৫ জুন- বিশ্ব পৰিৱেশ দিৱস

 ৫ জুনৰ দিনটোত গোটেই বিশ্বতে “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয়। ১৯৭৫ চনত পোন প্ৰথম বাৰৰ বাবে আমেৰিকাৰ স্পকেন চহৰত “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয়। “বিশ্ব পৰিৱেশ দিৱস” ৰ ২০২০ চনৰ বিষয়বস্তু হৈছে- “Celebrate Biodiversity”. আমি নতুন প্ৰজন্মই আমাৰ পৃথিৱীখনত সুখ-শান্তিৰে জীয়াই আছো যদিও আমাৰ সকলোৰে মাজত এটা ভয় বা আশংকা আছে। সেই ভয়তো হৈছে, আমাৰ এই বৈচিত্ৰপূৰ্ণ পৃথিৱীখন সদায় একেদৰে থাকিব নে ? আজি বিশ্ব পৰিৱেশৰ এই বিশেষ দিনটো পৃথিৱীৰ প্ৰত্যেকজন মানুহে পালন কৰিছেনে ? আজিৰ দিনটোত কেৱল এডাল গছ-পুলি ৰুই ফটো উঠালেই যথেষ্ট নহয়। আমি সকলোৱে, বিশেষকৈ যুৱ-প্ৰজন্মই আমাৰ পৃথিৱীখন সুৰক্ষিত কৰি আৰু সেউজীয়া কৰি ৰাখিব লাগিব।

 আজি বিশ্ব পৰিৱেস দিৱস। সেয়ে আজি মই আৰু আমাৰ ঘৰৰ ওচৰতে থকা বন্ধু-বান্ধৱী সকলে মিলি ওচৰৰ খেলপথাৰ খনত কেইজোপা মান গছপুলি ৰুলোঁ। লগতে এই খেলপথাৰখনৰ ওচৰতে থকা অংগনৱাড়ী কেন্দ্ৰটোত আৰু টিপুক পঞ্চায়ত কাৰ্য্যালয়টোৰ মুৰব্বীকে ধৰি বয়োজেষ্ঠ লোকসকলে গছপুলি ৰোপন কৰে। তেখেতসকলে আমাৰ কাৰ্য্যৰ শলাগ জনাই ক’লে, এই গছপুলি বোৰ ডাঙৰ হ’লে মাটি পানী সংৰক্ষণ কৰাৰ উপৰিও বায়ু পৰিশোধন কৰিব। যিহেতু এই সময়ত কৰোনা ভাইৰাছৰ বাবে গোটেই বিশ্বতে তলাবন্ধ হৈ আছে, সেইবাবে আমাৰ অঞ্চলত আৰু বিশেষ একো পদক্ষেপ লোৱা হোৱা নাই।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক