কৰোনা ভাইৰাছ আৰু আমাৰ কৰণীয়

 অসমৰ জাতীয় উৎসৱটিৰ সময় সমাগম। বছৰত হোৱা তিনিটা বিহুৰ আটাইতকৈ ৰং ধেমালীৰে উদযাপন কৰা বিহুটিয়ে হ’ল ৰঙালী বিহু। এক কথাত ক’ব হ’লে বিহু অসমীয়াৰ আবেগ। অতিজৰে পৰা জনসমাজত প্ৰচলিত বিহু অসমীয়াই উদযাপন কৰি নিজকে অসমীয়াৰ পৰিচয় দি একতাৰ এনাজৰীডাল শকত কৰি আহিছে। বহাগ মাহত অনুষ্ঠিত বহাগ বিহুৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপ পায়। চৰাই-চিৰিকতিৰ বিনন্দিয়া লগতে ঢেকীৰ শব্দ, ঢোল, পেঁপা, গগনা, বাহীৰ মাতে সকলোৰে মনত ৰঙৰ ঢৌ বোৱাই আনে। কিন্তু এইবাৰ হয়তো শুনা নাযাব ঢোল, পেঁপা, গগনা, বাঁহী আদিৰ মাত।

সাম্প্ৰতিক সময়ত চীনৰ উহান চহৰত উৎপত্তি হোৱা কৰোনা ভাইৰাছ (ক’ভিড-১৯) এ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। পানীত হাঁহ নচৰা যেন অৱস্থা হৈ আহিছে ক্ৰমান্বয়ে সকলো দেশতে। মুহুৰ্ততে মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। এই ভাইৰাছ বিশেষভাৱে চকু, নাক আৰু মুখৰ পৰা দেহৰ ভিতৰলৈ প্ৰবেশ কৰে। গতিকে দেশৰ অৱস্থালৈ চকু ৰাখি কেন্দ্ৰীয় চৰকাৰে কিছু নীতি নিৰ্দেশনা দেশৰ সকলো লোকলৈ জাৰি কৰিছে যাতে এই ভাইৰাছৰ বেছি দূৰলৈ বিস্তাৰ হ’ব নোৱাৰে। যেনে-

▶ যিকোনো চাবোনেৰে নিজৰ হাতত দুখন বাৰে বাৰে ধুই পৰিস্কাৰ কৰি ৰখা।
▶ যিহেতু আমি ভাইৰাছ আক্ৰান্ত লোকক তৎক্ষনাত চিনাক্ত কৰিব নোৱাৰি, গতিকে, আমি সকলো লোকৰ পৰা কমেও ১ বা ১ ১/২ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব যাতে ভাইৰাছ আমাৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।
▶ নিজকে পৰিস্কাৰ কৰি ৰখা।
▶ অবাবতে হাত দুখন চকু, মুখ, নাকৰ ওচৰলৈ নিয়াৰ পৰা বিৰত থকা।
▶ জনসাধাৰণৰ সমাগম স্থলিলৈ যোৱা নিষিদ্ধ কৰা।
▶ সেউজীয়া শাক-পাচলিৰ লগতে পুষ্টিকৰ খাদ্য সেৱন কৰিব লাগিব যাতে আমাৰ শৰীৰ শক্তিশালীভাৱে বীজাণুৰ সৈতে যুঁজ কৰিব পাৰে।
 উপৰোক্ত নিয়মাৱলীৰ ওপৰিও আমি বিভিন্ন ধৰণৰ কাম যেনে আমি পিন্ধা কাপোৰসমূহ সদায় ধুই চোকা ৰ’দত মেলিব লাগিব যাতে বীজাণু নাশ হয়। পানী উতলাই গৰম কৰি খাব লাগিব, যিকোনো বস্তু স্পৰ্শ কৰাৰ পিছত হাত ধুব লাগিব।

 এইদৰেই যদি আমি নিজেই সতৰ্ক হওঁ, আমাক নিশ্বয় এই ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। গতিকে, সকলোৱে যাতে এই নীতিসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখি নিজকে তথা পৃথিৱীখন কৰোনা ভাইৰাছ মুক্ত দেশ হিচাপে গঢ়ি তোলে।

 য’ত বিহুৰ কথা আহে, প্ৰতিজন অসমীয়াই যেন এই ৰঙালী বিহুটি অন্ততঃ নিজৰ ঘৰতে থাকি পালন কৰে। কাৰণ আমি থাকিলেহে বিহু থাকিব। গতিকে সকলো লোককে অনুৰোধ, এই ভাইৰাছৰ সাতে শক্তিৰে যুঁজ দিয়ক কিন্তু এই যুঁজৰ একমাত্ৰ কৌশল ঘৰত থকা। ঘৰত থাকক সুৰক্ষিত থাকক।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক