তলাবন্ধৰ বাবে শিক্ষাখণ্ডত পৰা প্ৰভাৱ

 বৰ্তমান বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তলাবন্ধ। এই তলাবন্ধ অৱস্থাত ‘মুক্ত আকাশ’ (ডিজিটেল) কাকত খনৰ লগত জড়িত সকলোকে ধন্যবাদ আৰু মৰম যাচিলোঁ। সময়ৰ আহ্বান মৰ্মে বিশ্বৰ সকলো দেশৰ ৰাজ্যৰ দৰে অসমতো অসম চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি যোৱা বহুদিন ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। এনে সময়ত প্ৰত্যেক শিক্ষাৰ্থী বিদ্যালয়ত শিক্ষাগ্ৰহণৰ পৰা বিৰত আছে। তথাপি বহু বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে অনলাইন যোগে পাঠদান কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিছে। কিন্তু এই ব্যৱস্থাৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা অসম্ভৱ, যিহেতু অসমৰ এতিয়াও বহু ঠাইত ইন্টাৰনেট সোৱা ভালদৰে উপলব্ধ নহয়। তাৰোপৰি সকলো ছাত্ৰ-ছাত্ৰীৰ ঘৰত স্মাৰ্ট ফোন নাই। গতিকে, এই সমূহ ছাত্ৰ-ছাত্ৰীৰ কথাও চিন্তনীয় হৈ পৰিছে। এইক্ষেত্ৰত গ্ৰাম্যাঞ্চলত থকা শিক্ষিত লোকসকলে ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক যিমানখিনি সম্ভৱ সহায় কৰিব লাগে। যিহেতু কৰোনাৰ সংক্ৰমণৰ লগে লগে তলাবন্ধৰ সময়সীমাও বৃদ্ধি হৈ আছে, সেয়ে যুৱ সাংবাদিক সকলেও ইন্টাৰনেট ঢুকি নোপোৱা অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ বিষয়টো লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা উচিত।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক