যুৱ সাংবাদিক নিবেদীতা শইকীয়া আৰু খণ্ড প্ৰকল্প সহায়ক যদুমণি ভূঞাৰ মাজত হোৱা এটা সাক্ষাৎকাৰ

নিবেদিতা শইকীয়াঃ- ছাৰ নমস্কাৰ যিহেতু এতিয়া পোষণ মাহ চলি আছে মই আপোনাৰ পৰা পোষণ মাহৰ ওপৰত কিছু কথা জানিবলৈ চেষ্টা কৰিম।

যদুমণি ভূঞা:- তোমাকো নমস্কাৰ

নিবেদিতা শইকীয়া:- ছাৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ অধিনত মাজুলীত কেনেধৰণৰ আচঁনি গ্ৰহণ কৰা হৈছে।

যদুমণি ভূঞা:- ভাৰতবৰ্ষৰ এখন উন্নয়শীল ৰাষ্ট্ৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহত স্বাস্থ্যজনিত বহুখিনি সমস্যা দেখিবলৈ পোৱা যায় তাৰ ভিতৰত এটা সমস্যা হৈছে পুষ্টিহীনতা। পুষ্টিহীনতাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে গভৱতী মহিলা, প্ৰসূতি মাতৃ তথা শিশু সকল আমাৰ ভাৰতবৰ্ষত পুষ্টিহীনতাত ভূগি আছে আৰু পুষ্টিহীন এখন সমাজক মুক্ত কৰিবৰ কাৰণে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পোষণ অভিযান নামৰ এটি অভিযান আৰম্ভ কৰে যাৰ মূল লক্ষ্য হৈছে ভাৰতবৰ্ষক এখন পুষ্টিহীন মুক্ত সমাজ দান কৰা এই অভিযানতো আৰম্ভ হোৱাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতেই ইয়াৰ কাৰ্যসূচী চলি আছে আৰু আমাৰ অসম তথা মাজুলীতো এই কাৰ্য্যসূচীৰ অন্তৰ্গত প্ৰত্যেক বছৰৰ প্ৰতিটো দিনতে এই কাৰ্য্যসূচী চলি থকাৰ উপৰিও এই ছেপ্তেম্বৰ মাহতো আমি এক বিশেষ গুৰুত্ব প্ৰদান কৰোঁ যাতে ‌সমাজত সজাগতাৰ সৃষ্টি কৰিব পাৰি পুষ্টিহীনতা কেনেদৰে আঁতৰাব পাৰি তাৰ কাম কৰিবৰ কাৰণে আমি ছেপ্তেম্বৰ মাহটোক পোষণ মাহ হিচাপে পালন কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰত্যেক খন ৰাজ্য বা জিলা মহকুমাত কৰি থকাৰ দৰে আমাৰ মাজুলীতো আমি বৰ্তমান ৫৯৮ টা অংগনবাদী কেন্দ্ৰ আছে আমি ৫৯৮ টা‌ কেন্দ্ৰতেই একোখনকৈ পুষ্টিবাগান নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আমি থলুৱাভাৱে যিখিনি শাক-পাচলি পাওঁ সেই শাক-পাচলি ৰ পৰা পোৱা উপাদান খিনি ঘৰতেই বা কেন্দ্ৰটোতেই উৎপাদন কৰি শিশু সকলৰ, প্ৰসূতি মাতৃ গৰাকীৰ গৰ্ভৱতী মহিলা গৰাকীক সেই খাদ্য সামগ্ৰী খোৱাই কেনেধৰণে পুষ্টিহীনতা নাইকীয়া কৰিব পাৰোঁ সেইকাৰণে এইটো এটা সজাগতা অভিযান। ৫৯৮ খন পুষ্টি বাগান। খোলৰ উপৰিও মাননীয় উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ ক্ৰমে বিশ খন আদৰ্শ পুষ্টি বাগান নিৰ্মাণ কৰিছোঁ য’ত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু বিভিন্ন ধৰণৰ ঔষধি যুক্ত উদ্ভিদ থাকিব তাৰ পৰাই শিশুসকল প্ৰসূতি মাতৃ সকলে তাৰ পৰা খাদ্য সামগ্ৰী গ্ৰহণ ‌কৰিব‌ পাৰিব। আমি পৰিপুষ্ট হ'বৰ বাবে অকল খাদ্য সামগ্ৰী খালেই নহ'ব যোগ আমাৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ এটা অপৰিহাৰ্য উপাদান সমগ্ৰ মাজুলীতেই যোগাভাসৰ জৰিয়তে কেনেকৈ আমাৰ সুস্থ শৰীৰ পাবৰ কাৰণে আমি যোগ শিবিৰ পাতিছো। প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা আৰু শিশু সকলৰ ওজন লৈছো আমি growth monitoring মাহ হিচাপে আগষ্ট মাহতো লৈছো। যিখিনি শিশু পুষ্টিহীনতাত ভূগি আছে, যাৰ ওজন কম, উচ্চতা কম, সেই শিশুসকলক খাদ্য সামগ্রী যোগান ধৰি পৰিপুষ্ট কৰি তুলিব পাৰিম। এই আটাখিনি সামৰি ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হৈছে।

নিবেদিতা শইকীয়া:- মাজুলীত পুষ্টিহীনতাৰ হাৰ সৰ্বভাৰতীয় তুলনাত কম নে বেছি যদি বেছি ইয়াক হ্ৰাস কৰিবলৈ কেনেধৰণৰ ব্যবস্থা কৰা হৈছে?

যদুমণি ভূঞা:- বৰ্তমান মাজুলীত ভাৰতষৰ তুলনাত পূষ্টিহীনতাৰ হাৰ কম। ভাৰতবৰ্ষত বৰ্তমান ৩৮% পুষ্টিহীনতাত ভূগি আছে মাজুলীত আমি ১০০% পুষ্টিহীন শিশু ‌নাগৰিক নাইকীয়া কৰিবলৈ চেষ্টা কৰি আছোঁ। এখন পৰিপুষ্ট মাজুলী নিৰ্মাণ কৰিবৰ বাবে অংগনবাদী কৰ্মী আৰু আমি‌ যৎপৰোনাষ্টি চেষ্টা কৰি আছোঁ প্ৰত্যেক গৰাকী অংগনবাদী কৰ্মীয়ে প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা, শিশু সকলক খাদ্য সামগ্ৰী যোগান ধৰে। আমি প্ৰতি মাহতে growth monitoring কৰোঁ। প্ৰতি বুধবাৰে VHND হয় চিকিৎসা ‌বিভাগৰ লগত join হৈ আমি কাম কৰোঁ। য’ত ANM, আশা Supervisor, অংগনবাদী কৰ্মী লগ হৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰে, বিভিন্ন ধৰণৰ টিকাকৰণ প্ৰদান কৰে। ভাৰত চৰকাৰে মাতৃ বন্দনা যোজনা বুলি এটা যোজনা হাতত লৈছে যাৰ দ্বাৰা গৰ্ভৱতী মহিলা গভত থকা শিশুটো সুস্থ সবল কৰি জন্ম দিবৰ কাৰণে খাদ্য সামগ্ৰী যোগানৰ বাবে পাঁচ হাজাৰকৈ টকা দিয়ে এনেধৰণৰ কাম কাজ চলি আছে চলি থাকিব।

নিবেদিতা শইকীয়া:- ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ আধিনত শিশু কিশোৰ কিশোৰী, গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃ তথা ৰাইজক কি আহ্বান জনাব ?

যদুমণি ভূঞা:- ৰাইজৰ প্ৰতি আমাৰ এইটোৱে আহ্বান যে আমি সজাগ হ'বৰ হ'ল। অভিভাৱক সকলক কওঁ‌ যে যিটো জনসংখ্যা নিধি তাৰ ওপৰত গুৰুত্ব দিব লগে চৰকাৰে বান্ধি দিয়া দুটাতকৈ বেছি সন্তান জন্ম দিলে মাতৃ গৰাকীৰ শৰিৰৰ ওপৰত প্ৰভাৱ পৰে। মাতৃ গৰাকীৰ শৰীৰ বেয়া হ'লে শিশুৰ শৰীৰ বেয়া হয় গতিকে ইয়াৰ ওপৰত অকণমান সজাগ হ'ব লাগিব শিশুটিৰ পুষ্টিৰ কাৰণে যিখিনি খাদ্যৰ প্ৰয়োজন সেইখিনি যোগান দিয়াটো অভিভাৱক সকলৰ গুৰুত্ব দিব লগে।

নিবেদিতা শইকীয়া:- ছাৰ আপুনি আমাক ইমান খিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক