ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ সৈতে আলোচনা

বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ সময়তো আধুনিক সভ্য সমাজখনত বাল্য বিবাহ শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতন আদি শিশু অপৰাধৰ ঘটনা সঘনাই ঘটি থাকে। এইবোৰৰ প্ৰতিৰোধত চৰকাৰ অথবা প্ৰশাসন কৃতকাৰ্য হ'ব পৰা নাই। আজি মই এই বিষয়ে আলোচনা কৰিম মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ লগত।

প্ৰশ্নঃ- মহাশয়! মই যুৱ সাংবাদিক উপাসনা দত্ত, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এলেকাত বিগত সময়ত শিশু অপৰাধজনিত কিমান গোচৰ ৰুজো হৈছে?

উত্তৰ:- হয় মাজে সময়ে আমাৰ থানত শিশু অপৰাধজনিত গোচৰ ৰুজো হয়। বিগত সময়ত ২০২০ বৰ্ষত সাতটা আৰু ২০২১ বৰ্ষত বৰ্তমানলৈকে ছয়টা গোচৰ ৰুজো হৈছে।

প্ৰশ্নঃ- মহাশয়! এই ৰুজো হোৱা গোচৰ সমুহ কেনে ধৰণৰ?

উত্তৰ:- সাধাৰণতে আমাৰ থানত ৰুজো হোৱা অধিকাংশ গোচৰেই বাল্য বিবাহ সম্পৰ্কীয়। কিয়নো আমাৰ থানা খনি জনজাতীয় এলেকাত অৱস্থিত। একাংশ জনজাতীয় লোক বাল্য বিবাহ সম্পৰ্কত সচেতন নহয়। তেওঁ লোকৰ মাজত ছোৱালী পলুৱাই নিয়া প্ৰথা এতিয়াও প্ৰচলন আছে। এইটোও বাল্য বিবাহৰ অন্যতম কাৰণ।

প্ৰশ্নঃ- মহাশয়! মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় গোচৰ ৰুজো হয়নে?

উত্তৰ:- সাধাৰণতে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা নাই বুলিব পাৰি। যিহেতু মাজুলীত উদ্যোগ কল-কাৰখানা নাই সেয়ে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা কম।

প্ৰশ্নঃ- মহাশয়! শিশু নিৰ্যাতন ৰোধ কৰিব বেলিকা আপোনাকে কি কি ব্যবস্থা গ্ৰহণ কৰিছে?

উত্তৰ:- শিশু নিৰ্যাতন ৰোধ কৰিব বেলিকা সময়ে সময়ে ৰাইজৰ মাজলৈ গৈ সজাগতা সভা অনুস্থিত কৰি শিশু অধিকাৰ শিশু সুৰক্ষা বিষয়ে অৱগত কৰাৰ লগতে আইনী ব্যৱস্থাবোৰ জনতাক বুজাই সজাগতামূলক কাৰ্য্যসূচী পালন কৰা হয়।

প্ৰশ্নঃ- মহাশয়! শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত এইখিনি মূহুৰ্তত সাধাৰণ জনগণৰ প্ৰতি কি আহ্বান থাকিব?

উত্তৰ:- এইখিনি মূহুৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আহ্বান জনাম যে, শিশু নিৰ্যাতন অথবা শিশু অপৰাধজনিত বিষয়েই হওক অথবা শিশুৰ সুৰক্ষাই হওক, এয়া সমাজৰ বাবে অতি তাৎপৰ্য্যপূৰ্ণ বিষয়। এই সমস্যা সমাজৰ পৰা নিৰ্মূলকৰণৰ বাবে কেৱল আৰক্ষী প্ৰশাসন অথবা সাধাৰণ প্ৰশাসনেই নহয়, সাধাৰণ জনগণৰ পূৰ্ণ সহযোগিতা অপৰিহাৰ্য। এই ক্ষেত্ৰত UNICEF ৰ দৰে বিশ্বৰ আগশাৰীৰ শিশু কল্যাণ সংগঠনৰ ভূমিকা অতি প্ৰশংসনীয়।

ধন্যবাদ মহাশয়, আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আপোনাৰ গুৰুত্বপূৰ্ণ কথাখি‌নিয়ে নৱপ্ৰজম্মক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক