শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ সৈতে সাক্ষাৎকাৰ

যোৱা আগষ্ট মাহত বিশ্ব স্তনপান দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ জয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া শ্ৰীযুতা ৰুণু তালুকদাৰ বাইদেউৰ লগত এক সাক্ষাৎকাৰ লোৱা হয়। উক্ত সাক্ষাৎকাৰত তেখেতেৰ প্ৰকল্পৰ অধীনত কি ধৰণে এই বিশ্ব স্তনপান দিৱসটো পালন কৰিব লৈছে সেই বিষয়ে সোধাত তেখেতে কয়, বৰ্তমান ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অনুষ্ঠান পাতিব পৰা নাই যদিও সেই প্ৰকল্পটোৰ সমূহ মূখ্য সেৱিকা আৰু অংগনবাদী কৰ্মীসকলৰ প্ৰত্যেকে মাস্ক তৈয়াৰ কৰে আৰু যিসকল প্ৰসূতি মাতৃ আছে, প্ৰত্যেককে একোখনকৈ মাস্ক বিতৰণ কৰে যাতে নিজৰ শিশু সকলক মাতৃদুগ্ধ দিয়াৰ সময়ত মাস্ক পৰিধান কৰিবলৈ পাহৰি নাযায়। ক’ভিড পৰিস্থিতিত যাতে সকলো মাতৃয়ে আটাইবোৰ ক’ভিড প্ৰট’কল মানি চলি নিজৰ শিশুসকলকো সুৰক্ষা দিব পাৰে, তাৰ বাবে বিভিন্ন ধৰণৰ সজাগতামূলক আলোচনা কৰে। সেই আলোচনা সমূহতে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা, মাতৃদুগ্ধ পান কৰাৰ সময়ত শিশু সকলক কি ধৰণে মাতৃয়ে ধৰিব লাগে, কি ধৰণে কোলাত ল’লে শিশুৱে মাতৃদুগ্ধ ভালদৰে পাব পাৰিব ইত্যাদি কথাসমূহ আলোচনা কৰে। ইয়াৰোপৰি, বেনাৰ, পোষ্টাৰ, আদিবোৰ প্ৰস্তুত কৰি মাতৃদুগ্ধৰ উপকাৰিতাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়। লগতে জন্মৰ পৰা ৬ মাহৰ ভিতৰত কেৱলমাত্ৰ মাতৃদুগ্ধ খুওৱা কথাটো ১০০ শতাংশ মাতৃয়ে মানি চলিছেনে বুলি সোধাত কয়, এশ শতাংশ মাতৃয়ে এই কথাটো মানি চলা নাই। বহুক্ষেত্ৰত দেখা যায় যে প্ৰাইভেট চেক্টৰত কাম কৰা মাতৃ সকলে ৬ মাহৰ আগতেই কামত পুনৰ যোগদান কৰে বাবেই অন্য গাখীৰৰ বটলত খুৱাবলৈ চেষ্টা কৰে লগতে বিভিন্ন সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া টেমাৰ গাখীৰৰ প্ৰতি আগ্ৰহী হয় বুলি প্ৰকাশ কৰে। এইক্ষেত্ৰত প্ৰকল্প বিষয়া গৰাকীয়ে মাতৃসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰিত সেই বিজ্ঞাপন সমূহৰ প্ৰতি আকৃষ্ট নহ’বলৈ আহ্বান জনায়।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক