ক’ভিড-১৯ ৰ ধনাত্মক দিশসমূহ

 পৃথিৱীত থকা স্থাৱৰ-অস্থাৱৰ সকলো বস্তুৱেই ধনাত্মক আৰু ঋণাত্মক দুয়োটা গুণ সন্নিৱিষ্ট হৈ থাকে। ঠিক তেনেদৰেই বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰো ঋণাত্মক গুণ সমূহৰ লগতে বহুতো ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। প্ৰযুক্তিবিদ্যাৰ দিশত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা বহুতো নামী-দামী বৈজ্ঞানিক, নামী-দামী দেশ এই ক’ভিড-১৯ ৰ প্ৰতিষেধক সৃষ্টি কৰাৰ ক্ষেত্ৰত বিফল হৈৱা প্ৰতিফলিত হৈছে। কৃত্ৰিমভাৱে চন্দ্ৰ, সূৰ্য্য বনাবলৈ সক্ষম হোৱা দেশ সমূহেও ক’ভিড-১৯ ৰ আগত মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত গৃহবন্দী হোৱাৰ বাহিৰে নিজকে জীৱশ্ৰেষ্ঠ আখ্যা দিয়া মানুহৰ হাতত আন কোনো উপায়েই নাই। এক কথাত ক’বলৈ গ’লে নিজকে শ্ৰেষ্ঠ সজাবলৈ গৈ ডাঙৰতকৈ ডাঙৰ ঘৃণনীয় অপৰাধ সমূহ কৰা মানৱ কুলৰ তাণ্ডৱনৃত্যৰ পৰা কিছু জিৰণি লবৰ বাবে পৃথিৱী তথা প্ৰকৃতিয়ে এনে কালমূৰ্তি ধাৰণ কৰিছে। আজি কেওফালে নিমাত-নিতাল! নাই দুৰ্ঘটনা, নাই নাৰীৰ ওপৰত নিৰ্যাতনৰ কৰুণ দৃশ্য। মানুহৰ ন্যায়ৰ বাবে যিদৰে আদালতৰ ব্যৱস্থা কৰি লৈছে, ঠিক সেইদৰে প্ৰকৃতিয়ে নিজৰ আদালতত বিচাৰ কৰি নিজৰ ন্যায় কাঢ়ি লৈছে।

 এতিয়া আহোঁ মূল বিষয়ৰ মাজলৈ! ক’ভিড-১৯ ফলত আমাৰ যথেষ্ট সমস্যা হৈছে সেইটো ঠিক, কিন্তু ইয়াৰ যথেষ্টখিনি ধনাত্মক দিশো দেখিবলৈ পোৱা গৈছে। সদাব্যস্ত মানৱকুল স্বাৰ্থৰ লোভত পৃথিৱী তথা প্ৰকৃতি সংৰক্ষণৰ কথা সম্পূৰ্ণৰূপে পাহৰি গৈছিল। উদাহৰণস্বৰূপে, টকাৰ বল দেখুৱাই ইখনৰ পিছত সিখনকৈ গাড়ী কিনি বায়ু প্ৰদূষণৰ পৰিমাণ দিনক দিনে যথেষ্ট পৰিমাণে বৃদ্ধি কৰি গৈ আছে। কিন্তু বৰ্ত্তমান সমগ্ৰ পৃথিৱীতে লকডাউন। ৰাজপথ সমূহ সম্পূৰ্ণ খালী। যাৰ ফলস্বৰূপে প্ৰদূষণ হ্ৰাস হৈছে আৰু প্ৰমাণ বিজ্ঞানীসকলে কোৱা মতে অ’জন স্তৰত পোৱা গৈছে। অ’জন স্তৰত যি সৰু সৰু ফুটাৰ সৃষ্টি হৈছিল, সেইসমূহ বৰ্ত্তমান নাইকিয়া হৈছে বুলি বিজ্ঞানীসকলে জানিব দিছে। তাৰোপৰি, মানুহৰ মাজত প্ৰায় লুপ্তপ্ৰায় অৱস্থাত থকা মানৱীয়তা গুণখিনি এই সময়ত কিছু পৰিমাণ হ’লেও স্বতস্ফুৰ্ত হৈ উঠিছে। ধনী ব্যক্তি সকলে খাদ্য সামগ্ৰী নষ্ট কৰিবলৈ অলপো কুন্ঠাবোধ নকৰিছিল। কিন্তু বৰ্ত্তমান ? বৰ্ত্তমান পৰিস্থিতি তাৰ সম্পূৰ্ণ বিপৰীত। এতিয়া সকলোৱে নিয়াৰিকৈ চলিবলৈ শিকিছে। কেনেকৈ খাদ্য সামগ্ৰী বচাব লাগে, নষ্ট কৰিব নালাগে তেনেধৰণৰ বহুতো শিক্ষা স্বয়ংক্ৰিয়ভাবে গ্ৰহণ কৰিছে। তাৰোপৰি সময়ৰ লগতে খোজ মিলাবলৈ গৈ বাহিৰা খাদ্য, যেনে- চাউমিন, ফ্ৰইড ৰাইচ, ম’ম ইত্যাদি সেৱন কৰি থলোৱা খাদ্য, যেনে- কচু, ধেকীয়া, বন শাক ইত্যাদিক হেয় কৰি নিজকে আধুনিক সজাব যোৱা সকলেও সেই বস্তুবোৰৰ গুৰুত্ব বুজি উঠিছে।

 অৱশেষত পৃথিৱীৰ অতি সোনকালে পুনৰ আগৰ অৱস্থালৈ ঘূৰি অহাৰ লগতে এক সুস্থিৰ পৰিৱেশ গঢ় লৈ উঠিব বুলি আশা ৰাখিলো।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক