ধেমাজিত নাই ১০৯৮ সেৱা,
জিলা শিশু সুৰক্ষা বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সৈতে সাক্ষাৎকাৰ।
যোৱা ২২ জুলাই, ২০২১ তাৰিখে ধেমাজি জিলাৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথ, পৰাগজ্যোতি দত্ত আৰু হিমগিৰি দত্তই ধেমাজি জিলাৰ শিশু সুৰক্ষা বিষয়া এলেক্স দলে আৰু শিশু কল্যাণ সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াৰ সাক্ষাৎ গ্ৰহণ কৰি জিলাখনত শিশু সুৰক্ষা বিষয়ত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয়। প্ৰথমেই যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে শিশু সুৰক্ষা বিষয়া এলেক্স দলেক ক’ভিদ পৰিস্থিতিত শিশু সকলক লৈ সৃষ্টি হোৱা সমস্যাৰ বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰে। বিষয়া গৰাকীয়ে নিজৰ মতামত দাঙি ধৰি উল্লেখ কৰে যে ক’ভিদ পৰিস্থিতিৰ সময়ত পূৰ্বৰ তুলনাত শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় ঘটনা অধিক দেখিবলৈ পোৱা গৈছে। শিশু সুৰক্ষা কাৰ্যালয়ত এই বছৰত ২০টাৰো অধিক এনে কেছ পঞ্জীভূক্ত হৈছে আৰু ইয়াৰ ভিতৰত কেৱল কভিদ পৰিস্থিতিৰ সময়তে ৮ টা গোচৰ পঞ্জীভূক্ত হৈছে। সেয়েহে বৰ্তমান সময়ত হব পৰা সাম্ভাব্য বিপদৰ পৰা শিশু সকলক ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা শিশু সকলক উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেখেতে উল্লেখ কৰে। তেখেতে কয় যে বৰ্তমান বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ সংখ্যা বেছিকৈ পৰিলক্ষিত হৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত যিমান সংখ্যাক গোচৰ পঞ্জীভূক্ত হয় তাৰ বহুগুনে বেছি বাল্যবিবাহ পঞ্জীভূক্ত নোহোৱাকৈ থাকে আৰু তেনেকৈ গোপনে বিবাহ সম্পন্ন হয়। তদুপৰি গোপনে ধেমাজি জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা অৰুনাচললৈ হৈ থকা শিশু সৰবৰাহৰ ঘটনাও তেখেতে উল্লেখ কৰে। বিষয়া গৰাকীয়ে অতি আক্ষেপেৰে জানিবলৈ দিয়ে যে ধেমাজিত চাইল্ড লাইন অৰ্থাৎ ১০৯৮ সেৱা নথকাৰ বাবে যঠেষ্ট অসুবিধাৰ সম্মুখীন হব লগা হৈছে। ইয়াৰ পাছতে যুৱ সাংবাদিক পৰাগজ্যোতি দত্তই গ্ৰহণ কৰা সাক্ষ্যাৎকাৰত শিশু কল্যান সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াই কয় যে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত সমাজখনেও পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব অন্যথা কেৱল শিশু কল্যাণ সমিতিয়ে সমস্যাৰ সমাধান কৰাটো সম্ভৱপৰ নহয়। তেখেতেও ধেমাজিত চাইল্ড লাইন নোহোৱাৰ বাবে সম্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে আৰু বৰ্তমানেও ই হৈ নুঠাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। শেষত তেখেতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু যুৱ সাংবাদিক সকলক শিশু সুৰক্ষা সম্পৰ্কত সজাগ হ’বলৈ আহ্বান জনাই।