লকডাউনৰ সময়ত চাৰিওফালৰ পৰিৱেশ
ক’ৰোনা নামৰ এক ভয়ানক ভাইৰাছৰ কবলত সমগ্ৰ বিশ্বই এক অন্য ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ
পৰা হাত সাৰিবলৈ চৰকাৰে সমগ্ৰ বিশ্বতে লকডাউন ঘোষনা কৰিছে। এই লকডাউনৰ বাবে বহুতো
অসুবিধাৰ সৃষ্টি হৈছে। তথাপি লকডাউন নামানিলেও যেন বিশ্বখন ধংস হৈ যাব। জনসাধাৰণৰ এটা
আশংকা যে লকডাউন নামানিলে সমগ্ৰ বিশ্বখনেই ধংসৰ পথলৈ আগবাঢ়ি যাব আৰু কৰোনা ভাইৰাছৰ
আতংকত সকলোৱে মৃত্যুক সাবটি ল’ব লগা হ’ব।
এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নামটিৰ দেউবিল গাঁৱৰ এগৰাকী যুৱতী
ঝৰ্ণা বৰুৱাক লকডাউনৰ সময়ত পঢ়া শুনাত কেনেধৰণৰ ব্যাঘাত জন্মিছে বুলি সোধাত তেওঁ কয়
যে- “কেৱল পঢ়া-শুনা বুলিয়ে নহয়, আন বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এক প্ৰকাৰে চাবলৈ
গ’লে শিক্ষাৰ দিশ টো যেন পিছপৰি গৈছে। কণ কণ শিশু সকলৰ পৰা আৰম্ভ কৰি, বিদ্যালয়,
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলোলৈকে যেন
অসুবিধা আহি পৰিছে। বৰ্ত্তমান চাকৰিৰ বাবে হ’বলগীয়া যিবোৰ পৰীক্ষা আছিল, সকলোবোৰ বাতিল
কৰিছে। তাৰ ফলত শিক্ষাৰ্থী সকলৰ অসুবিধা হৈছে। ‘প্ৰতিদিন টাইম’ নামৰ এক জনপ্ৰিয় চেনেলে
দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে ‘প্ৰতিদিন পাঠশালা’ নামৰ এক নামৰ এক অনুষ্ঠান আৰম্ভ
কৰিছে। প্ৰতিদিন টাইমৰ এই পদক্ষেপ সচাঁকৈ শলাগিবলগীয়া। তেওঁলোকৰ এয়া এক অনন্য
প্ৰচেষ্টা যাতে অনাগত দিনত দশম-শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ কোনো অসুবিধা নহয়। যদি
চৰকাৰে আন আন শ্ৰেণী বা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থী সকলৰ বাবেও
এনে পদক্ষেপ ল’লেহেতেন, তেন্তে মই ভাবো শিক্ষা বিষয়টো থমকি নৰ’ল হয়।”
ইয়াৰ সন্দৰ্ভত অন্য এগৰাকী ব্যক্তি প্ৰোৰ্ণকান্ত বৰুৱাৰ ওচৰলৈ যোৱাত তেওঁ কয়- “ক’ৰোনা
ভাইৰাছৰ আতংকৰ ফলত যি লকডাউন ঘোষণা কৰিলে তাৰ ফলত সমগ্ৰ বিশ্বখনতেই নিস্তব্ধ নিতাল
পৰিৱেশৰ সৃষ্টি হৈছে। জনসাধাৰণৰ দুখে যেন কুলাই-পাচিয়ে নধৰা হৈছে। বিশেষকৈ দৰিদ্ৰ
লোকসকল বহু সমস্যাৰ সম্মুখীন হৈছে। দোকান-পোহাৰ খুলিছে যদিও বস্তুৰ দাম অধিক হোৱাৰ ফলত
তেওঁলোকৰ কিনিবলৈ অসুবিধা হৈছে। সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিলেহে ভাইৰাছৰ পৰা হাত
সাৰিব পাৰিব। চৰকাৰে দৰিদ্ৰ সকলৰ কাৰণে যেন যিকোনো ধৰণৰ সাহাৰ্য্য প্ৰদান কৰে তাকেই
অনুৰোধ কৰিছোঁ। সকলোৱে লকডাউন মানি ঘৰতে থাকক, চেনিটাইজাৰ ব্যৱহাৰ কৰক। আমি সকলোৱে
সামাজিক দূৰত্ব বজাই ৰাখি এই ভাইৰাছৰ যেন নিৰাময় কৰিব পাৰো তাকেই কামনা
কৰিছোঁ।”