সামাজিক নিসংগতাৰ দ্বাৰা কৰোনাৰ নিয়ন্ত্ৰণ

ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সময়ত কিছুমান মানসিক সমস্যাৰ উদ্ভৱ হ’ব পাৰে, যেনে- খং ভাব, উদাস অনুভৱ কৰা, মনত অশান্তি অনুভৱ কৰা আদি, এই সমস্যা সমূহে মানুহৰ ওপৰত ব্যক্তিগত প্ৰভাৱ পেলাব পাৰে। অলপ সময়ৰ বাবে ঘৰত থকাটো কিছু পৰিমাণে ভাল লাগিলেও সময় বাঢ়ি যোৱাৰ লগে লগে কষ্টকৰ আৰু আমনিদায়ক হৈ পৰে। এনে ধৰণৰ মানসিক সমস্যা সমূহ কেনেদৰে নাইকিয়া কৰিব পাৰি তথা তেনে সময়ত নিজকে কিদৰে যোগাত্মক আৰু স্ফুৰ্তিত ৰাখিব পাৰি তাৰ কিছুমান উপায় তলত উল্লেখ কৰা হ’ল-

১) নিজকে ব্যস্ত কৰি ৰাখা, এটা নিৰ্ধাৰিত নিয়মিত কাৰ্যক্ৰমনিকা ব্যবহাৰ কৰা, ঘৰুৱা কাম কাজত সহায় কৰা।

২) গান শুনি, পঢ়ি, দূৰদৰ্শনত মনোৰঞ্জন মূলক কাৰ্য্যক্ৰম চাই নিজকে নকাৰাত্মক ভাবনা সমূহৰপৰা আঁতৰাই ৰাখা। পুৰণি কোনো বিশেষ আগ্ৰহ যেনে-ছবি অঁকা, বাগিচাৰ কাম কৰা বা চিলাই কৰা ইত্যাদি থাকিলে পুনৰ কৰিব পাৰে। নিজৰ আাগ্ৰহ সমূহ পুনৰুদ্ধাৰ কৰিব পাৰে।

৩) ভালকৈ খোৱা-বোৱা কৰা আৰু বেছি পৰিমাণৰ তৰল পদাৰ্থ গ্ৰহণ কৰিব লাগে।

৪) শাৰীৰিক ৰূপে সক্ৰিয় হোৱা। কিছুমানে ঘৰৰ ভিতৰতে থাকি কৰিব পৰা সৰল ব্যায়াম সমূহ কৰিব লাগে যিবোৰে শৰীৰক আাৰু অধিক সুস্থ কৰি তুলিব।

৫) বিতৰণ বাহাল ৰাখা, ওচৰে পাজৰে থকা কোনো লোকৰ উপদেশ, খাদ্য বা অন্য বস্তুৰ প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ নিজকে তৈয়াৰ কৰি ৰাখিব লাগে।

৬) বয়স্ক লোক সকল দোমোজাত পৰি মানসিক ভাবে ভাঙি পৰিব পাৰে, সহায় বিচাৰিব পাৰে। তেনে অবস্থাত তেওঁলোকৰ ঔষধ পাতি তথা দৈনন্দিন প্ৰয়োজনসমূহ যোগান ধৰি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়োৱা।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক