কাকপথাৰ আৰক্ষী থানাৰ বিষয়া মিন্টু বৈশ্য দেৱৰ সৈতে সাক্ষাৎকাৰ

তিনিচুকীয়া জিলাৰ যুৱ সাংবাদিক শ্ৰীমতী শোভাসনা দত্তই বৰ্তমান কাকপথাৰ অঞ্চলৰ শিশু সকলৰ বিভিন্ন সমস্যা তথা মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতিত শিশু সকলৰ সন্দৰ্ভত আৰু ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহাৰা হোৱা অনাথ শিশুৰ ওপৰত কাকপথাৰ থানাৰ আৰক্ষী বিষয়া শ্ৰীযুত মিন্টু বৈশ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ-

শোভাসনাঃ নমস্কাৰ, মই তিনিচুকীয়া জিলা মইনা পাৰিজাত তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয় আৰু ইউনিচেফৰ উদ্যোগত ৰূপায়িত হৈ থকা যুৱ সাংবাদিক নেটৱৰ্কৰ এগৰাকী যুৱ সাংবাদিক। মোৰ নাম শ্ৰীমতী শোভাসনা দত্ত। কাকপথাৰ ৰাধাকৃষ্ণণ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী।

আৰক্ষী বিষয়াঃ নমস্কাৰ।

শোভাসনাঃ শিশুসকলৰ ওপৰত হৈ থকা শাৰীৰিক আৰু মানসিক নিৰ্য্যাতন ৰোধ কৰাত এগৰাকী আৰক্ষী বিষয়া হিচাপে আপোনাৰ পদক্ষেপ কি ধৰণৰ?

আৰক্ষী বিষয়াঃ আমি যিমান পাৰো শিশুসকলক এক ভয়, শংকা, মুক্ত, সুস্থ পৰিৱেশ দিয়াৰ বাবে সদায় প্ৰস্তুত হৈ থাকো। চাইল্ড হেল্পলাইন নাম্বাৰ ১০৯ ৰ জৰিয়তে বা অন্য ধৰণেৰে এই ক্ষেত্ৰত কিবা অভিযোগ লাভ কৰিলে তৎকালে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। লগতে বহুতো অভিভাৱকে মদ্যপান কৰি ঘৰখনত এক অসুস্থ পৰিৱেশৰ সৃষ্টি কৰে। তেনে অভিযোগ পালেও আমি যিমান পাৰো বুজাই মেলি বা অন্য ধৰণেৰে শিশু সকলক সহায় কৰিবলৈ চেষ্টা কৰোঁ। শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো অভিযোগ থাকিলে বা দৃষ্টিগোচৰ হ’লে আমি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ।

শোভাসনাঃ কাকপথাৰ অঞ্চলত শিশু নিৰ্য্যাতনৰ সন্দৰ্ভত কিমান গোচৰ ৰুজো হৈছে?

আৰক্ষী বিষয়াঃ মোৰ কাৰ্য্যকালত বৰ্তমানলৈ কোনোধৰণৰ শিশু নিৰ্যাতনৰ গোচৰ ৰুজো হোৱা নাই। এইক্ষেত্ৰত আমি সকলো ধৰণৰ সহায়ৰ বাবে সদায় সাজু হৈ আছোঁ।

শোভাসনাঃ বৰ্তমান চৰকাৰে কোনো হোটেল, কৰ্মস্থান বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাত বাধা আৰোপ কৰিছে। অৰ্থাৎ ই এক আইন বিৰুদ্ধ কথা। কাকপথাৰ অঞ্চলত তেনেধৰণৰ আপোনালোকে কিবা অভিযোগ পাইছে নেকি?

আৰক্ষী বিষয়াঃ পূৰ্বতে দুই-এক অভিযোগ লাভ কৰা হৈছে যদিও বৰ্তমান তেনেধৰণৰ কোনো অভিযোগ পোৱা নাই। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সকলোৱে সহায় কৰিব লাগিব। এনেধৰণৰ শিশু শ্ৰমিকৰ নিয়োগ সঁচাকৈ এক আইন বিৰুদ্ধ কথা। ৰাইজ তথা দল সংগঠন, সাংবাদিক আৰু সমাজৰ সচেতন সকলো ব্যক্তিয়েই এইক্ষেত্ৰত আৰক্ষীক সহায় কৰিব লাগিব।

শোভাসনাঃ ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহীন হোৱা শিশুসকলক চৰকাৰে আৰ্থিকভাৱে সাহাৰ্য্য প্ৰদান কৰাৰ লগতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আমাৰ কাকপথাৰ অঞ্চলত তেনে কোনো শিসুৱে সাহাৰ্য্য লাভ কৰিছে নেকি?

আৰক্ষী বিষয়াঃ আমি কাকপথাৰ অঞ্চলত শিশু অৱস্থাত তিনিজন শিশুৰ পিতৃ অথবা মাতৃৰ বিয়োগ ঘটিছে। কিন্তু একেবাৰে নিঠৰুৱা হৈ পৰা কোনো শিশু নাই। এইক্ষেত্ৰত কোনো বাতৰি পালে আমি সাহাৰ্য্যৰ বাবে যোগাযোগ কৰিবলৈ বদ্ধপৰিপক্কৰ।

শোভাসনাঃ শিশুসকলৰ মাজত বৰ্তমান বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা। ড্ৰাগছ আদিৰ দৰে মাৰাত্মক দ্ৰব্য গ্ৰহণ কৰা আদি কাকপথাৰ অঞ্চলতো দেখা গৈছে। এইক্ষেত্ৰত আপোনালোকে কি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?

আৰক্ষী বিষয়াঃ হয়, এনেধৰণৰ দ্ৰব্যৰ হোৱা ক্ষতি তথা অপৰাধ প্ৰৱণতা বঢ়াই তোলা কাৰ্য্যই বৰ্তমান সময়ত সকলোৰে বাবে চিন্তনীয় বিষয় হৈ পৰিছে। আমি এনে কাৰ্য্য ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। কোনোধৰণৰ অভিযোগ লাভ কৰাৰ লগে লগেই আমি এনেলোকক আটক কৰিছোঁ আৰু নিজাববীয়াকৈ এনে কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ সদায় চেষ্টা চলাই আছো।

শোভাসনাঃ হয়, আপুনি ব্যস্ততাৰ মাজতো এইখিনি কথা আমাক জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আৰক্ষী বিষয়াঃ তোমালৈয়ো অশেষ ধন্যবাদ থাকিল।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক