ঋতুস্ৰাৱ আৰু কিশোৰী সকলৰ সমস্যা

পৃথিৱীৰ প্ৰতি গৰাকী নাৰী মাহেকীয়া ঋতুস্ৰাৱৰ সন্মুখীন হয়। ই এক স্বাভাৱিক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া। সাম্প্ৰতিক সময়ত বিশেষকৈ কিশোৰী সকল মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত বিভিন্ন অসুবিধাত ভোগা দেখা যায়। ৰাৱনাপাৰ অঞ্চলৰ কেইগৰাকীমান কিশোৰীৰ লগত তেওঁলোকৰ লগত এক সাক্ষাৎকাৰ।

বিদিশা শইকীয়া:- তোমালোকে ঋতুস্ৰাৱৰ সময়ত কেনেকুৱা অনুভৱ কৰা আৰু কিবা অসুবিধাত ভোগা নিকি?

প্ৰথম কিশোৰীঃ- হয় মই ঋতুস্ৰাৱৰ সময়ত বহু অস্বস্তি অনুভৱ কৰোঁ। সেই সময়ত মোৰ অত্যাধিক তলপেটৰ বিষ হয়, কেতিয়াবা মূৰৰ বিষ হয়, আৰু সেই সময়ত মায়ে গৰম পানী খাবলৈ দিয়ে আৰু কাপোৰ গৰম পানীত তিয়াই পেট সেকি দিয়ে।

বিদিশা শইকীয়াঃ- তুমি এনে অসুবিধা হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱানে?

প্ৰথম কিশোৰীঃ- নাই, বৰ্তমানলৈকে ডাক্তৰৰ পৰামৰ্শ লোৱা নাই।

বিদিশা শইকীয়াঃ- যিহেতু চৰকাৰে আশাকৰ্মীৰ দ্বাৰা কিশোৰী সকলৰ বাবে এখন আঁচনি প্ৰস্তুত কৰি বিনামূলীয়া নেপকিনৰ প্ৰদান কৰিছে এই বিনামূলীয়া নেপকিনৰ সুবিধা তোমালোকে পাইছা নে?

দ্বিতীয় কিশোৰীঃ- হয় আমি জানিবলৈ পাইছিলোঁ যে এক আঁচনিৰ জৰিয়তে আমাক নেপকিন প্ৰদান কৰিছে কিন্তু আমি আশাকৰ্মীৰ পৰা তেনে কোনো সুবিধা পোৱা নাই। আৰু বহু সময়ত শুনিবলৈ পাইছিলোঁ সেই নেপকিন সমূহ বিতৰণ কৰাৰ পৰিৱৰ্তে নষ্ট হ’বলৈ দি জ্বলাই দিয়াৰ কথা।

বিদিশা শইকীয়াঃ- পুৰণা ৰীতি-নীতিৰ মতে সেই সময়ত কিশোৰীৰ সকলক বহু কামৰ পৰা বঞ্চিত কৰা হৈছিল। তোমালোকেওঁ ঋতুস্ৰাৱৰ সময়ত বিভিন্ন কামৰ পৰা বঞ্চিত হৈছাঁ নেকি?

তৃতীয় কিশোৰীঃ- হয়, যিহেতু আমাৰ ঘৰত আইতা আছে সেয়ে কিছুমান নীতি আমিও মানি চলিব লগা হয়। আমাক সেই সময়ত বিদ্যালয়লৈ যাবলৈ নিদিয়ে। সমনিয়াৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে সেই তিনিদিন একেটা কোঠাৰ ভিতৰত সোমাই থাকিব লগা হয়।

বিদিশা শইকীয়াঃ- তুমি সেই সময়ত কেনেধৰণৰ আহাৰ গ্ৰহণ কৰা আৰু সেই সময়ত কিবা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছাঁ নেকি?

চতুৰ্থ কিশোৰীঃ- আমাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত সাধাৰণ খাদ্যই গ্ৰহণ কৰোঁ। আৰু যিহেতু আমি অধ্যয়ন কৰি পাইছোঁ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যিসমূহ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে, আমি তেনে খাদ্য খোৱাৰ পৰা বঞ্চিত হৈছোঁ।

যিহেতু কিশোৰী সকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত অতি সাৱধানতাৰ প্রয়োজন সেয়ে তেওঁলোকৰ অসুবিধা সমূহৰ প্ৰতি গুৰুত্ব দিয়া অতি প্ৰয়োজন। আৰু লগতে কিশোৰীসকল আৰু অভিভাৱক সকলৰ মাজত মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সৱধানতাৰ ওপৰত বৰ্তমানেও সজাগতাৰ প্ৰয়োজন আছে বুলি অনুমান কৰিব পাৰি।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক