক্ষকসকলে অডিঅ’ (শ্ৰাব্য) পাঠ আৰু লিখা মেলাৰ (Text)
জৰিয়তে পাঠ আগবঢ়োৱাৰ সমান্তৰালকৈ জুম আৰু গুগল মিট নামৰ এপ্লিকেচনৰ জৰিয়তে ভিডিও
কন্ফাৰেন্সিং কৰি মুখামুখি আলাপৰ মাধ্যমেৰে পাঠদান কৰি আহিছে। শেহতীয়াকৈ আমি পাঠসমূহ
ভিডিও আকাৰে বাণীবদ্ধ কৰি ইউটিউবৰ যোগেদি সেইবিলাক ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ
কৰিছো।
প্ৰশ্ন ৩- আপোনাৰ বক্তব্যৰ পৰা গম পাইছো যে বিদ্যালয়ৰ ৯৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে
অনলাইন ব্যৱস্থালৈ আহিল। বাকীসকল কিয় নাহিল?
উত্তৰ- ইয়াৰ উত্তৰ সহজ। যিসকলৰ বাবে এটা স্মাৰ্টফোন হঠাতে ক্ৰয় কৰাটো সহজসাধ্য
নহয়, সেয়ে তেওঁলোক এই অনলাইন ব্যৱস্থাৰ পৰা আতৰত থাকিবলগীয়া হৈছে। ই অতি বেদনাদায়ক।
ইয়াতে আৰু এটা কথা সোমাই আছে। এই যে ৯৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ কথা কোৱা হৈছে, তেওঁলোক
সকলোৰে আকৌ স্মাৰ্ট ফোন নাই। কিছুমানে আমাৰ পৰামৰ্শমৰ্মে প্ৰতিবেশী বা সম্বন্ধীয় লোকৰ
স্মাৰ্টফোন ব্যৱহাৰ কৰি হ’লেও আমাৰ ব্যৱস্থাটোত সাঙুৰ খাইছে। যিসকলৰ হাতত এই ব্যৱস্থা
গ্ৰহণৰ সুৱিধা খিনিও নাই, তেওঁলোক বাদ পৰিছে। আমি আশা ৰাখিছো, সোনকোলেই তেওঁলোকেও কিবা
ব্যৱস্থা কৰিব পাৰিব আৰু কামনা কৰিছো, সোনকালে এই দুঃসময়ৰ অন্ত পৰে যেন।
প্ৰশ্ন ৪- ধন্যবাদ মহাসয় আপুনি আপোনাৰ সময় দি আমাক কথাখিনি বুজাই কোৱাৰহ বাবে।
ইয়াতে এটা প্ৰশ্ন থাকিল, আমাৰ সাক্ষাৎকাৰটো মই বাৰু আমাৰ যুৱ সাংবাদিক গোটৰ মুক্ত আকাশ
নামৰ সংবাদ পত্ৰত প্ৰকাশ কৰিব পাৰিমনে ?
উত্তৰ- নিশ্চয় পাৰিবা। কেৱল আমাৰ বিদ্যালয়য়েই নহয়, সমগ্ৰ দেশৰ এয়াই অৱস্থা। এই
অৱস্থাটো সকলোৱে উপলব্ধি কৰিব পাৰিলে মই ভালহে পাম।
নিশ্চয়, আপোনাক পুনৰবাৰ ধন্যবাদ জনালো। তেখেতে দেখুওৱা ব্যৱস্থাসমূহৰ
স্ক্ৰীণস্বট তলত দিয়া হৈছে।