দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি

আজি আমাৰ সমাজখন উন্নতিৰ শিখৰত প্ৰায় দপদপাই উৰিবলৈ লোৱা আমিবোৰে দেখি আছো। কিন্তু এই উন্নতিৰ ঠাইখনত এতিয়াও নান সমস্যাৰে সমাজখন জৰ্জৰিত। এই সমস্যাবোৰৰ ভিতৰত এটা সমস্যা আছে, যাক আমাৰ সমাজে আওকান কৰি আহিছে। সেয়া হৈছে শিশু শ্ৰমিকৰ সমস্যা। ভাৰতবৰ্ষৰ প্ৰতিটো কোণতে শিশু শ্ৰম এটা জটিল সমস্যা হৈ পৰিছে। ই ভৱিষ্যতে কেনেকুৱা এটা ৰূপ ল’ব পাৰে তাৰ হয়তো স্পষ্ট ভাষাৰে ব্যক্ত কৰিব পৰা নাযাব। গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এখন দেশ য’ত শিশু শ্ৰমিকৰ হাৰ সকলোতকৈ বেছি, প্ৰায় ৬৫ ৰ পৰা ১১৭ বিলিয়ন আনুমানিক।

ইয়াৰ প্ৰধানতম কাৰণ কি? সমাজে এই সমস্যাটো কিয় আওকান কৰি চলি আছে অথবা চৰকাৰে ল’ব লগীয়া দায়িত্ববোৰ ক’ত? ইয়াক নিৰাময় কৰাৰ উপায় কি? এই প্ৰশ্নবোৰ জানো আজিকালি সমাজসেৱা কৰা সংস্থাবোৰৰ মনলৈ, সমাজৰ দায়ত্বশীল লোকসকলৰ মনলৈ অথবা চৰকাৰৰ মনলৈ আহে?

আমাৰ দেশত দুখীয়া শ্ৰেণীৰ সংখ্যা বেছি আৰু শিশু শ্ৰমিক সকলৰ বেছিভাগেই দুখীয়া শ্ৰেণীৰ পৰা অহা। বেছিভাগ দৰিদ্ৰ পৰিয়ালৰ বাবে পেটৰ ভোক নিবাৰণৰ বাবে নিজৰ ল’ৰা-ছোৱালীক শ্ৰমিক শ্ৰেণীটোলৈ ঠেলি দিয়া দেখা যায়। এই দৰিদ্ৰ পৰিয়ালসমূহৰ মতে, পঢি-শুনি একো লাভ নাই। শ্ৰম কৰি, উপাৰ্জন কৰি, পেটৰ ভোক আৰু ঘৰখন চলাবলৈ কাম কৰিবই লাগিব। এনেদৰেই বাধ্য হৈ কিছুসংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানক শ্ৰমিকৰ ৰূপত সজাব লগীয়া হয়। আমি যদি নিজৰ ওচৰে পাজৰে মন কৰোঁ, চাহৰ দোকানত, হোটেলত, গাড়ীৰ হেণ্ডিমেন স্বৰূপ, কোনোবা কনষ্ট্ৰাকচনৰ কামত। কাৰোবাৰ ঘৰত লগুৱা নহ’লে বাটে পথে প্লাষ্টিক জাতীয় পদাৰ্থ আদি বিচাৰি ফুৰা ফুলকুমলীয়া ল’ৰা-ছোৱালী প্ৰায় দেখিবলৈ পাওঁ। প্ৰত্যেকেই যেনিবা পেটৰ ভোকৰ তাড়নাত নহ’লে ঘৰৰ বোজা কান্ধত লৈ ৰূপ দিছে নিজকে একো একোটা শ্ৰমিক বুলি। এই শিশুসকলৰ ভৱিষ্যতৰ কথা আমি সকলোৱে ভবাটো নিত্তান্তই প্ৰয়োজনীয়। বহুতো দৰিদ্ৰ পিতৃ-মাতৃয়ে অলপ টকাৰ বিনিময়ত নিজৰ ল’ৰা-ছোৱালীক দালালৰ হাতত সপি দিয়াও পৰিলক্ষিত হয়। নিৰক্ষৰতা আৰু ভোকৰ তাড়নাত আচলতে তেওঁলোকে বিবেকহীনতাত ভোগে। গতিকে কিমান এটা লজ্জাজনক অৱস্থাত আছে আমাৰ দেশৰ পৰিস্থিতি। উঠি অহা শিক্ষিত প্ৰজন্ম আৰু চৰকাৰলৈ অনুৰোধ, যাতে আগন্তুক দিনবোৰত আমাৰ শিক্ষা ব্যৱস্থা, দূৰ্ভিক্ষ আৰু জনসংখ্যাৰ ওপৰত অতি শীঘ্ৰে উন্নত ব্যৱস্থা গ্ৰহণ কৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক