কৰোনাকালত হোৱা সামাজিক সমস্যাবোৰৰ নিয়ন্ত্ৰণ কিদৰে কৰিব পাৰি

সমগ্ৰ পৃথিৱীখন এই সময়ত মহামাৰীৰ গ্ৰাসত আছে। এনেক্ষেত্ৰত এজন ব্যক্তিয়ে নিজৰ সুৰক্ষাৰ বাবে কি কি কৰিব লাগে তলত উল্লেখ কৰা হ’ল-

১) চিন্তাৰ সময়ত, কিছু মিনিটলৈ লাহে লাহে উশাহ লোৱাৰ অভ্যাস কৰিব লাগে। চিন্তাত পেলোৱা বিচাৰ বোৰক দূৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। শান্ত-নিৰ্মল ভাবেৰে নিজৰ মস্তিস্ক ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।

২) যেতিয়া খং আৰু অশান্তি অনুভৱ হয়, তেতিয়া নিজৰ মনটোক শান্ত কৰিবৰ বাবে গণনা কৰিব পাৰিলে নিজকে বিচলিত কৰাৰ ক্ষেত্ৰত সহায় হয়।

৩) ভয় লাগিলেও, নিজকে প্ৰশ্ন কৰিব লাগে যে-
 •মোৰ নিয়ন্ত্ৰণত কি আছে?  •মই অনাৱশ্যক ৰূপত সকলোতকৈ বেয়া বস্তুটোৰ বিষয়ে চিন্তা কৰি আছো নেকি?  •মই অতীতত চিন্তাত পৰোতে নিজকে কেনেদৰে পৰিচালনা কৰিছিলো?  •কি কি বস্তু আছে যিবোৰৰ দ্বাৰা মই নিজকে সহায় কৰিবলৈ পাৰো?

৪) অকলশৰীয়া আৰু উদাস অনুভৱ কৰাটোও সাধাৰণ কথা। যোগাযোগ মাধ্যমে পৰিয়াল তথা বন্ধুবৰ্গৰ লগত জড়িত হৈ থকাত সহায় কৰে। যি সকল ব্যক্তিৰ লগত বহুদিনে কথা নপতাকৈ আছে তেওঁলোকক ফোন কৰক আৰু আচৰিত কৰি তোলক। সুখৰ মূহৰ্তবোৰ, বিশেষ আগ্ৰহ সমূহ, খাদ্যবস্তুৰ ৰন্ধন প্ৰনালীৰ বিনিময়, সঙ্গীতৰ আদান-প্ৰদান আদিৰ ওপৰত আলোচনা কৰিব লাগে।

৫) যদি এই ভাৱনাবোৰ মনত ৰৈ যায় তেন্তে এইবোৰৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিব লাগে লগতে এই বিষয়ে পৰামৰ্শ ল’ব লাগে। তেনেকুৱাত এজন ব্যক্তি অসহায়, নিৰাশা জনক আৰু জীৱন জীয়াই থকাৰ বাবে উপযোগী নহয় এনেকুৱা অনুভৱ কৰিব পাৰে। যদি এনেকুৱা হয়, তেন্তে মানসিক পেচাদাৰীৰ উপদেশ ল’বলৈ সহায়ক ফোন নম্বৰ (০৮০-৪৬১১০০০৭) ত ফোন কৰিব পাৰি। মানসিক স্বাস্থ্য পেচাদাৰী যোগাযোগ কৰিব পাৰি।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক