অনলাইন শিক্ষাৰ সুবিধা আৰু অসুবিধা সমূহ

 সমগ্ৰ বিশ্বতে চলি থকা কৰোনা মহামাৰীৰ বাবে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া পাঠদানৰ মাজত ব্যঘাত জন্মিছে। গতিকে আমি ছাত্ৰ-ছাত্ৰীসকল অনলাইন শিক্ষা ব্যৱস্থাৰ মাজত সোমাই পৰিব লগা হৈছো। আমি এই অনলাইন শিক্ষা ব্যৱস্থাৰ কিছু সুবিধা আৰু কিছু অসুবিধাৰ এনে ধৰণেৰে মুখামুখি হ’ব লগা হৈছো।

অনলাইন শিক্ষাৰ কিছু সুবিধা এনেধৰণৰ-
১) অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে শিক্ষাগুৰুৰ লগত মত বিনিময় কৰাৰ উপৰিও যিকোনো বিষয়ৰ ওপৰত যিকোনো সময়তে অতি সহজে শিক্ষা আহৰণৰ সুবিধা লাভ কৰিব পাৰে।
২) অনলাইন শিক্ষাপদ্ধতি স্ফুৰ্তিদায়ক পদ্ধতি।
৩) অনলাইন শিক্ষা পদ্ধতিত শিক্ষকে দিয়া ৰেকৰ্ডেড পাঠ, শ্লাইড আৰু হাতে লিখা টোকাসমূহ শিক্ষাৰ্থীয়ে সংগ্ৰহ কৰি থব পাৰে।
৪) অনলাইন শিক্ষাৰ অন্য এটা গুৰুত্বপূৰ্ণ সুবিধা হ’ল, ইয়াত শিক্ষা আহৰণৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমা নাথাকে।
৫) পৰম্পৰাগত শ্ৰেণীকোঠাসমূহত সপ্তাহৰ ছয়টা দিনত নিৰ্দিষ্ট সময়ৰ বাবে শিক্ষাগুৰু উপস্থিত থকাৰ বিপৰীতে অনলাই শিক্ষা ব্যৱস্থাত সপ্তাহৰ প্ৰত্যেকটো দিনতে অনলাইন শিক্ষা ব্যৱস্থাত সপ্তাহৰ প্ৰত্যেকটো দিনতে শিক্ষকসকল শিক্ষা প্ৰদানৰ বাবে সাজু থাকে।
৬) এই ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা মতে সময় উলিয়াই লোৱাৰ সুযোগ থাকে অৰ্থাৎ সুবিধা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰি।

অনলাইন শিক্ষাৰ কিছু অসুবিধা এনেধৰণৰ-
১) অনলাইন শিক্ষা ব্যৱস্থাটো অতি খৰচী যাব বাবে সকলো শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব নোৱাৰে।
২) সকলোবোৰ বাবে কম্পিউটাৰ, লেপটপ, স্মাৰ্ট ফোন ক্ৰয় কৰাটো সম্ভৱ নহয় যাৰ বাবে অসমৰ কেইবাজনো ছাত্ৰৰ মানসিক চাপত ভূগি আত্মহত্যাৰ পথ বাছি লৈছে।
৩) অনলাইন শিক্ষাৰ অন্য এটা অসুবিধা হ’ল সকলো বিষয়ৰ শিক্ষা অনলাইন শিক্ষাৰ দ্বাৰা প্ৰদান কৰিলো বুজি পোৱা নাযায়।
৪) কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অত্যাধিক মোবাইল, নেটৱৰ্কত লিপ্ত হোৱাৰ ফলত মানসিক উৎকৰ্ষ সাধনত হেঙাৰ ৰূপ থিয় দিছে।
৫) অনলাইন শিক্ষা পদ্ধতিত অতি বেছি মোবাইল, লেপটপৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি হ্ৰাস কৰিছে লগতে নৈতিক চৰিত্ৰও ঠুনুকা কৰিছে।
৬) অনলাইন শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত মানৱীয় অনুভূতি আৰু জীৱনৰ মূল্যবোধ জগাই তুলিব নোৱাৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক