আন্তৰ্জাতিক কন্যা শিশু দিৱস

প্ৰতিবছৰে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহ ১১ অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক কন্যা শিশু দিৱস হিচাপে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথমে এই দিৱস পালন কৰা হৈছিল। প্লেন ইন্টাৰনেচনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠপোষকতাত এটি প্রকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশুৰ জন্ম হৈছিল। এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল প্লেন ইন্টাৰনেচনেলৰ “কাৰণ মই এজনী ছোৱালী” নামৰ আন্দোলনটোৰ পৰা। এই আন্দোলনৰ মূল কাৰ্য্যসূচী হ’ল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা। এই সংস্থাৰ কানাডাৰ বিষয়ববীয়া সকলে এই আন্দোলনক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ কানাডাৰ চৰকাৰৰ সহায় লয়। পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত কানাডাই আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হয় আৰু ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য অন্যান্য উল্লেখযোগ্য ক্ষেত্ৰসমূহ হ’ল শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায়, ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক বাল্য বিবাহ বন্ধ কৰা। প্ৰতিবছৰে ইয়াৰ একোটা প্ৰতিপাদ্য (ঠিম) থাকে। যেনে- প্ৰথম কন্যা শিশু দিৱসৰ প্ৰতিপাদ্য আছিল, “বাল্য বিবাহ বন্ধ কৰা”, দ্বিতীয় বাৰ ২০১২ ৰ প্ৰতিপাদ্য আছিল “ছোৱালীৰ শিক্ষা ক্ষেত্ৰ অভিনৱ কৰি তোলা”। এনেদৰে বিভিন্ন প্ৰতিপাদ্য অনুযায়ী এই দিৱস পালন কৰা হয়। কন্যা শিশু দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন দেশত বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়, তাৰে কিছুমান ৰাষ্ট্ৰসংঘই প্ৰযোজনা কৰে। যেনে, ভাৰতৰ মুম্বাইত অনুষ্ঠিত সাংগিতিক অনুষ্ঠান। কিছুমান বেচৰকাৰী সংস্থা যেনে অষ্ট্ৰেলিয়াৰ গাৰ্ল গাইড অষ্ট্ৰেলিয়াই ভালেমান কাৰ্য্যসূচী পালন কৰে। স্থানীয় সংঘই নিজা নিজা অঞ্চলত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে। যেনে দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত টি-চাৰ্ট ছোৱালীৰ মাজত বিতৰণ কৰা হয়।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক