ঋতুস্ৰাৱৰ সময়ত কিশোৰীসকলে ল’ব লগীয়া সাৱধানতা মাজুলী জিলাৰ ৰতনপুৰ স্বাস্থ্যকেন্দ্ৰৰ এ.এন.এম অণিতা ফুকনৰ সৈতে এক সাক্ষাৎকাৰ

বিদিশা শইকীয়াঃ- মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কিশোৰী সকলে কেনেধৰণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে?

অনিতা ফুকনঃ- হয়, সাধাৰণতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়লৈ যেতিয়া দুই-তিনিদিন থাকে তেতিয়াৰ পৰাই আমাৰ কিশোৰী সকল সজাগ হ’ব লাগে। আৰু দুই তিনিদিনৰ আগতেই বহুতৰ কিছুমান লক্ষণে দেখা দিয়ে যেনে- তল পেটৰ বিষ, বগা শ্ৰাৱ যায়, প্ৰস্ৰাৱ সঘনাই হয়। কিছুমানৰ সেই সময়ত খুব বেছি ৰক্তক্ষৰণ হয় আৰু সেইবাবে তল পেটৰ বিষ হয়। ঋতুস্ৰাৱৰ প্ৰথম আৰু দ্বিতীয় দিনটোত চাৰি বাৰ কৈ পেড্ সলাব লাগে, নহলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আৰু যিসকলৰ পেটৰ বিষ নহয় যদিও দিনত দুবাৰ হ’লেও পেড্ সলাব লাগে। আৰু বিশেষকৈ ছোৱালী সকলে লোকৰ কাপোৰ পিন্ধিব নালাগে। নিজৰ কাপোৰ খিনিও ডেটল পানীত ডুবাই ৰাখি ধুই ৰ’দত শুকুৱাই পৰিধান কৰিব লাগে।

বিদিশা শইকীয়াঃ- বাইদেউ বৰ্তমান প্ৰায় কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত ভোগা দেখা গৈছে। এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল’ব লাগে?

অনিতা ফুকনঃ- বৰ্তমান বহু কিশোৰী ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত ভোগে। যিসমূহৰ অলপ বিষাই সেই সকলে কোনো চিন্তা কৰিব নালাগে। তেওঁলোকে গৰম পানী গ্ৰহণ কৰিব লাগে আৰু গৰম পানীৰ বেগেৰে সেক দিব লাগে নাইবা নাৰীৰ ওচৰত ঘিউ সানিলেই পৰিত্ৰাণ পাব। কিন্তু যিসকলে অত্যাধিক সহ্য কৰিব নোৱাৰে সেই সকলে ডাক্তৰৰ ওচৰত পৰামৰ্শ ল’ব লাগে আৰু পৰামৰ্শ অনুযায়ী টেবলেট খাব পাৰে।

বিদিশা শইকীয়া:- মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে?

অনিতা ফুকন:- হয়, সেই সময়ত যিহেতু কিশোৰী গৰাকী অতি দুৰ্বল হৈ থাকে সেয়ে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা অতি জৰুৰী যেনে- গাখীৰ, সেউজীয়া শাক-পাচলিৰ ৰস, আৰু ভিটামিন-K গ্ৰহণ কৰিব লাগে। আইৰণযুক্ত খাদ্য যেনে কলদিল আদি খাব লাগে। ব্যস্ততা মাজত এইকণ সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক