আধুনিক শিক্ষাৰ অন্যতম অংগ হিচাপে অনলাইন শিক্ষাৰ প্ৰাসংগিতা

 শিক্ষা এক বহু পুৰণি ব্যৱস্থা। জাতি-বৰ্ণ, ধৰ্ম, লিংগ বৈষম্যৰ নামত কৰা অত্যাচাৰ শোষণ-পীড়ণৰ ইতিহাস অবৰ্ণনীয়। যুগ যুগ ধৰি কৰা তপস্যা আৰু ব্ৰতৰ ফল বৰ্তমানৰ আধুনিক শিক্ষা। মধ্যযুগৰ মহান মনিষীৰ বিৰল চিন্তাধাৰা, পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ আৰু প্ৰভাৱ ভাৰতীয় শিক্ষা ব্যৱস্থা বিকাশৰ অন্যতম মাইলৰ খুটি। বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞানৰ অভূতপূৰ্ব বিকাশে মানৱ সভ্যতাক এক নতুন দিশৰ সন্ধান দিছে। ইয়াৰ সমান্তৰালভাৱে প্ৰাশ্চাত্যকৰণ, আধুনিকীকৰণ আদি প্ৰক্ৰিয়াই নানা সমস্যাৰ সৃষ্টিত ইন্ধন যোগাইছে।

 মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হ’ল শিক্ষা। শিক্ষাৰ অবিহনে জীৱন এটা অন্ধকাৰ কক্ষৰ সদৃশ। য’ত কেৱল আন্ধাৰৰ নিস্তব্ধতা আৰু বিষন্নতা পোৱা যায়। শিক্ষাই মানৱ জীৱনৰ ৰুদ্ধদ্বাৰ সমূহ মুক্ত কৰে।শিক্ষা এনে এক সংস্থা য’ত কেৱল পোহৰৰ কিৰণ ৰঞ্জন থাকে।

 মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভিন্ন উৎসৰ মাজত মহামাৰী অন্যতম। চীনৰ য়ুহান চহৰত সৃষ্টি হোৱা ন’ভেল কৰোনা ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আমাৰ দেশতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ ফলত শিক্ষাৰ্থীৰ জীৱনলৈ এক নতুন শংকা আৰু ভাবুকি কঢ়িয়াই আনিছে। সম্প্ৰতি শিক্ষা ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন দেখা গৈছে। অনলাইন শিক্ষা ব্যৱস্থাই বৰ্তমান অধিক জনপ্ৰিয়তা লাভ কৰিছে। সমসাময়িক পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে এই কথা সু-স্পষ্ট হয় যে এই শিক্ষা ব্যৱস্থা সুৰক্ষিত আৰু ক্ষীপ্ৰ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীৰ ভৱিষ্যৎ, পৰিয়ালৰ ভৱিষ্যৎ আৰু দেশৰ ভৱিষ্যৎ বহুগুণে সুৰক্ষিত বুলি ক’লে হয়তো ভূল কোৱা নহ’ব। ইয়াৰ সমান্তৰালভাৱে এই শিক্ষা ব্যৱস্থাত বহুতো আসোঁৱাহৰ সৃষ্টি হৈছে। যিখিনি সময়ত শিশুক এগৰাকী সুস্থ নাগৰিকৰূপে গঢ় দিব লাগে, সেই সময়ত অভিভাৱকসকলে মোবাইল ফোন হাতত তুলি দিবলৈ বাধ্য হৈছে। ভাৰতত আধুনিকীকৰণ, ঔদ্যোগীকৰণ, নগৰীকৰণ প্ৰক্ৰিয়া দীঘলীয়া যদিও দেশত দৰিদ্ৰতা, নিবনুৱা, মধ্যবিত্তৰ পৰিমাণ শেষ হোৱা নাই।

 সম্প্ৰতি সমগ্ৰ দেশতে লকডাউন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অন্ত পৰা নাই। শিক্ষা ব্যৱস্থা বৰ্তাই ৰখা একমাত্ৰ বিকল্প হ’ল অনলাইন শিক্ষা। এটা ভাল স্মাৰ্ট ফোন অথবা এটা লেপটপৰ অবিহনে এই শিক্ষা স্বয়ং সম্পূৰ্ণ হ’ব নোৱাৰে। বৰ্তমান সময়ত এই সামগ্ৰীসমূহৰ দাম অতি উচ্চ। এই আতংকৰ সময়ত কাম কৰি আৰ্জিবলৈ দক্ষতাতকৈয়ো ভাগ্য অত্যাৱশ্যকীয়। দিন হাজিৰা কৰা কৃষক নতুবা ব্যক্তিগত মালিকৰ অধীনত কৰ্মৰত ব্যক্তিৰ সন্তানৰ শিক্ষা আহৰণৰ পথ প্ৰায় সংখ্যকেই স্থবিৰ হোৱাৰ উপক্ৰম হৈছে। আৰ্থিক দুৰ্বলতা অনলাইন শিক্ষা আহৰণৰ পথত হেঙাৰ হৈ পৰিছে। অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে শিক্ষাৰ্থীৰ একাগ্ৰতা, লক্ষ্য আৰু নিষ্ঠাৰ বহু পৰিমাণে সালসলনি কৰাত এক অপভূমিকা গ্ৰহণ কৰিব। অনলাইন শিক্ষাৰ পৰা বঞ্চিত বহু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ শংকাই মানসিক ভাৰসাম্যতা বিনষ্ট কৰাত এক উদ্বেগৰ সৃষ্টি কৰিছে।

 “পৰিৱৰ্তনশীল সমাজৰ বাবে পৰিৱৰ্তনেই সত্য”- লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱা এই কথাষাৰ মনলৈ আহিছে। সম্প্ৰতি পৰিস্থিতিয়ে সামাজিক ক্ষেত্ৰসমূহৰ পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিছে। পৰিৱৰ্তনশীল সমাজে পৰিৱৰ্তনক অস্বীকাৰ কৰিব নোৱাৰে। পৰিৱৰ্তনৰ লগত খোজ মিলাই যাব পাৰিলে সমাজ ব্যৱস্থাৰ নতুন প্ৰগতিৰ সম্ভৱ হয়। এই উদ্দেশ্য আৰু লক্ষ্যৰ মহাসংযোগে মানৱ সভ্যতাক এক নতুন দিশে বাট বুলিবলৈ ইন্ধন যোগাব। পৰিৱেশ আৰু পৰিস্থিতিৰ মহাৱস্থানত চমকপদ আৰু সৃষ্টিশীল জীৱন ধাৰণৰ পথ উন্মোচন কৰে। ভাল গুণৰ বৃদ্ধিয়ে এটা বস্তুৰ সৃষ্টিশীলতাৰ প্ৰতীক আৰু অপগুণ ধংসৰ প্ৰতীক। সেই দেখি ভাল গুণৰ দিশে গতি কৰি অপগুণক পৰিত্যাগ কৰাই মূল।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক