বানপানী সন্দৰ্ভত এটি দুৰ্যোগ ব্যৱস্থাপনাৰ এগৰাকী বিষয়াৰ সৈতে সাক্ষাৎকাৰ

প্ৰশ্নঃ বৰ্তমান আমাৰ বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ বান পৰিস্থিতিৰ বিষয়ে আপোনাৰ বক্তব্য কি ?

উত্তৰঃ বিগত কেইবছৰৰ দৰে এইবছৰো অসমৰ ১৩ খন জিলা বানপানীত আক্ৰান্ত হৈছে। জিলাকেইখ হৈছে- বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া জিলা। ডিব্ৰুগড় জিলাত বৰ্তমানলৈকে বানপানীয়ে বিশেষ ক্ষতিসাধন কৰা নাই। এতিয়ালৈকে অহা বানৰ দুটাকৈ ঢৌত চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ দধীয়া বনগাওঁত ৩৭১৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছিল। এইসকল বানাক্ৰান্ত লোকক জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা চাউল, দাইল, নিমখ আদি বিতৰণৰ ব্যৱস্থা কৰা হয়।

প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত ল’বলগীয়া সাৱধানতা সমূহৰ বিষয়ে কি পৰিকল্পনা লোৱা হৈছে আমাক জনাব নেকি ?

উত্তৰঃ বানপানী হোৱা অঞ্চল সমূহত প্ৰধানতঃ খাদ্য, চিকিৎসা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, সূচল যাতায়তৰ ব্যৱস্থা, বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা কাৰ্য্য, আশ্ৰয় শিবিৰ স্থাপন আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগতীয়াকৈ পৰিকল্পনা যুগুত কৰা হয়। ইয়াৰ উপৰিও বানাক্ৰান্ত লোকৰ বাবে বানপানীৰ আগত অথবা বানপানীৰ সময়ত আৰু বানৰ পিছৰ পৰ্য্যায়ত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হয়। বহুক্ষেত্ৰত প্ৰশিক্ষিত স্বেচ্চাসেৱক বাহিনীৰো সহায় লোৱা হয়।

প্ৰশ্নঃ এই বানপানী যেতিয়া হয় তেতিয়া বিশেষকৈ কোন কোন ব্যক্তি বিশেষৰ বেছি অসুবিধা হয় বুলি ভাবে ?

উত্তৰঃ বানপানীত বিশেষকৈ শিশু, মহিলা, সন্তানসম্ভৱা মহিলা, শাৰীৰিকভাৱে দূৰ্বল, অক্ষম, ৰুগীয়া আৰু বৃদ্ধ লোকসকলে বেছি অসুবিধাৰ সম্মুখীন হোৱা দেখা যায়।

প্ৰশ্নঃ বানপানী অধ্যুষিত অঞ্চল সমূহৰ ব্যক্তি সকলে যোগাযোগৰ ব্যৱস্থা কি ধৰণে কৰে ?

উত্তৰঃ বানপানী হোৱা অঞ্চলসমূহত যোগাযোগৰ বাবে সেই অঞ্চলৰ ৰাইজে প্ৰধানতঃ হাত নাও আৰু কিছু ক্ষেত্ৰত মেচিন নাও ব্যৱহাৰ কৰে। তদুপৰি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা এই লোকসকলৰ মাজত থলুৱাভাবে ঘৰতে উপলব্ধ সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা নাও, ওপঙা সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।

প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত মানুহৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়, আপোনাৰ এই প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হয় নেকি ? যদি হয়, সেইবোৰ কেনেধৰণৰ হয় ?

উত্তৰঃ বানাক্ৰান্ত লোকৰ মাজত দেখা দিয়া বিভিন্ন ৰোগ যেনে জ্বৰ, কাহ, ডায়েৰিয়া আদি নিৰাময়ৰ বাবে চিকিৎসা বিভাগৰ দ্বাৰা ভ্ৰাম্যমান চিকিৎসকৰ দল সঘনাই প্ৰেৰণ কৰা হয়। বানপানী শুকোৱাৰ পিছত সকলো অঞ্চললৈ চিকিৎসকৰ দল অধিক মাত্ৰাত প্ৰেৰণ কৰা হয়। এইক্ষেত্ৰত চিকিৎসা কৰ্মী সকলৰ লগতে বানাক্ৰান্ত অঞ্চললৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল, পশুধন বিভাগৰ দল পঠিওৱা হয় যাতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু পশুচিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়।

প্ৰশ্নঃ এই দুৰ্যোগৰ সময়ত আমাৰ শিশু সকলক কি কাৰণে ৰক্ষণাবেক্ষণ দিয়া হয় জানিব পাৰোঁ নেকি ?

উত্তৰঃ শিশুসকলৰ সুৰক্ষাৰ বাবে সমাজকল্যাণ বিভাগৰ অধীনস্থ অংগনবাদী কৰ্মীসকলে ব্যৱস্থা গ্ৰহণ কৰে। শিশুখাদ্য বিতৰণ, স্বাস্থ্য সুৰক্ষাৰ বিভিন্ন বিধি আদিৰ ওপৰত শিশুক শিক্ষা প্ৰদান কৰা হয়। স্বাস্থ্য কৰ্মীৰ সহায়ত শিশুৰ স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষণ, আশ্ৰয় শিবিৰত থকা শিশুসকলৰ বাবে শিশু উমলা গৃহ তথা শিক্ষাৰ ব্যৱস্থা কৰা হয়। আনহাতে, শিশুসকলে যাতে বাৰিষাৰ এই সময়চোৱাত বিভিন্ন জলাশয়ত খেলা-ধুলা কৰাৰ পৰা বিৰত থাকে তাৰবাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হয়।

প্ৰশ্নঃ বানপানীৰ ফলত হোৱা বিভিন্ন সমস্যা সমূহ সমাধানৰ কি স্থায়ী ব্যৱস্থা লোৱা আছে জনাব নেকি ?

উত্তৰঃ বানপানীৰ ফলত বাট-পথ, বিদ্যালয় গৃহ, অংগনবাদী কেন্দ্ৰ, খোৱাপানীৰ উৎসসমূহ, ঘৰদুৱাৰ, চিকিৎসাকেন্দ্ৰ, মাছ পোহা পুখুৰী আদি ৰাজহুৱা আৰু ব্যক্তিগত সম্পদসমূহৰ ক্ষতিসাধন হয় আৰু এইবোৰে অন্যফালেদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাসমূহ লাঘৱ কৰিবৰ বাবে চৰকাৰীভাবে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ তথা পুনৰনিৰ্মাণৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আনহাতে ৰাজহুৱা সম্পদসমূহৰ পুনৰনিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক