মাজুলীত মাতৃ দুগ্ধপান দিৱস উদযাপন

বিশ্ব স্তনপান সপ্তাহ সন্দৰ্ভে জানিবৰ কাৰণে মই আজি বুধবাৰে মাজুলী জিলাৰ আউনীআটীৰ উপস্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈছোহি। ইয়াত উপস্থিত আছে, এগৰাকী ANM, আশাকৰ্মী আৰু প্ৰসূতি মাতৃ সকল। মাতৃ দুগ্ধপান দিৱসটো কিদৰে উদযাপন কৰিছে তাৰ ওপৰত জানিবলৈ ANM, তৰুণী শইকীয়া বাইদেউক প্ৰশ্ন কৰিলো, তেখেতে জনালে যে, সমগ্ৰ বিশ্বৰ লগতে মাজুলীতো মাতৃ দুগ্ধপান দিৱস ১ আগষ্টৰ পৰা পালন কৰি অহা হৈছে আৰু ৭ আগষ্টলৈকে অব্যাহত থাকিব। এই উপলক্ষে মাজুলীত স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী সকলে গাঁৱে গাঁৱে গৈ মহিলা সকলৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস চলাইছে। আৰু জনাই যে এটি শিশুৰ বাবে মাতৃৰ দুগ্ধয়েই প্ৰধান অন্ন। এটি শিশুক ছমাহলৈকে মাতৃৰ দুগ্ধৰ বাহিৰে অন্য কোনো অন্ন খোৱাব নালাগে। এইক্ষেত্ৰত সকলোৱে শিশুক প্ৰথম অৱস্থাত মাতৃদুগ্ধ সেৱন কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে।

তাতে উপস্থিত থকা এগৰাকী আশাকৰ্মী, মিনালিনী ভূঞবাইদেউক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত জানিবলৈ প্ৰশ্ন কৰাত, তেখেতে আমাক মাতৃদুগ্ধৰ উপকাৰিতাৰ সম্পৰ্কত সুন্দৰভাবে ব্যক্ত কৰিলে। তেখেতে জনায় যে, নৱজাতক শিশুৰ বাবে মাতৃৰ দুগ্ধ অতি গুৰুত্বপূৰ্ণ। শিশু এটি জন্ম হোৱা আধাঘণ্টাৰ ভিতৰতে মাতৃৰ দুগ্ধ খোৱালে, সেই দুগ্ধ শিশুটিৰ বাবে প্ৰতিষেধক হিচাপে কাম কৰে। মাতৃদুগ্ধই শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই, দাঁতৰ গঠন মজবুত তথা সুন্দৰ কৰে। আৰু জনাই যে শিশুৰ লগতে মাতৃ গৰাকীও বহু উপকৃত হয়। ইয়াৰোপৰি উপস্বাস্থ্যকেন্দ্ৰত উপস্থিত থকা প্ৰসূতি মাতৃ সকলে জনাই যে, তেওঁলোকে স্বাস্থ্যবিভাগৰ পৰা সম্পূৰ্ণ সুৰক্ষা আৰু সুবিধা লাভ কৰিছে। এইক্ষেত্ৰত, ANM বাইদেউ, আশাকৰ্মী তথা প্ৰসূতি মাতৃ সকলৰ পৰা মাজুলীত মাতৃ দুগ্ধপান দিৱস উদযাপনৰ ওপৰত বিতংভাবে জানিব পাৰিলো। যিহেতু বিশ্ব স্তনপান সপ্তাহৰ জৰিয়তে সকলো মাতৃকে সজাগ হোৱাৰ প্ৰয়াস কৰাইছে, সেয়ে আমি অনুৰোধ জনাম যে, সকলো মাতৃ সজাগ হৈ, সচেতন হৈ শিশুটিক সুন্দৰ আৰু স্বাস্থ্যৱান কৰি তুলে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক