শিশুৰ পুষ্টিহীনতা

শিশুসকলৰ পৰিপুষ্টি বাবে স্বাস্থ্য কৰ্মী সকলে কিদৰে দিহা পৰামৰ্শ আগবঢ়াই আৰু শিশুসকলে কি কি খাব লাগে, কি কৰিব লাগে তাকে জানিবলৈ আমি শিশু সকলক লগত লৈ এগৰাকী স্বাস্থ্য কৰ্মী ওচৰত সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ।

স্বাগতা:- বাইদেউ যিহেতু এতিয়া পোষণ মাহ চলি আছে। গতিকে বাইদেউ এগৰাকী শিশুৰ পৰিপুষ্টিৰ বাবে কেনেধৰণৰ অহাৰ খাব লাগে, আমাৰ শিশু সকলক বুজাই কওঁকচোন।

বাইদেউ:- এটি শিশুক জন্মৰ ছয় মাহৰলৈকে মাকৰ গাখীৰ, ছয় মাহৰ পাছত মাকৰ গাখীৰৰ লগতে পিঠাগুৰি, লুঠুৰী দাইলৰ পানী আদি খুৱাব লাগে। তাৰ উপৰিও এবছৰৰ পৰা ডাঙৰে খোৱা অহাৰ পৰা কম পৰিমাণে মাছ, মাংস, একোটাকৈ কণী খুৱাব লাগে। ইয়াৰ উপৰিও বাৰীতে হোৱা শাক মুছন্দৰি, মানিমুনি, মাটিকাদুৰি, ঢেকীয়া, কলমৌ আদিৰ লগতে বাৰীৰ ফল, কল, আমলখি, মধুৰীআম, অমিতা, ডালিম এই সকলো বোৰ কম পৰিমাণে খুৱাব লাগে। নহ'লে শিশু সকল পুষ্টিহীনতাত ভোগা দেখা যায়।

স্বাগতা:- বাইদেউ আপুনি যে ক’লে পুষ্টি হীনতা, পুষ্টি হীনতা মানে কি?

বাইদেউ:- যেতিয়া শিশুৰ বয়সৰ অনুপাতে ওজন নাবাঢ়ে, খাবলৈ মন নকৰে, খেলা-ধূলা কৰিবলৈ মন নকৰে, পঢ়িবলৈ মন নকৰে, এলেহুৱা যেন লাগে শুই থাকিবলৈ মন নকৰে তেতিয়া শিশুটো পুষ্টিহীনতাত ভোগা বুলি ধৰিব পাৰি।

স্বাগতা:- বাইদেউ এই পুষ্টিহীনতাৰ পৰা কেনেদৰে হাত সাৰিব পাৰি?

বাইদেউ:- পুষ্টিহীনতাৰ পৰা হাত সাৰিবলৈ শিশু সকলে সকলো ধৰণৰ খাদ্য খাব লাগে। খাদ্য খোৱাৰ উপৰিও ওচৰৰ স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক বোৰ সময় মতে ল'ব লাগে। তেতিয়াহে আমাৰ শিশু সকল নিৰোগী হৈ থাকিব পাৰে। লগতে প্ৰতি শিশুৱে এবছৰত নটা কৈ প্ৰতিষেধক ল’ব লাগে, ছয় মাহৰ মূৰে মূৰে পেলুৰ দৰৱ খুৱাব লাগে, ভিটামিন A বছৰেকত দুবাৰকৈ খুৱাব লাগে। আৰু ওচৰৰ অংগনবাদী কেন্দ্ৰত ওজনটো জুখিব লাগে বয়সৰ লগে লগে ওজনটো জোখত বাঢ়ি গ'লে শিশু সকল পুষ্টিহীনতাৰ পৰা হাত সাৰি থাকিব পাৰিব।

ধন্যবাদ বাইদেউ, শুনিলানে শিশু সকল, তোমালোকক বাইদেউৱে সকলো কথা বুজাই দিলে কেনেকৈ পুষ্টিহীনতাৰ পৰা হাত সাৰিব পাৰি। আমি আশাবাদী বাইদেউৰ এই পৰামৰ্শই সকলো শিশুকে উপকৃত কৰিব। আমি স্বাস্থ্য কৰ্মী কল্পনা শইকীয়া বাইদেউক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক