২০২০ বৰ্ষত ছাত্ৰ সমাজে ভূগিব লগীয়া কিছুমান সমস্যা

 আজি গোটেই বিশ্বতে কৰোনা ভাইৰাছে যি অৱস্থাৰ সৃষ্টি কৰিছে, ইয়াৰ আগতে হয়তো কোনো দিনেই এনেকুৱা সমস্যাৰ সৃষ্টি হোৱা নাছিল। মই এজন ছাত্ৰ হিচাপে যেনেকুৱা সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে, হয়তো আগৰ চামৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা সমস্যাৰ সম্মুখীন হোৱা নাছিল। যিখিনি সময়ত বিদ্যালয়লৈ গৈ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা জ্ঞান বুটলিব লাগিছিল, সেইখিনি সময়ত আজি ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। শিক্ষক-শিক্ষয়িত্ৰী, বন্ধু-বান্ধৱ আদি সকলোৰে পৰা আতৰি থাকিব লগীয়া হৈছে। আমাৰ শিক্ষা ব্যৱস্থা অনুযায়ী বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলে ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হৈ গৰমৰ বন্ধ পোৱাৰ সময় আছিল। কিন্তু তাৰ আগতেই শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱা দিন ধৰি পৰীক্ষা, বিদ্যালয় আদিৰ পৰা আতৰি ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈছে। ইয়াৰ ফলস্বৰূপে আমাৰ শিক্ষাব্যৱস্থা বহু পিছুৱাই যায়।

 চৰকাৰে যদিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি নজৰ ৰাখি অনলাইন ক্লাছ আৰম্ভ কৰিছে, তথাপি চৰকাৰে এই পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিমান উন্নতি কৰিব পাৰে সেয়া আমি সঠিকভাৱে ক’ব নোৱাৰো। কিন্তু মই এগৰাকী ছাত্ৰ হিচাপে ক’ব খুজিছো, বিদ্যালয়ৰ পাঠদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যিমান উপকৃত হয়, অনলাইন পদ্ধতিৰ দ্বাৰা সিমান নহ’ব। কিয়নো গাওঁ অঞ্চলৰ বহু লোকৰ মাজত এতিয়াও স্মাৰ্ট ফোন নাই কিয়নো তেখেতসকলে মাথো দুবেলা দুমুঠিৰ বাবেই দেহৰ তেজ পানী কৰিব লগা হয়। তেনে পৰিস্থিতিত জানো নিজৰ সন্তানৰ হাতত এটা স্মাৰ্ট ফোন তুলি দিয়াটো সম্ভৱপৰ হ’ব ? কোনো দয়াবান লোকে মোবাইল ফোন দি সহায় কৰিলেও ছাত্ৰ বা ছাত্ৰী গৰাকীৰ অভিভাৱকৰ হাতত ৰিছাৰ্জ কৰিবলৈ পৰ্য্যাপ্ত ধন নাথাকিবও পাৰে। বহুতৰ বাবে ই সম্ভৱপৰ নহ’বও পাৰে। এই সমস্যাই ছাত্ৰ জীৱনত বহুখিনি প্ৰভাৱ পেলাইছে।

 এইখিনিতে মই মোৰ নিজৰ সমস্যা ব্যক্ত কৰিব খুজিছো। মই এজন অতি দুখীয়া পৰিয়ালৰ সন্তান। মোৰ মা-দেউতাই কোনোমতে দিন হাজিৰা কৰি আমাৰ পৰিয়ালটো পোহ-পাল দি আহিছে। তেওঁলোকৰ কোনো শিক্ষা নাই। আমাৰ ঘৰত এটা স্মাৰ্ট ফোনো নাই। মোক কোনো এগৰাকীয়েও মোৰ পঢ়াত সহায় কৰিব নোৱাৰে। বিদ্যালয় খোলা থাকোতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা শিক্ষা ল’ব পাৰিছিলো, কিন্তু আজি তাৰ পৰা বঞ্চিত হৈ আছো। চৰকাৰে মোবাইল, টেলিভিচনৰ জৰিয়তে অনলাইন শিক্ষা গ্ৰহণ কৰিছে যদিও মোৰ দৰে আন বহুতে এই সমস্যাত ভূগি আছে। এনেদৰে জানো আমি ছাত্ৰ জীৱনত উন্নতি সাধন কৰিব পাৰিম?

 কৰোনা ভাইৰাছৰ পৰা সৃষ্টি হোৱা এই সমস্যাই কেৱল ছাত্ৰ-ছাত্ৰীৰ জীৱনতে প্ৰভাৱ পেলাইছে এনে নহয়, ইয়াৰ প্ৰভাৱ কৃষি, অৰ্থনীতি আদিৰ ওপৰতো পৰিছে। বৰ্তমান সময়ত খেতিয়ক সকলে যি আশা কৰি খেতি কৰিছিল, তাৰ ফল তেওঁলোকে লাভ কৰিব নোৱাৰিলে। লকডাউনৰ ফলত তেওঁলোকে কৰা সকলো ধৰণৰ খেতিৰ সামগ্ৰী নষ্ট হৈছিল বিক্ৰী কৰিব নোৱাৰাৰ বাবে। ফলত অৰ্থনীতিৰ ভেটিও শিথিল হৈ পৰিল।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক