এ.এন.এম গীতাশ্ৰী বৰা সাক্ষাৎকাৰ

মই যুৱ সাংবাদিক আশাপ্ৰিয়া কলিতা, মই এতিয়া উপস্থিত আছো আদি এলেঙি অংগনবাদী কেন্দ্ৰত। ইয়াতে পোষণ মাহৰ কাৰ্যসূচীৰ ৰুপায়ণ কৰিবলৈ আহি উপস্থিত হৈছেহি বালিচাপৰি উপস্বাস্থ্য কেন্দ্ৰৰ এ.এম.এম গীতাশ্ৰী বৰা বাইদেউ। মই এই সম্পৰ্কত কিছু কথা জানিবলৈ চেষ্টা কৰিম।

আশাপ্ৰিয়াঃ- বাইদেউ মই প্ৰথমতে আপোনাৰ পৰা বিচাৰিম পোষণ মাহ মানে কি? এই পোষণ মাহৰ উদ্দেশ্য কি?

এ.এম.এমঃ- ই এক ভাৰত চৰকাৰৰ জন কল্যাণ আঁচনি। ২০১৮ চনৰ ৰাষ্ট্ৰীয় পৰিষদে শিশু, কিশোৰী তথা গৰ্ভৱতী মহিলাৰ পৰিপুষ্টি নিশ্চিতকৰণৰ বাবে সকলোকে সজাগ কৰি তোলাই এই আচঁনিৰ উদ্দেশ্য। এই আচঁনিৰ মতে বছৰৰ ১ উদ্দেশ্য ছেপ্তেম্বৰ পৰা, ৩০ চেপ্তেম্বৰ লৈ মাহতো পোষণ মাহ হিচাপে পালন কৰা হয়। মুঠৰ ওপৰত দেশক অপুষ্টিৰ পৰা মুক্ত কৰোৱা এই আচঁনিৰ প্ৰধান উদ্দেশ্য।

আশাপ্ৰিয়াঃ- শিশু সকল আৰু প্ৰসূতি মাতৃ আৰু গৰ্ভৱাতী মহিলাসকলক পুষ্টিহীনতাৰ পৰা বচাই ৰাখিবলৈ কি উপায় অৱলম্বন কৰিব লাগে?

এ.এম.এমঃ- শিশু গৰ্ভৱতী আৰু প্ৰসূতি সকলক ঘৰতে উৎপাদিত বিভিন্ন শাক-পাচলি, ফল-মূল, যেনে, আম, মধূৰি, লিচু, কলমৌ শাক, কচু, ঢেকীয়া, মানিমুনি, ভেদাইলতা আদি বিভিন্ন ধৰণৰ পাচলিৰ লগতে মাছ, মাংস, গাখীৰ, কণী আদি খাব লাগে।

আশাপ্ৰিয়াঃ- মাতৃ দুগ্ধপান শিশুৰ বাবে কিমান উপকাৰী?

এ.এম.এমঃ- মাতৃৰ দুগ্ধই এটি নৱজাত শিশুক শাৰীৰিক মানসিক বিকাশৰ উপৰিও ৰোগ প্ৰতিৰোধৰ কৰাত সহায় কৰে। মাতৃ দুগ্ধ শিশুৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আহাৰ। শিশুৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পুষ্টি মাতৃ দুগ্ধত পোৱা যায়। জম্মৰ পৰা আধা ঘন্টাৰ ভিতৰত মাতৃ দুগ্ধপান কৰাব লাগে। প্ৰথমতে নিগৰিত কল'ষ্ট্ৰাম মুক্ত দুগ্ধ শিশুৰ বাবে অতি উপকাৰী। জম্মৰ পৰা ছয় মাহলৈকে মাতৃ শিশুক কেৱল মাতৃ দুগ্ধপান কৰাব লাগে।

আশাপ্ৰিয়াঃ- আজি এই অনুষ্ঠানৰ জৰিয়তে আপুনি শিশু, গৰ্ভৱতী মহিলা আৰু মাতৃ সকলৰ প্ৰতি কি আহ্বান জনাব ?

এ.এম.এমঃ- মই শিশু ,প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলা সকলক এয়াই আহ্বান জনাম, মাতৃ দুগ্ধপান আৰু পৰিপুষ্টিৰ ওপৰত সজাগ হ'ব লাগে আৰু আনকো সজাগ কৰি সকলোৰে স্বাস্থ্য সুৰক্ষিত কৰিব লাগে।

এইখিনি সময় আমাক দিয়া বাবে ধন্যবাদ বাইদেউ ।

এ.এম.এমঃ- ধন্যবাদ


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক