কৰোনাৰ প্ৰভাৱত অনলাইন শিক্ষাৰ প্ৰভাৱ

 শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা গ্ৰামাঞ্চলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ। বৰ্তমান (বিশ্ব মহামাৰী) কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰা হৈছে। ফলত, শিক্ষাৰ্থী সকল প্ৰত্যক্ষ শিক্ষাৰ পৰা বিৰত থাকিব লগা হয়। শিক্ষা বিভাগে শিক্ষাৰ্থীৰ শৈক্ষিক দিশত আগবাঢ়িব পৰাকৈ বিজ্ঞান সন্মত অনলাইন শিক্ষাৰ প্ৰচাৰ কৰে।

 সম্প্ৰতি প্ৰায়বোৰ দেশতে অনলাইন ব্যৱস্থাৰ দ্বাৰা অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। বিশেষকৈ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহে এই ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। তাৰ বিপৰীতে চৰকাৰী বিদ্যালয় সমূহ সম পৰিমাণে আগুৱাই যাব পৰা নাই। দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ ইন্টাৰনেট সংযোগী ব্যৱস্থা নথকাৰ বাবে অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে।

 বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাওঁ, আমাৰ গাৱঁলীয়া অঞ্চলবোৰৰ সমীক্ষা চলাই যিসকলৰ মোবাইল ফোন নাই তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰে যেন। লগতে শিক্ষাৰ্থী সকলৰ বাবে ইন্টাৰনেট পেক সমূহ বিনামূলীয়া কৰি দিবলৈ আৰু একেদৰে, ২৪ ঘন্টীয়া বিদ্যুৎৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালো। এইক্ষেত্ৰত চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই বিশেষভাৱে চকু ৰাখিব বুলি বিশ্বাস ৰাখিলো।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক