আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱস
আৰক্ষী বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সদস্যৰ লগত মুখামুখি অনুষ্ঠান

২৬ জুন তাৰিখৰ আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ জুন, ২০২১ তাৰিখে ধেমাজিৰ যুৱ সাংবাদিক সকলে গুগ’ল মীটৰ জৰিয়তে সংশ্লীষ্ট বিষয়ৰ লগত জড়িত ধেমাজি জিলা প্ৰশাসনৰ দুগৰাকী বিশেষ ব্যক্তি ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰস্মিৰেখা শৰ্মা আৰু ধেমাজি জিলা শিশু কল্যাণ সমিতিৰ অন্যতম সদস্যা কুঞ্জলতা বৰাৰ লগত এক মুখামুকী অনুষ্ঠানৰ আয়োজন কৰে। সন্ধ্যা ৫ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটিত প্ৰথমেই আদৰণি বক্তব্যৰে অনুষ্ঠানৰ আঁত ধৰে জোনাকী মইনা পাৰিজাতৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে। ২০ জনৰো অধিক যুৱসাংবাদিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অতিথিদ্বয়ৰ প্ৰতি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ক্ৰমে হৰ্ষিতা দত্ত, ভাৰতী দত্ত, অনুসূয়া বৰুৱা, বিতুপন হাজৰিকা, অনন্যা কাশ্যপ, নিমিক্ষা প্ৰিয়ম, শ্ৰুতি বৰগোঁহাই, অবিনাশ দত্ত, ইৰাণী দত্ত, অয়ন অনয় চুতীয়া আৰু দেৱপ্ৰতিম ভূঞাই। ড্ৰাগছ আসক্তিৰ কাৰণ সমূহ কি কি? ধেমাজিত ড্ৰাগছৰ পয়োভৰ কেনে? ইয়াৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? অবৈধ মানৱ সৰবৰাহ মানে কি? ড্ৰাগছ আৰু অবৈধ শিশু সৰবৰাহৰ মাজত কিবা সম্পৰ্ক আছে নেকি? ইত্যাদি প্ৰশ্ন সমূহৰ সঠিক উত্তৰৰ লগতে অতিথি দুগৰাকীয়ে এনে ক্ষেত্ৰত নিজৰ শিশু সন্তান সমূহক সুৰক্ষা দিবৰ বাবে অভিভাৱক সকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমাজৰ আন আন ব্যক্তিৰ দায়িত্ব কি হোৱা উচিত সুন্দৰ ভাৱে বৰ্ণনা কৰে। এই সম্পৰ্কত কেনেধৰণৰ আইন কানুন আছে ইয়াকো বুজাই দিয়ে। শেষত যুৱ-সাংবাদিক হৰ্ষিতা দত্তই দুয়োগৰাকী অতিথিলৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক