কৰোনা মহামাৰীৰ বাবে হোৱা শিশু তথা কিশোৰ-কিশোৰীৰ অসুবিধা

বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই মহামাৰীৰ পৰা হাত সাৰিবলৈ বিশ্বৰ প্ৰত্যেকজন ব্যক্তি গৃহবন্দী হব লগা হৈছে। এই গৃহবন্দীত্বৰ জীৱন প্ৰায়বোৰ লোকৰ বাবে যেন এক অভিসাপ স্বৰূপ হৈ পৰিছে। মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰা অসমত লকডাউন আৰম্ভ হয়। বৰ্তমানেও অসমত সকলোৱে গৃহবন্দীত্বৰ জীৱন কটাই আছে। আৰু ইয়াৰ ফলত শিশু তথা ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী সকল যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে। বিশেষকৈ তেওঁলোক বিদ্যালয়লৈ যাব পৰা নাই। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মিছে। লকডাউন খোলাৰ পিছৰ মাহ কেইটাত সম্পূৰ্ণ পাঠ্যক্ৰম আয়ত্ব কৰিব পাৰিবনে, এই ভাবনাত ছাত্ৰ-ছাত্ৰী সকল হতাশগ্ৰস্ত হৈছে। যদিও কিছু ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে পাঠদান কৰা হৈছে, তথাপি সকলো ছাত্ৰ-ছাত্ৰীৰ হাতত স্মাৰ্ট ফোন নথকাৰ বাবে এই সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। এনেদৰেই সেইসকল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা বছৰ পাৰ হৈ যাব নেকি? ইয়াকে লৈ সেইসকল ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনহাতে শিশুসকলৰ ক্ষেত্ৰত, বহুতে হয়তো শিশুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পৰা নাই, ফলত বহু শিশুৱে পুষ্টিকৰ খাদ্যৰ অভাবত ভুগিছে। এইক্ষেত্ৰত স্থানীয় বাসিন্দা অপৰাজিতা গগৈক সোধাত কয় যে – এই ক’ৰোনাৰ পৰা হাত সাৰিবলৈ হ’লে কেৱল এজন ব্যক্তিয়েই নহয়, প্ৰত্যেকজন ব্যক্তিয়ে সজাগ আৰু সচেতন হ’ব লাগিব। নিজে ব্যৱহাৰ কৰা কাপোৰ, অন্যান্য সামগ্ৰী, বাহিৰলৈ ওলাই গ’লে লগত নিয়া বা অনা সামগ্ৰীসমূহ চেনিটাইজ কৰিব লাগে অথবা চাবোনেৰে ধুব লাগিব। তেতিয়াহে এই ক’ৰোনা সন্ত্ৰাসৰ পৰা মানৱজাতিয়ে পৰিত্ৰাণ পাব বুলি তেখেতে কয়। আনহাতে, কিশোৰী উন্মনা বৰুৱাক সোধাত কয় – এই ভাইৰাছ এনে এবিধ ভাইৰাছ, য’ত মানুহৰ জ্বৰ, চৰ্দি, ডায়েৰিয়া, মূৰৰ বিষ আদি লক্ষণ সমূহে দেখা দিয়ে। আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে পৰিস্কাৰকৈ থাকি নিজৰ হাতখন প্ৰতি ঘন্টাৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে ধুব লাগে বুলি কোৱা হয়। দ্বিতীয়তে, তেখেতে স্মৰ্ট ফোন নথকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্হা লবলৈ অনুৰোধ জনায়।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক