কৰোনা ভাইৰাছ সম্পৰ্কে জনসাধাৰণৰ সজাগতা

 বৰ্তমান বিশ্বত সমগ্ৰ বিশ্বৰ বহু শতাধিক দেশেই ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰি আছে। এই ভাইৰাছৰ আতংকত আতংকিত হৈছে কোটি কোটি জনতা। কৰোনা ভাইৰাছৰ দৰে ৰোগৰ এই জটিল সময়ত প্ৰতিগৰাকী লোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। চৰকাৰে জনসাধাৰণক এই বিপদৰ পৰা মুক্ত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে প্ৰতিগৰাকী লোকে চৰকাৰক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে ব্যক্তিগত ভাবেও এই ভাইৰাছৰ যাতে সংক্ৰমণ নহয় তাৰ প্ৰতি চকু দিব লাগিব। কেৱল মাস্ক পিন্ধি বা চেনিটাইজাৰ ব্যৱহাৰ কৰিয়ে কৰোনা ভাইৰাছৰ পৰা মুক্ত হ’ব নোৱাৰি। তাৰ সমান্তৰালকৈ প্ৰতিজন লোকে যাতে কোনো কাৰণতে কৰোনাৰ অৱস্থিতি থকা স্থানলৈ নাযায় সেই কথাও গুৰুত্ব দিব লাগিব। যদিহে কৰোনা ভাইৰাছৰ কোনো লক্ষণ, যেনে- হাঁচি মৰা, জ্বৰ, কাহ, পানীলগা ইত্যাদি হয়, তেনেহ’লে ঘৰৰ পৰা ওলাই নোযোৱাটোৱে ভাল। লগতে পৰিয়ালৰ লোকসকলৰ পৰা দূৰত্ব বজাই ৰখাটো অতিকৈ প্ৰয়োজনায়। সন্দেহযুক্ত কোনো লোকে এনে ৰোগৰ লক্ষণ সমূহ লুকুৱাব বিচাৰিলে, তেনে ব্যক্তিৰ খবৰ প্ৰশাসনক দিয়া উচিত। অসমৰ সকলোবোৰ মেডিকেল কলেজ আৰু জিলা হস্পাতালত এই ৰোগত আক্ৰান্ত ৰোগীক ৰাখিবলৈ বিশেষভাৱে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে। গতিকে এনে সময়ত চৰকাৰ প্ৰশাসনে কি কৰিছে, তাৰ সমালোচনা কৰিয়ে কেৱল আমি নিজকে সুৰক্ষিত কৰিব নোৱাৰো। নিজাববীয়াকৈ আমি কি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়াৰহে প্ৰয়োজন। আমি পৰস্পৰে সমালোচনাত ব্যস্ত থাকিলে আমাক নিঃশেষ কৰাৰ বাবে এই ভাইৰাছে বেছিকৈহে সুযোগ পাব। গতিকে কৰোনা ভাইৰাছক লৈ প্ৰচাৰ তৰা উৰাবাতৰি সমূহ মানি নলৈ শিক্ষিত লোকসকলে জনসমাগম নোহোৱাকৈ সামাজিক দূৰত্ব বজাই ৰাখি পৰিয়াল তথা ওচৰ চুবুৰীয়া লোকসকলৰ মাজত ক’ৰোনা ভাইৰাছৰ সজাগতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক