ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সমস্যা

আমাৰ দেশ ভাৰতবৰ্ষ এখন শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া দেশ তথাপি শিশু শ্রমিকৰ সমস্যাই দেশৰ বাবে এটা প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। 'শিশুৰ অধিকাৰ' আইন মতে জন্মৰ পৰা ১৮ বছৰৰ শিশুক শ্ৰমিক হিচাপে কামত নিয়োজিত কৰিব নোৱাৰে। তথাপিও দেশৰ কিছু লোকে এই আইন নামানে আৰু কম মজুৰিতে শিশুক কাম কৰিবলৈ লগায়। এই সমস্যা ৰোধ কৰিবৰ বাবে বহুতো পদক্ষেপ হাতত লোৱা হৈছে যদিও বহুতো এনে শিশু আছে, যিসকলে আজি তেওঁলোকৰ জন্মগত অধিকাৰ অৰ্থাৎ 'শিক্ষাৰ অধিকাৰ'ৰ পৰা বঞ্চিত হব লগত পৰিছে। দেশৰ লগতে আজিও অসমত বিভিন্ন প্ৰান্তত শিশু শ্রমিকে কাম কৰা দেখা যায়। সেয়ে, শিৱসাগৰৰ অন্তৰ্গত গৌৰীসাগৰত শিশু শ্ৰমিক আছে নে নাই সেই কথা সঠিক কৈ জানিবলৈ চেষ্টা কৰা হৈছে।

এই উদ্দেশ্যে শিৱসাগৰ জিলাৰ উত্তৰণ মইনা পাৰিজাতৰ চেমনীয়া তথা 'মুক্তা আকাশ' বাতৰি কাকতৰ যুৱ সাংবাদিক যশশ্ৰী শইকীয়ায়ে ' গৌৰীসাগৰ আৰক্ষী খানা'ৰ OC শ্ৰী যুত বেদান্ত বিকাশ বৰুৱাৰ লগত 'শিশু শ্রমিক' বিষয়টোৰ ওপৰত সাক্ষাৎকাৰ গ্ৰহণ কৰে।

প্ৰশ্নঃ আমাৰ গৌৰীসাগৰৰ ভিতৰত শিশু শ্রমিক আছেনে? যদি আছে কিমান আছে?

উত্তৰঃ শিশু শ্রমিকৰ ৰেকৰ্ডটো আমাৰ হাতত সঠিকভাৱে নাই। "শিশু কল্যাণ' বা 'শিশু বিভাগ'ৰ হাতত হে প্ৰকৃত তথ্য পোৱা যায়।

প্ৰশ্নঃ শিশু শ্রমিক ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ আইন আছে আৰু ইয়াৰ জৰিয়তে কেনেকৈ ৰোধ কৰিব পাৰি? অলপ অৱগত কৰিব।

উত্তৰঃ শিশু শ্ৰমিক ৰোধ কৰিবলৈ এখন বিশেষ আইন আছে। যেতিয়া আমি গম পাওঁ কাৰোবাৰ ঘৰত শিশু এজন শ্ৰমিক বা বন কৰা ল'ৰা হিচাপে কাম কৰাইছে আৰু আমাক খবৰ দিলে, তেতিয়া আমি শিৱসাগৰ আৰক্ষীক জনাওঁ আৰু যৌথভাবে আমি কাম কৰা ঠাইখনৰ পৰা শিশুটিক বছাবলৈ চেষ্টা কৰোঁ।

প্ৰশ্নঃ এই শিশু শ্রমিক ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে ?

উত্তৰঃ যেতিয়া আমাক খবৰ দিয়া হয়, কাৰবাৰ ঘৰ বা অনুষ্ঠানত বা তেনেকুৱা ঠাইত শিশু শ্ৰমিক আছে, তেতিয়া আমি সেই ঘৰ বা অনুষ্ঠানৰ স্বতাধিকাৰৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰোঁ আৰু তেওঁলোকক আইন মতে দ্বণ্ড দিয়াৰ ব্যৱস্থা কৰোঁ।

প্ৰশ্নঃ মূলতঃ কি কি কাৰণৰ বাবে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে বুলি কব পাৰি ?

উত্তৰঃ শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে 'Financial' বা কেতিয়াবা গাওঁৰ এঘৰ মানুহৰ ৬-৭ টা ল'ৰা-ছোৱালী থকা দেখা যায়, ল'ৰা-ছোৱালী কেইটাক যিদৰে ডাঙৰ-দীঘল কৰিব লাগে তেনেদৰে কৰিব নোৱাৰিলে য'ত-ত'ত পঠিয়াই দিয়ে কাম কৰিবলৈ। ইয়াৰ লগত শিক্ষাগত কাৰণ আছে, যদি ল'ৰা-ছোৱালী অশিক্ষিত হয় তেতিয়াও কাম কৰিবলৈ পঠিয়াই দিয়ে, এনেবোৰে কাৰণ আছে।

ধন্যবাদ ডাঙৰীয়া। আমাক ইমানখিনি তথ্য দিয়াৰ বাবে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক