অনলাইন শিক্ষা সন্দৰ্ভত হোৱা এটি সাক্ষাৎকাৰ
অনলাইন শিক্ষা সন্দৰ্ভত বৰপেটা নগৰৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ বাবুল দাসৰ লগত হোৱা এটি সাক্ষাৎকাৰ মুক্ত আকাশলৈ প্ৰেৰণ কৰা হ’ল।
প্ৰশ্নঃ বৰ্তমান ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনলাইনযোগে যি শিক্ষা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে, সেই বিষয়ে আপোনাৰ মতামত কি ?
উত্তৰঃ বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে যি অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে, ই অতি গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ যি শিক্ষাগুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক এটা অতীজৰ দিনৰে পৰা পৰম্পৰাগতভাবে চলি আহিছে, সেই শিক্ষাৰ সমান হ’ব নোৱাৰে। কাৰণ শিক্ষা ল’বলৈ বা দিবলৈ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা চকুৰ সংযোগ থাকিব লাগে, যিটো অনলাইন শিক্ষাৰ জৰিয়তে সম্ভৱ নহয়। আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি শ্ৰদ্ধাৰো অভাৱ হয়। তথাপিও এই পৰিস্থিতি মানি ল’ব লগা হৈছে।
প্ৰশ্নঃ এই অলাইন শিক্ষা কিমান সুদূৰপ্ৰসাৰী হৈছে বুলি আপুনি ভাবে ?
উত্তৰঃ অনলাইন শিক্ষাই ল’ৰা ছোৱালীৰ মানসিক অৱস্থা উন্নত কৰিব পৰা নাই, গতিকে কিমান দূৰ সুদূৰপ্ৰসাৰী হ’ব সেইটো বিচাৰ্য্য বিষয়। বিদ্যালয়ৰ যি পৰিৱেশ সেইটো ঘৰত কেতিয়াও হ’ব নোৱাৰে। শিক্ষাৰ উদ্দেশ্য হৈছে এটা শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক দিশটোৰ উন্নতি সাধন কৰা, কিন্তু অনলাইন শিক্ষাত সামাজিক, মানসিক বা শাৰীৰিক দিশত উন্নতি সাধন হোৱা বুলি মই নাভাবো গতিকে সুদূৰপ্ৰসাৰী হোৱাটো সম্ভৱ নহয়।
প্ৰশ্নঃ অনলাইন শিক্ষাই ল’ৰা-ছোৱালীৰ মাজত কিবা ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি ?
উত্তৰঃ নিশ্চয়। ধনাত্মক প্ৰভাৱ বুলি ক’লে যিহেতু আগতেই কোৱা হৈছে যে ক’ভিড পৰিস্থিতিত আমাৰ ল’ৰা-ছোৱালী বাহিৰলৈ যাব নোৱাৰে, গোটেই বিশ্বব্যাপি মহামাৰীৰ ত্ৰাসৰ এনেকুৱা অৱস্থাত একমাত্ৰ এই অনলাইন ক্লাচৰ জৰিয়তেহে যোগাযোগ সম্ভৱ। গতিকে, সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ হোৱাৰ ফলত ল‘ৰা-ছোৱালীয়ে অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এইটো এটা নিশ্চয়কৈ ইতিবাচক বা ধনাত্মক দিশ।
অন্যহাতে নেতিবাচক দিশ নথকা নহয়। বহুক্ষেত্ৰত দেখা যায় অভিভাৱকৰ অজ্ঞাতে অনলাইন ক্লাচ কৰাৰ নামত মোবাইল ফোন বহুতো ছাত্ৰ-ছাত্ৰী অপব্যৱহাৰ কৰিছে। ক্লাচ কৰাৰ পিছতো মোবাইল ব্যৱহাৰ কৰি সময়ৰ অপব্যৱহাৰ কৰি জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰিছে। তেওঁলোক মোবাইল মুখী হৈছে আৰু সময়ত ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন ভাল-বেয়া দিশ তেওঁলোকে বিচাৰি লৈ বহুক্ষেত্ৰত বেয়া দিশৰ প্ৰতি ধাৱিত হোৱাৰ প্ৰবণতা দেখা গৈছে। এইক্ষেত্ৰত মই অভিভাৱক সকলক সজাগ হ’বলৈ আহ্বান জনাইছো আৰু দৰকাৰতকৈ অধিক সময় তেওঁলোকৰ হাতত মোবাইল নিদিবলৈ অনুৰোধ কৰিছোঁ।
প্ৰশ্নঃ আৰ্থিকভাৱে পিছপৰা এখন দেশ অসম, এনেকুৱা ক্ষেত্ৰত আমাৰ অনলাইন শিক্ষাই ল’ৰা-ছোৱালী সকলক সামৰি ল’ব পাৰিছেনে ?
উত্তৰঃ এইটো সম্ভৱপৰ নহয়। কিয়নো আমাৰ ইয়াত এনেকুৱা কিছুমান ঠাই আছে যে মোবাইলত কথা পাতিবলৈ ঘৰৰ পৰা ভালেমান দূৰত গৈ কথা পাতিব লাগে নেটৱৰ্ক নথকাৰ বাবে। ইয়াৰোপৰি এই অনলাইন শিক্ষাত এটা এণ্ড্ৰইড মোবাইলৰ প্ৰয়োজন হয়। হয়তো এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ ঘৰত মোবাইল নাই সামৰ্থ্য নথকাৰ বাবে। তাৰোপৰি ঘৰত দুটা বা তিনিটা ল’ৰা-ছোৱালী থাকিলে, একেটা সময়তে প্ৰত্যেকৰে বিভিন্ন ক্লাচ কিন্তু মোবাইল একেটাই হয়। গতিকে এইক্ষেত্ৰত অনলাইন শিক্ষা কিমানদূৰ ফলপ্ৰসূ হ’ব নিশ্চয় অনুভৱ কৰিব পাৰি। তথাপি আমি ইতিবাচক দিশটোও চাব লাগিব যাতে প্ৰত্যেকেই এই শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে আমি এটা শিকলি বনাব লাগিব যাতে এটা পৰিয়ালৰ লগতে আন এটা পৰিয়াল অন্তত লগ হৈ ল’ৰা-ছোৱালী কেইটাক সামূহিকভাৱে গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিয়ে।
প্ৰশ্নঃ অনলাইন আৰু অফলাইন শিক্ষাৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ শ্ৰেণীকোঠাৰ শিক্ষাত শিক্ষাৰ্থী সকলৰ সামাজিক বিকাশ হয়, আনহাতে অনলাইন শিক্ষাত সামাজিক বিকাশ সম্ভৱ নহয়। ‘School in a miniature society’ গতিকে এই শ্ৰেণীকোটাৰ শিক্ষা উপযুক্ত শিক্ষা। তথাপি পুনৰবাৰ কওঁ যে বৰ্তমান পৰিস্থিতি সাপেক্ষে যি অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে, আমি মানি ল’ব লাগিব।