অনলাইন শিক্ষাৰ উপকাৰীতা

বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে সমগ্ৰ ৰাজ্যতে অনলাইন যোগে পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে। আমি শিশু আৰু অভিভাৱক সকলক একেলগ কৰি তেওঁলোকৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰিছিলোঁ অনলাইন শিক্ষাৰ জৰিয়তে তেওঁলোক কিমান উপকৃত হৈছে।

স্বাগতা:- প্ৰথমেই আমি শিশু সকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছিলোঁ, অনলাইন ভাবে পাঠদান কৰি তেওঁলোকৰ কেনে অনুভৱ হৈছে।
শিশু:- শিশু সকলে আমাক জনাইছিল যে অনলাইন যোগে পাঠদান গ্ৰহণ কৰি তেওঁলোক খুবেই সন্তুষ্ট, কিয়নো এই ক’ভিড মহামাৰী সময়ত ঘৰতে থাকি সুৰক্ষিত হৈ পাঠদান গ্ৰহণ কৰাৰ লগতে চাৰ, বাইদেউ সকলক লগ পাইছে আৰু তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো লগ পাইছে গতিকে তেওঁলোক উপকৃত হৈছে। তাৰপিছত আমি অভিভাৱক সকলৰ পৰাও জানিবলৈ চেষ্টা কৰিছিলোঁ।

স্বাগতা:- তেওঁলোকৰ শিশু সকলক অনলাইন শিক্ষাৰ জৰিয়তে পাঠদান গ্ৰহণ কৰাই তেওঁলোক সন্তুষ্ট হৈছেনে?
অভিভাৱক:- তেতিয়াও আমাক অভিভাৱক সকলে জনাইছিল যে তেওঁলোক খুবেই সন্তুষ্ট কিয়নো এই মহামাৰিত নিজৰ সন্তানটিক কোনো অভিভাৱকে বিদ্যালয়লৈ পঠোৱাৰ পক্ষপাতি নহয় লগতে তেওঁলোকে শিক্ষাৰ পৰাও বঞ্চিত কৰি ৰাখিব খোজা নাছিল, সেয়েই অনলাইন মাধ্যমৰ জৰিয়তে শিশু সকলক পাঠদান দি চৰকাৰে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিছে, গতিকে অভিভাৱক সকল খুবেই সন্তুষ্ট বুলি আমাক জনাইছিলে।

হয় আমিও অনুভৱ কৰিছোঁ অনলাইন যোগে পাঠদান দিওঁতে ছাত্র-ছাত্ৰী সকল উপকৃত হৈছে কিয়নো বহুতো ছাত্ৰ-ছাত্ৰীৰ বিশেষ-বিশেষ প্ৰতিভা থাকে আৰু সেই প্ৰতিভা খিনি বিকাশ কৰোঁতে তেওঁলোকে বহুতো সমস্যাৰ সম্মুখীন হয় সেইয়া আৰ্থিক ভাবেই হব পাৰে বা যাতায়াতৰ অসুবিধাই হওক কিন্তু অনলাইন মাধ্যমেৰে কিছুমান অনুষ্ঠানত তেওঁলোকে তেওঁলোকৰ সুপ্ত প্ৰতিভা খিনি বিকাশ কৰাৰ সুবিধা পাইছে গতিকে আমিও অনুভৱ কৰিছোঁ যে অনলাইন শিক্ষাৰ জৰিয়তে ছাত্র-ছাত্ৰী সকল উপকৃত হৈছে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক