বিশ্ব পৰিৱেশ দিৱস

সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলো বিলাকেই আমাৰ পৰিৱেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিৱেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিৱেশ বুলি কোৱা হয়। আমাৰ পৰিৱেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিৱেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে।

৫ জুন, "বিশ্ব পৰিৱেশ দিৱস", এই দিনটো পৰিৱেশৰ এটা বিশেষ দিন হিচাপে গণ্য কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আমাৰ ঘৰৰ ওচৰত থকা বিদ্যালয় খনতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আতলচ আৰু লেটেকুৰ গছপুলি ৰোপন কৰা হয়।

উপস্থিত থাকে, বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী শ্ৰীযুতা সাবিত্রী গগৈ, বিদ্যালয়ৰ সভানেত্রী ভাগ্যৱতী ফুকন আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰী।

এই দিৱসৰ লগত সংগতি ৰাখি মই ভাৰতী কলিতাই ব্যক্তিগতভাৱে ঘৰতেই আম, এটা কঠাল আৰু কেইটামান ফুলৰ পুলি ৰোপন কৰিলোঁ। তাৰে কেইখনমান ফটো আগবঢ়াই দিলোঁ।

"প্ৰকৃতিক সেউজ কৰি ৰাখক"


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক