কৰোনা ভাইৰাছৰ ওপৰত সাক্ষাৎকাৰ

 চীনত উৎপত্তি কৰোনা ভাইৰাছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ই বিপদ জনক হৈ পৰিছে। ভৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি নিজৰ স্বাস্থ্যৰ নিৰাপত্তাৰ কথা নাভাবি স্বাস্থ্যকৰ্মী সকলেনো কি দৰে নিজৰ দায়িত্ব পালন কৰিছে সেই বিষয়ে জানিবলৈ আমি ডিমৌ উপস্বাস্থ্য কেন্দ্ৰৰ এজন M.P.W. পলাশ হাজৰিকাক লগ ধৰি ক’ৰোনা ভাইৰাছ ৰ ওপৰত কিছু প্ৰশ্ন কৰা হ’ল-

১) আপোনালোকে গাঁৱৰ মানুহৰ লগত কেনেধৰণৰ পৰীক্ষা কৰিছে?

উ: আমি গাঁৱৰ মানুহ সমূহৰ পৰীক্ষা কৰোঁতে জ্বৰ, চৰ্দী, কাহ, বমি আৰু তেজ পৰীক্ষা কৰোঁতে যদি পজিটিভ জলায় তেওঁলোকৰ ফোন নম্বৰ লৈ হস্পাতাললৈ নিয়াৰ ব্যৱস্থা ল’ব লাগে।

২) কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ কি কৰা উচিত?

উ: 
 ক) সামাজিক দূৰত্ব বজাই ৰখা উচিত।
 খ) সঘনে হাত ধুব লাগে, ২০ মিনিট পৰ্য্যন্ত হেণ্ড চেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰাৰ দৰকাৰ।
 গ) মাস্ক ব্যৱহাৰ কৰা উচিত।
 ঘ) কাহ বা হাচি মৰাৰ পিছত কেতিয়াওঁ মুখ, নাক, চকু চুব নালাগে।
 ঙ) অসুস্থ লোকে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে আৰু নিজকে কোৱাৰেন্টিন কৰি ৰাখিব লাগে।
 চ) ঘৰতে থাকিব লাগে।
৩) আপোনালোকৰ চুবুৰীয়াসমূহৰ পৰিদৰ্শনৰ সময়ত কেনেধৰণৰ সমস্যাৰ সম্মুখীন হৈছে ?

উ: গাঁৱৰ মানুহে আমাৰ কথা মানি লৈছে বাবে একো সমস্যাৰ সম্মুখীন হোৱা নাই।

৪) আপোনালোকে চুবুৰীত বা মেডিকেলত কোৱাৰেন্টাইন কৰোঁতে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী বা তেনেকুৱা লক্ষণ সমূহ ধৰা পৰিছে নেকি?

উঃ বৰ্তমানলৈকে পোৱা নাই।

৫) আপোনালোকে কিমান দূৰত্ব বজাই ৰাখে আৰু কিমান সময়ৰ পিছত হেণ্ড চেনিটাইজিং বা হাত ধোৱে?

উঃ আমি ১ মিটাৰৰ দূৰত্ব বজাই ৰাখো আৰু ২০ ছেকেণ্ডৰ মূৰে মূৰে হণ্ড চেনিটাইজ কৰোঁ।

৬) আপোনালোকে হোম কোৱাৰেন্টিন কৰোঁতে কি কি নিয়মাৱলী মানি চলিব লগা হৈছে ?

উঃ হোম কোৱাৰেন্টাইন কৰা ৰোগীজনক এটা ৰূমত আৱদ্ধ কৰি ৰাখিব লাগে। তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাব দিব নালাগে। তেওঁ নিজৰ খোৱা খাদ্য নিজে ৰান্ধি খাব লাগে, নিজৰ কাপোৰ নিজে ধুব লাগে। বান্ধি দিয়া নিয়মাৱলী সমূহ তেওঁ নিজেই মানি চলিব লাগে।

৭) জৰুৰীকালীন অৱস্থাত আপোনালোকে শিশুৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ?

উঃ জৰুৰীকালীন ভাবে ১০৮ ৰ ব্যৱস্থা কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

৮) আপোনালোকে ৰাইজক কি পৰামৰ্শ দিব বিচাৰে ?

উঃ পৰিস্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰাৰ লগতে ১ মিটাৰৰ দূৰত্ব বজাই ৰাখি, মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি সঘনাই হাত ধুই নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক