অনলাইন শিক্ষাৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ

 সাম্প্ৰতিক সময়ত কৰোনা মহামাৰীৰ বাবে সকলো স্কুল-কলেজ বন্ধ হৈ আছে। এই শৈক্ষিক বছৰটিত ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত যাতে পিছ পৰি নাথাকে তাৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা হাতত লোৱা হৈছে। ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰা দেখা গৈছে। বিদ্যালয়ৰ শিক্ষাৰ উপৰিও ছবি অঁকা সংগীত শিক্ষা আৰু নৃত্য শিক্ষা আদিও ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰিব পাৰিছে। ই শিক্ষাৰ ধাৰাবাহিকতা চলাই নিয়াত সহায় কৰিছে। কিন্তু আৰ্থিক সমস্যাত পৰা দুখীয়া ল’ৰা-ছোৱালীয়ে অৰ্থৰ অভাৱত এই সুবিধা ল’ব পৰা নাই।

 অনলাইন শিক্ষা ব্যৱস্থাটো শিক্ষকৰ বাবে প্ৰত্যাহ্বান স্বৰূপে দেখা দিছে। এই অনলাইন শিক্ষা কিমান কিমান ফলপ্ৰসূ হৈছে বুলি সোধাত ডুমডুমা ড’নবস্ক হাইস্কুলৰ শিক্ষয়িত্ৰী সোনালী ফুকন লাহন বাইদেৱে কয়, “এই শিক্ষাৰ দ্বৰা সকলো ছাত্ৰ-ছাত্ৰী সমানে উপকৃত হ’ব পৰা নাই। অষ্টম শ্ৰেণীত এটা পৰীক্ষা লওঁতে প্ৰায় দহগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে। বেচৰকাৰী বিদ্যালয়ত অকল ২০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা যদি সহাঁৰি পাওঁ, তেনেহ’লে চৰকাৰী বিদ্যালয়ত ইয়াতকৈ অধিক হ’ব। তাৰোপৰি, আমি ছাত্ৰ-ছাত্ৰীক নিতৌ পঢ়াই গৈছো যদিও তেওঁলোকে বুজি পাইছেনে সেইকথা আমাক অৱগত নকৰে। সেইদৰে ভিডিও কৰিবলৈ বেলেগকৈ এপ এটাৰ সংযোগ লাগে, সংযোগ কৰাৰ সময়ত প্ৰায়েই নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে।”

 ডুমডুমা ড’নবস্ক হাইস্কুলৰ আন এগৰাকী শিক্ষয়িত্ৰীক এই অনলাইন শিক্ষাৰ পৰা কি সুবিধা পাইছে বুলি সোধাত এইদৰে কয়- “এই শিক্ষাই ছাত্ৰ-ছাত্ৰীক যথেষ্ট সহায় কৰিছে। ইয়াৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ ৰাখিব পাৰিছোঁ। স্কুলত পঢ়াৰ দৰে যদিও নহয় আৰু বিদ্যালয়ৰ মুকলি পৰিৱেশ আৰু আনন্দ ফুৰ্তিৰ মাজেৰে যিদৰে শিক্ষা গ্ৰহণ কৰে তাৰ সম পৰ্য্যায়ৰ নহ’লেও ছাত্ৰ-ছাত্ৰীৰ মাজত আমি পঢ়াৰ প্ৰতি থকা হেঁপাহ সৃষ্টি কৰিব পাৰিছোঁ। হোৱাটছএপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা যথেষ্ট সহাঁৰিও পাইছোঁ।”

 এই শিক্ষাৰ ক্ষেত্ৰত কিছুমান সুবিধা আৰু অসুবিধাৰ দৃষ্টিগোচৰ হৈছে। সুবিধা সমূহ এনে ধৰণৰ-

 •এই শিক্ষা বিদ্যালয়লৈ নগৈ ঘৰত থাকি লাভ কৰিব পাৰিছোঁ।
 •শিক্ষাৰ্থী সকলে বহুমূলীয়া সময়বোৰৰ সদব্যৱহাৰ কৰি ইতিবাচক দিশেৰে আগবাঢ়ি গৈ নিজৰ লক্ষত উপনীত হৈছে।
 •বৰ্তমান সময়ত শিক্ষাদান বা শিক্ষালাভৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ মাজত সীমাবদ্ধ নাৰাখি আধুনিক প্ৰযুক্তিৰ বিদ্যৰ কৌশল আয়ত্ব কৰি প্ৰকৃত আৰু উপযুক্ত মানৱ সম্পদ গঠনত সহায় কৰে।
 •ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব নোৱাৰা, বুজি নোপোৱা বিষয়বোৰ আৰু কৰিব নোৱাৰা প্ৰশ্নৰ উত্তৰবোৰ শিক্ষকৰ পৰা হোৱাটছএপৰ পৰা সংগ্ৰহ কৰিব পাৰে।

অনলাইন শিক্ষাৰ অসুবিধা সমূহ এনেধৰণৰ-

 •এই শিক্ষা যথেষ্ট ব্যয়বহুল, সেয়েহে দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাত অসুবিধাত পৰে।
 •এই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ গুণগত দিশৰ বিকাশ অতি নিম্নমানৰ হোৱা দেখা যায়। এই শিক্ষাই ভিতৰুৱা দুৰ্বল গ্ৰামাঞ্চলবোৰ স্পৰ্শ কৰিব পৰা নাই। এই শিক্ষা সু-সংগঠিত আৰু সু-সংগঠিত নহয়।
 •বিদ্যালয়ৰ শিক্ষাতকৈ ইয়াত সীমিত শিক্ষা নিৰ্দেশমা দেখা যায়।
 •এই শিক্ষাত ভিতৰুৱা অঞ্চলত থকা ছাত্ৰ-ছাত্ৰীয়ে নেটৱৰ্কৰ সমস্যাত পৰি শিক্ষা গ্ৰহণত অসুবিধাৰ সম্মুখীন হয়।
 •ছাত্ৰ-ছাত্ৰীয়ে জিৰণি নোলোৱাকৈ শিক্ষা গ্ৰহণ কৰাৰ ফলত চকুৰ অসুখত ভুগিব পাৰে।
 •অনলাইনত শিক্ষা গ্ৰহণ কৰাত সৰু ল’ৰা-ছোৱালীৰ ধৈৰ্য্য নোহোৱা হয়।

 এই অনলাইন শিক্ষা ব্যৱহাৰৰ দ্বাৰা আমাৰ দেশত কিছুমান দুখ লগা ঘটনা হোৱা শুনিবলৈ পাইছোঁ। কিছুদিনৰ আগতে মৰিগাওঁৰ এজন ছাত্ৰই শিক্ষা গ্ৰহণ কৰিবলৈ মোবাইল ফোন নাপাই আত্মহত্যাৰ পথ বাছি ল'লে। সেইদৰে মণিপুৰৰ এটি অভাৱগ্ৰষ্ট পৰিয়ালৰ জীয়ৰীক এনড্ৰইড ফোন এটা কিনি দিয়াৰ পিছত পৰিয়ালত আৰ্থিক অভাৱে দ্খা দিয়াত পিতৃ-মাতৃৰ মাজত গৃহ কন্দলে দেখা দিয়ে। পিতৃয়ে খঙতে মোবাইলটো দলিয়াই ভাঙি পেলোৱাত তেওঁলোকৰ সন্তানে মানসিকভাৱে ভাঙি পৰা দৃষ্টান্তও পাইছোঁ। গতিকে এনে ঘটনা পুনৰ যাতে নঘটে, তাৰ বাবে চৰকাৰে কিছুমান উন্নত পদক্ষেপ ল’লে নিশ্চয় ভাল হ’ব।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক